ETV Bharat / state

গৌৰৱ গগৈক প্ৰশংসা কৰি ফেচবুকত পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ ! - Mrinal Saikia Controversial facebook post

Mrinal Saikia's 8 PM Facebook post : মঙলবাৰে ভোটগণনা পৰ্ব শেষ হোৱাৰ পাচতেই সন্ধিয়া এটা ফেচবুক পোষ্টে হাহাকাৰ লগাইছে ৰাজনৈতিক মহলত ৷ যোৰহাট সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ জয়লাভৰ পিচতেই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ফেচবুক পোষ্ট ৷ বিৰোধী প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰি কৰাক লৈ এতিয়া মৃণাল শইকীয়াৰ পোষ্টে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:40 AM IST

Mrinal Saikia Controversial facebook post
গৌৰৱ গগৈক প্ৰশংসা কৰি ফেচবুকত পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ (etv bharat assam)

কাজিৰঙা, 5 জুন : অসমৰ এগৰাকী বিশেষ ব্যক্তিৰ ছ’চিয়েল মিডিয়াত দিয়া একো একোটা পোষ্টে প্ৰায়ে তোলপাৰ লগাই থাকে ৷ এইগৰাকী ব্যক্তিয়ে প্ৰতি সন্ধিয়া আঠ বজাত ফেচবুকত একোটা পোষ্ট দিয়ে ৷ তাৰে প্ৰায় সংখ্যক পোষ্টেই অসমৰ ৰাজনীতিত জন্ম দিয়ে এক নতুন বিতৰ্কৰ ৷ আনকি সৌ সিদিনা সন্ধিয়া আঠ বজাত ব্যক্তিগৰাকীয়ে দিয়া এটা পোষ্টে অসমৰে এগৰাকী মন্ত্ৰীক সংবাদমেল দিবলৈ বাধ্য কৰিলে ৷ সেই ব্যক্তিগৰাকী কোন, হয়তো আপোনালোকে গমেই পাইছে ৷

হয় ঠিকেই ধৰিছে ৷ তেখেত মৃণাল শইকীয়া ৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ৷ মঙলবাৰে ভোট গণনা পৰ্ব শেষ হোৱাৰ পাচত সেই নিৰ্দিষ্ট সময় অৰ্থাৎ সন্ধিয়া আঠ বজাত এটা ফেচবুক পোষ্ট লিখিছে শইকীয়াই ৷ যাৰ ফলত আকৌ সংবাদ শিৰোনামত মৃণাল শইকীয়া ৷

কিয় চৰ্চাত মৃণাল শইকীয়াৰ পোষ্ট ?

মঙলবাৰে দেশজুৰি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে ৷ ৰাজ্যৰ যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ মুখথেকেচা ৷ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷ এই ফলাফলে এক প্ৰকাৰ বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

তাৰ মাজতে এইবাৰ শাসকীয় বিধায়কেই বিৰোধীৰ প্ৰাৰ্থীগৰাকীক প্ৰশংসা কৰা ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ভোটগণনা শেষ হোৱাৰ পিচতে সন্ধিয়া 8 বজাত ফেচবুকত এটা পোষ্ট দি লিখে যে, "যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন । এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে- ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰা নেতৃত্ব আৰু দৰ্পী ভাষণে নির্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে ৷"

এই পোষ্টটোৰ পিচতেই এতিয়া সামাজিক মাধ্য়মত বিধায়কগৰাকীয়ে নিজৰ দলৰ নীতিকে কঠোৰ ভাষাৰে সমালোচনা কৰা বুলি ধাৰণা কৰা হৈছে ৷

লক্ষণীয় কথাটো হ’ল যে, যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী তপন কুমাৰ গগৈক ধৰাশায়ী কৰি বিজয়ৰ হাঁহি মাৰে কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৷ এই সমষ্টিটো বিজেপিৰ বাবে এটা অন্যতম সমষ্টি । স্বয়ং মুখ্যমন্ত্ৰীয়ে যোৰহাটলৈ আহি সকলো লোকসভা সমষ্টিতকৈ যোৰহাটতেই সৰ্বাধিক ভোটত বিজেপি প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছিল ।

নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰীকাই যোৰহাটত বাহৰ সকলো চোৱা চিতা কৰিছিল ৷ আনকি, গৌৰৱ গগৈ জয়ী হ'লে ৰাজনীতি এৰিম বুলিও কৈছিল মন্ত্ৰী হাজৰীকাই ৷ কিন্তু, তাৰ পাচতো জয়ী হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ ।

বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই অতি দৰ্পে হত লংকাৰ কথাষাৰ বুজাই দিয়া এই পোষ্টে নিশ্চিতভাৱে বিজেপিৰ ভিতৰ চ'ৰাত জোকাৰণি তুলিছে ৷

লগতে পঢ়ক: যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.