ETV Bharat / state

সমাগত স্বাধীনতা দিৱস: বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত বিশাল বাইক ৰেলী - INDEPENDENCE DAY 2024

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 7:24 AM IST

Bike rally by BJP Yuva morcha: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিলাসীপাৰা আৰু বকোত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত বিশাল বাইক ৰেলীৰ কাৰ্যসূচী ৷ শতাধিক লোকৰ অংশগ্ৰহণ ৷

Har Ghar Tiranga Bike Rally in dhubri and boko
বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী (ETV Bharat Assam)

পশ্চিম বিলাসীপাৰা, 12 আগষ্ট: সমাগত স্বাধীনতা দিৱস ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো আৰম্ভ হৈছে স্বাধীনতা দিৱস পালনৰ বাবে ব্যাপক প্ৰস্তুতি ৷ 78 সংখ্য়ক স্বাধীনতা দিৱস উপলক্ষে ধুবুৰী জিলাৰ বিলাসীপাৰাত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত উলিওৱা হয় বিশাল বাইক ৰেলী । চহৰখনৰ মহাকালেশ্বৰ মন্দিৰ প্ৰাংগণৰ পৰা উলিওৱা বাইক ৰেলী চহৰখনৰ মূলপথেৰে আগবাঢ়ি হাকামা, বেলতলী, ঘোষপাৰাৰে আহি মন্দিৰ প্ৰাংগণত সামৰণি পৰে ।

বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত ৰেলীটোত অংশগ্ৰহণকাৰীসকলে হাতে-হাতে ৰাষ্ট্ৰীয় পতাকালৈ ‘ভাৰত মাতা কি জয়,’ ‘বন্দে মাতৰম’ আদি বিভিন্ন দেশপ্ৰেমমূলক শ্লোগান দিয়ে । প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰা বাইক ৰেলীটোত অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ ড৹ অশোক কুমাৰ সিংহী, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়, বিলাসীপাৰা জিলা বিজেপিৰ সভাপতি দেৱজিৎ বৰকলিতা, প্ৰভাৰী মৃণাল ৰাজবংশীকে ধৰি কেইবাজনো শীৰ্ষস্থানীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

উক্ত কাৰ্যসূচীত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ে বাংলাদেশৰ শেহতীয়া সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিবলৈ দাবী জনায় ৷

বকো:

ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ উদ্যোগত আৰু বকো মণ্ডল যুৱ মৰ্চাৰ সহযোগত দেওবাৰে ত্ৰিৰংগা বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বকোৰ ৰাজহুৱা খেলপথাৰৰ পৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কেম্পলৈ বাইক সমদল উলিয়ায় । এই ত্ৰিৰংগা বাইক ৰেলী কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে । এই কাৰ্যসূচীত শতাধিক বিজেপি কৰ্মী, সমৰ্থকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: ৰ’ড শ্ব’ কৰি ভোট বিচাৰিলে বিজেপি যুৱ মৰ্চাই

অসমৰ নৱ-ভোটদাতাৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.