ETV Bharat / state

ৰহা টোলগেটৰ টোল সংগ্ৰহ বাতিল কৰক: কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীলৈ আহ্বান বিজেপি বিধায়কৰ - MLA Mrinal Saikia

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 10:50 PM IST

MLA Mrinal Saikia on Raha toll gate: এইবাৰ ৰহা টোলগেটত টোলটেক্সৰ প্ৰক্ৰিয়া উঠাই ল’বলৈ আহ্বান জনাইছে বিধায়ক মৃণাল শইকীয়াই ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ এক ভিডিঅ’ আপলোড কৰি নীতিন গাডকাৰীক এই আহ্বান বিজেপি বিধায়কগৰাকীক ৷

MLA Mrinal Saikia on Raha toll gate
ৰহা টোলগেটৰ সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়া (X/@Mrinal_MLA)

গুৱাহাটী, ১৩ জুন : অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলটেক্সক লৈ এইবাৰ সৰৱ হৈ পৰিছে খোদ শাসকীয় বিজেপিৰেই বিধায়ক । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ৰহা টোলগেটৰ টোলটেক্স উঠাই দিবলৈ আহ্বান জনোৱা কাৰ্যই ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ পুতৌলগা অৱস্থাটো দাঙি ধৰিছে ।

বিজেপিৰ বিদ্ৰোহী বিধায়ক মৃণাল শইকীয়াই অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা উদঙাই টোলটেক্স উঠাই দিবলৈ দেশৰ পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীলৈ ৰাজহুৱা আহ্বান জনাইছে ৷ সামাজিক মাধ্যম X-ৰ জৰিয়তে মৃণাল শইকীয়াই মাত্ৰ ২৭ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

এই ভিডিঅ’টোত দেখা গৈছে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৰহাৰ টোলগেটৰ ওচৰৰ নিৰ্মাণকাৰ্য চলি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ বোকা-পানীৰে ভৰা বিধ্বস্ত ৰূপ । বিজেপি বিধায়ক মৃণাল শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক আহ্বান জনাই আজি লিখিছে- “নীতিন গাডকাৰী ছাৰ, অনুগ্ৰহ কৰি টোল ল’ব পৰা হোৱালৈকে ৰহা টোলগেটৰ টোল লোৱাটো বাতিল কৰক ।”

উল্লেখ্য যে: কাৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সাৱধান হ’বলৈ ক’লে মৃণাল শইকীয়াই ?

উল্লেখযোগ্য যে, অসমত নিৰ্মীয়মান ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য আৰু আন সা-সুবিধাবোৰ বিধি অনুসৰি সম্পূৰ্ণ নকৰাকৈয়ে দীৰ্ঘদিন ধৰি টোলটেক্স লৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । বিধি অনুসৰি এনে পথ সম্পূৰ্ণ নোহোৱালৈকে আৰু সা-সুবিধাসমূহ নিদিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোলটেক্স সংগ্ৰহ কৰিব নোৱাৰে ৷ অসমৰ বিভিন্ন দল-সংগঠনে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোল ব্যৱস্থা বন্ধ কৰিবলৈয়ো আহ্বান জনাই আহিছে ।

লগতে পঢ়ক: মোদী কা পৰিৱাৰৰ সলনি বিজেপি বিধায়কে সামাজিক মাধ্যম এক্সত লিখিলে ফ্ৰম আপাৰ আছাম

কিন্তু এনে আহ্বান নেওচি অসমত ৰাষ্ট্ৰীয় ঘাইপথত বহু সংখ্যক টোলগেটত পথ কৰ সংগ্ৰহ কৰি থকা হৈছে । এইবাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰহা টোলগেটৰ সমীপৰ বিধ্বস্ত ৰূপ ভিডিঅ’ প্ৰমাণসহ খোদ বিজেপি বিধায়কে দাঙি ধৰি সত্য নিৰূপণ কৰিলে ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজ দলৰ বিধায়কজনৰ এই আহ্বানক কেনেদৰে গুৰুত্ব দিয়ে সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক: মৃণাল শইকীয়াই গোপনে সহায় কৰিছিল চাগৈ গৌৰৱ গগৈক ! সন্দেহ উপজিছে মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.