ETV Bharat / state

ধলাইত বিজেপিৰ আনন্দ-উল্লাস, আনন্দিত দিপ্লুৰঞ্জন শৰ্মাৰ মাতৃ - BYE ELECTION RESULTS

ধলাইৰ বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ বিজয়ী হোৱাৰ পাছত ফটকা ফুটাই ধলাইৰ লায়লাপুৰত সংখ্যালঘু ৰাইজৰ বিজয় উল্লাস । আনন্দিত দিপ্লুৰঞ্জন শৰ্মাৰ মাতৃ ।

BJP workers celebrate joy in different parts of the state over bypoll results
ধলাইত বিজেপিৰ আনন্দ-উল্লাস, আনন্দিত দিপ্লুৰঞ্জন শৰ্মাৰ মাতৃ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 1:50 PM IST

শিলচৰ/কলিয়াবৰ: ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ অভূতপূৰ্ব সাফল্যৰ পিছতে বিভিন্ন প্ৰান্তৰ বিজেপি কৰ্মকৰ্তাসমূহ আনন্দত আত্মহাৰা হৈ পৰিছে । একেই পৰিৱেশ দেখা গৈছে ধলাই সমষ্টিটো । ফলাফল অনুসৰি বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাস জয়ী হোৱা পিছতে ফটকা ফুটাই আনন্দ উল্লাস কৰে বিজেপি কৰ্মকৰ্তাসকলে ।

ইয়াৰোপৰি ‘‘ভাৰত মাতা কী জয়’’ ধ্বনি দি ৰাজপথলৈ ওলাই আহিল সংখ্যালঘূ ৰাইজ । মুঠ ৬৮৭৫৯ টা ভোটত বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসে ।

ধলাইত বিজেপিৰ আনন্দ-উল্লাস, আনন্দিত দিপ্লুৰঞ্জন শৰ্মাৰ মাতৃ (ETV Bharat Assam)

তথ্য অনুসৰি এইবাৰ ধলাইত ২০ শতাংশৰো অধিক সংখ্যালঘু মুছলমান ভোট লাভ কৰে বিজেপিয়ে । সেয়ে বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ জয়ৰ পাছত ফটকা ফুটাই ধলাইৰ লায়লাপুৰত আনন্দ উল্লাস কৰে বিজেপিৰ সংখ্যালঘু সমৰ্থকসকলে । তেওঁলোকৰ মতে, উন্নয়নৰ স্বাৰ্থত এইবাৰ ধলাইত সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিছে ।

ইফালে চামগুৰি বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ বিজয় । শৰ্মাৰ বাসভূমি কলিয়াবৰৰ জখলাবন্ধাতো বিজয়ৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বৰ পৰাই বিজেপি কৰ্মী-সমৰ্থকৰ মিঠা খুৱাই, ফটকা-আটচবাজী ফুটাই আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় । আনহাতে দিপ্লুৰঞ্জন শৰ্মাৰ মাতৃ জয়া শৰ্মায়েও পুত্ৰৰ এই বিজয়ৰ বাবে ভগৱানক ধন্যবাদ জনায় ।

আনন্দিত মাতৃয়ে চামগুৰিবাসীকো ধন্যবাদ জনাই কয়, "পুত্ৰৰ বিবাহ বাৰ্ষিকীৰ এই বিশেষ দিনটোত এনে সুখবৰে পৰিয়াল-পৰিজনকো আনন্দিত কৰিছে । অনাগত দিনত যাতে ৰাইজৰ হকে কাম কৰিব পাৰে তাকে কামনা কৰি অসমবাসীৰ আশীৰ্বাদ বিচাৰিছো ।"

উল্লেখযোগ্য যে, ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কঠিন প্ৰত্যাহ্বান নেওচি পুত্ৰক পৰাস্ত কৰে । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৭৮,৬২৮ টা ভোট । চামগুৰিৰ উপ-নিৰ্বাচনত অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ।

২২ হাজাৰ ৭৫৫ টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনক পৰাজিত কৰি চামগুৰিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা ।

লগতে পঢ়ক: উপ-নিৰ্বাচনৰ ফলাফল: বাজপেয়ী ভৱনৰ চোতাল-বতাহ গেৰুৱাময়

বঙাইগাঁৱত আনন্দৰ দীপ্তি চকুৱে-মুখে বিয়পিল দীপ্তিময়ীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.