ETV Bharat / state

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ইলু-ইলু চলি আছে : ভৱেশ কলিতা

Assam Bye Election 2024: উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় আৰু বিৰোধীৰ মাজত বাক যুদ্ধ আকৰ্ষণীয় হৈ পৰিছে । ভৱেশ কলিতাইও বিৰোধী ঐক্যক তীব্ৰ সমালোচনা কৰিছে ।

Assam Bye Election 2024
কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ইলু-ইলু চলি আছে: ভৱেশ কলিতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

নগাঁও : চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা পূৰ্বে বহুবাৰ ঘোষণা কৰা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে অৱশেষত সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে । সংখ্যালঘু ভোটাৰৰ ওপৰতে নিৰ্ভৰশীল এ আই ইউ ডি এফ দলে ৰকিবুল হুছেইনৰ পুত্ৰ তথা কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ বিজয়ৰ স্বাৰ্থতেই সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ কথাও ইতিমধ্যে দলটোৰ সভাপতি বদৰুদ্দিন আজমলে আওপকীয়াকৈ হ'লেও উল্লেখ কৰিছে ।

আজমলে তাঞ্জিল হুছেইনক ভতিজাৰ দৰে বুলি সম্বোধন কৰাৰ লগে লগে ৰাজনৈতিক মহলত বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে । বিজেপি নেতাসকলেও এই বিষয়টোক ৰাজনৈতিক আহিলা হিচাপে ল'বলৈ আৰম্ভ কৰিছে ।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ইলু-ইলু চলি আছে: ভৱেশ কলিতা (ETV Bharat)

কংগ্ৰেছ-এ আই ইউ ডি এফৰ সম্পৰ্ক

চামগুৰি সমষ্টিত এ আই ইউ ডি এফ দলে প্ৰাৰ্থী নিদিয়াক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কংগ্ৰেছ-এ আই ইউ ডি এফৰ সম্পৰ্ক সন্দৰ্ভত ভৱেশ কলিতাই কয়, " ছাছা-ভতিজা থাকিবই । কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ইলু ইলু চলি আছে ।"

কংগ্ৰেছ আৰু এ আই ইুউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলিও তেওঁ দাবী কৰে । ইফালে, বিহালী সমষ্টিত পৰাজয় নিশ্চিত বুলি উমান পায়েই এই পৰ্যন্ত কংগ্ৰেছে প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই বুলিও বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰে । বিহালীৰ লগতে ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিতেই উপ-নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰি ভৱেশ কলিতাই ।

কংগ্ৰেছক কটাক্ষ ভৱেশ কলিতাৰ

কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়, "কংগ্ৰেছৰ পৰিয়ালবাদটো সংস্কৃতি । গান্ধী পৰিয়াল আছিল আৰু এতিয়াও গান্ধী পৰিয়াল চলি আছে । অসমতো সেই পৰিয়ালবাদে চলি আছে ।"

ভৱেশ কলিতাৰ মতে, বিৰোধী মিত্ৰজোঁট অসম সন্মিলিত মৰ্চা কেৱল ক্ষমতাৰ বাবে আৰু ক্ষমতা লাগে শোষণৰ বাবে । অসমৰ বাবে এয়া অশুভ লক্ষণ । সেই কাৰণে তেওঁলোকৰ প্ৰাৰ্থীৰ মাজত খোৱা কামোৰা । চামগুৰি সমষ্টিত এতিয়া সংখালঘু ৰাইজে ৰকিবুল হুছেইনক খেদিবলৈ আৰম্ভ কৰা বুলিও উল্লেখ কৰি ভৱেশ কলিতাই কয়, "দাবী ধমকি আৰু আভুৱা ভৰা কথাৰে তেওঁলোকে ভোট লয় । ৰকিবুলে য'ত সাংসদ হৈছে তাতে ভালদৰে সাংসদ হৈ থাকক ।"

লগতে পঢ়ক :বিৰোধী ঐক্যৰ সদস্য নহয় তাঞ্জিল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.