গুৱাহাটী, ২০ এপ্ৰিল: শুকুৰবাৰে হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ ৫ খন আসনেই লাভ কৰিব বিজেপিয়ে । এই দাবী অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অগাধ বিশ্বাস ৰাখি এই দাবী মুখ্যমন্ত্ৰীগৰাকীৰ । শুকুৰবাৰে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাচত নিশালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পৰ্যায়ত বিজেপিয়ে কিমান আসন পাব তাক লৈ নিজা মতামত প্ৰকাশ কৰে সামাজিক মাধ্যমযোগে ।
ভোটদানৰ হাৰলৈ চাই মুখ্যমন্ত্ৰীজনে এই দাবী কৰা বুলি উল্লেখ কৰে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি সঁহাৰি জনায়েই বিজেপিৰ পক্ষত পাঁচোটা সমষ্টিৰ ফলাফল থাকিব বুলিও তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰে । তেওঁ কয়, “অসমত প্ৰথম পৰ্যায়ৰ ভোটদান অভূতপূৰ্ব আছিল । পাঁচোখন আসনেই এতিয়া মাননীয় শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে দৃঢ়ভাৱে আছে । বিজেপিৰ গতি আমি আশা কৰাতকৈ বহুত গুণে বেছি । দ্বিতীয় পৰ্যায়তো আমি আটাইকেইখনেই আসন জিকিম” ৷
![BJP to win 5 seats in upper Assam claims Himanta Biswa Sarma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-04-2024/21270552_photo_aspera.jpg)
মুখ্যমন্ত্ৰীৰ মতে আশা কৰাতকৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিয়ে বেছি ভোট লাভ কৰিছে । লগতে অহা ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণতো অসমত বিজেপিয়ে ৫ খন আসনৰ ভিতৰত ৫ খন আসনেই লাভ কৰিবলৈ সক্ষম হ’ব বুলি আত্মবিশ্বাসী মুখ্যমন্ত্ৰীগৰাকী । শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাচত শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত থাকিব বৰাক উপত্যকাত । বৰাকৰ শিলচৰ আৰু কৰিমগঞ্জত নিৰ্বাচনী সভাত ভাগ ল’ব তেওঁ ৷ লগতে ভাগ ল’ব দলীয় আন আন কাৰ্যসূচীতো ।
লগতে পঢ়ক: 5 লাখ ভোটৰ ব্যৱধানত জিকিব বিজুলী কলিতা মেধি : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024