ETV Bharat / state

বিটিআৰ নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে: মন্ত্ৰী জয়ন্তৰ স্পষ্ট কথা - BJP joining program

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 9:48 PM IST

Baksa BJP program: দেওবাৰে গণ সুৰক্ষা পাৰ্টী এৰি বিজেপিত যোগ দিলে বাক্সাৰ পাঁচ শতাধিক লোকে ৷ বিটিআৰত বৰ্তমান বিজেপিৰ স্থিতি সবল বুলি দৃঢ়তা প্ৰকাশ জয়ন্ত মল্লবৰুৱা আৰু ভৱেশ কলিতাৰ ৷

BJP joining program
বিটিআৰ নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে (ETV Bharat)

বাক্সা, ৮ ছেপ্টেম্বৰ: বাক্সা জিলাৰ দেৱচৰাত দেওবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ যোগদান কাৰ্যসূচী ৷ এই যোগদান কাৰ্যসূচীত দেৱচৰাৰ প্ৰায় পাঁচ শতাধিক গণ সুৰক্ষা পাৰ্টীৰ সদস্যই গেৰুৱা দলটোত যোগদান কৰে ৷ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু তামুলপুৰ জিলা বিজেপিৰ সহযোগত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ।

সভাত ভাষণ দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ৰাজনৈতিক স্বাৰ্থত বিজেপি দলে বিভিন্ন আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিলেও স্থানীয় নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰি আহিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপি দলে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰি দিয়াৰ কথা পুনৰ দোহাৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ তেওঁ কয় যে উন্নয়নৰ বাবে বিজেপিৰ বাহিৰে গত্যন্তৰ নাই ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী মল্লবৰুৱাই কয় যে বিজেপিৰ বৰ্তমান স্থিতি যথেষ্ট শক্তিশালী ৷ গতিকে বিজেপিয়ে অকলেই নিৰ্বাচন খেলিব পাৰে ৷ ৰাজ্যিক পৰ্যায়ত অগপ আৰু ইউপিপিএলৰ সৈতে মিত্ৰতা থাকিলেও পৰিষদীয় আৰু পঞ্চায়ত নিৰ্বাচন বিজেপিয়ে অকলেই খেলিব বুলি তেওঁ স্পষ্টকৈ কয় ৷

সাংবাদিকে গণ সুৰক্ষা পাৰ্টীৰ মুৰব্বী নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বিহাৰত নিৰ্বাচন খেলিছিল ৷ তেওঁ এতিয়া বিহাৰত থাকে, অসমৰ মানুহক পাহৰি গৈছে ৷ গণ সুৰক্ষা পাৰ্টীৰ প্ৰায় পাঁচ শতাধিক সদস্যই বিজেপিত যোগদান কৰা কাৰ্যই বিজেপিৰ শক্তিশালী স্থিতিকেই প্ৰতিপন্ন কৰে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷

ইফালে অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰক্ষীয়ে ৰাইজৰ হকে কাম কৰি আছে ৷ অনলাইন ট্ৰেডিঙৰ লগতে বেআইনী ব্যৱসায়ৰ সৈতে জড়িত সকলোকে আটক কৰা হ’ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে ৷

ইফালে সভাত উপস্থিত থকা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে বিটিআৰত বিজেপিৰ স্থিতি খুৱেই ভাল । এই যোগদানে দলটোক অধিক শক্তিশালী কৰিব ৷ সভাত অসমৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োও উপস্থিত থাকে ৷

লগতে পঢ়ক: অসম চৰকাৰৰ ৰাজপত্ৰিত বিষয়াৰ চাকৰি এৰি কংগ্ৰেছত যোগ দিয়া কোন এইগৰাকী মহিলা ? - Congress joining program

কংগ্ৰেছলৈ ঘূৰি অহাৰ কাৰণ ব্যাখ্যা ৰিপুণ বৰাৰ - Ripun Bora returns to Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.