তেজপুৰ,২১ মাৰ্চ: ১১ নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিত বৰ্তমানলৈ বিজেপি দলৰ কোনো প্ৰতিদ্বন্দ্বী নাই । এতিয়া সমষ্টিটোৰ ৯ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা চলিছে মাত্ৰ কোন সমষ্টিয়ে, কোনটো বুথে, কোনটো মণ্ডলে সৰ্বাধিক ভোট দিব পাৰে । দেশ আৰু ৰাজ্যখনৰ আৰু অধিক বিকাশৰ বাবে বাবে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত কৰিবলৈ এইবাৰ অসমতো ৰাইজে মাৰবান্ধি বিজেপিৰ সপক্ষে ভোটদান কৰিব বুলি বৃহস্পতিবাৰে তেজপুৰৰ নিৰ্বাচনী সভাত মন্তব্য কৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ।
![BJP candidate Ranjit Dutta campaigns in Sonitpur Lok Sabha constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-03-2024/as-tezpur-03-21-march-pix-ranjitdutta-pranabkumardas-7203907_21032024194418_2103f_1711030458_797.jpg)
বৃহস্পতিবাৰে ৰঞ্জিত দত্তই তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হলেশ্বৰ মণ্ডলৰ নপামৰ আমোলাপাম দুৰ্গা মণ্ডপ, গাভৰু মণ্ডলৰ বেছেৰীয়াৰ নলেশ্বৰ থান, হলেশ্বৰ মণ্ডলৰ বিন্দুকুৰি পঞ্চায়তৰ তেলেৰীয়া ৰংগমঞ্চ, তেজপুৰ নগৰ মণ্ডলৰ চানমাৰী বিহু মঞ্চ আৰু বেংগলী অবৈতনিক নাট্য সমাজৰ সৰ্বমুঠ পাঁচখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সমষ্টিটোৰ পৰা বিপুল ভোটত জয়যুক্ত কৰোৱাৰ বাবে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায় ।
- " class="align-text-top noRightClick twitterSection" data="">
শোণিতপুৰ জিলা বিজেপিৰ সভাপতি দীপামণি শইকীয়াৰ পৌৰোহিত্যত নপামৰ আমোলাপামৰ সভাখনত প্ৰাৰ্থী ৰঞ্জিত দত্তই তাহানিৰ কংগ্ৰেছৰ স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ দৰে নমস্য নেতাৰ বাবে কংগ্ৰেছ দলে একোৱেই নকৰিলে যদিও বিজেপি চৰকাৰেহে ছবিলাল উপাধ্যায়ৰ নেতাক যথোচিত সন্মান প্ৰদান কৰিলে বুলি উল্লেখ কৰে । বিকাশ আৰু উন্নয়নৰ কথা বাদেই কংগ্ৰেছ দলৰ নমস্য নেতা বা আন পুৰোধা সকলো ব্যক্তিকে সন্মান জনাবলৈও পাহৰি যোৱাৰ বাবেই দলটিক এতিয়া সকলো শ্ৰেণীৰ ৰাইজে উপেক্ষা কৰিছে বুলি মন্তব্য কৰে ।
![BJP candidate Ranjit Dutta campaigns in Sonitpur Lok Sabha constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-03-2024/as-tezpur-03-21-march-pix-ranjitdutta-pranabkumardas-7203907_21032024194418_2103f_1711030458_1098.jpg)
আনহাতে তেজপুৰৰ বেংগলী অবৈতনিক নাট্য সমাজত অনুষ্ঠিত হোৱা সভাখনত ৯০ শতাংশ মহিলাৰ উপস্থিতিৰ দেখি প্ৰাৰ্থীগৰাকীয়ে নাৰী শক্তিক বিজেপি চৰকাৰে সৰ্বাধিক গুৰুত্ব দিয়াৰ বাবেই সকলো সভাত মহিলাৰ উপস্থিতিৰ সংখ্যা বহু বেছি বুলি কৈ মহিলা শক্তিক প্ৰণাম জনাই । এই দুৰ্গা শক্তিয়ে যাক সমৰ্থন কৰে তাৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাতো এশ শতাংশ নিশ্চিত বুলি দাবী কৰে ।
লগতে অহা ২৭ তাৰিখে মনোনয়ন পত্ৰ দাখিলৰ দিনটোত ১৫-২০ হাজাৰ সমৰ্থকক লগত মনোনয়ন লৈ দাখিল কৰিব বুলি তেওঁ উল্লেখ কৰে । নৰেন্দ্ৰ মোদীয়ে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবেই আজি মহিলাসকল সকলো বিজেপিমুখী হৈছে বুলিও কয় দত্তই । আনহাতে সাংবাদিকৰ আগত প্ৰাৰ্থী ৰঞ্জিত দত্তই বিৰোধীৰ মহাভিযোগৰ উচিত উওৰ ভোটাৰ ৰাইজে দিব বুলি কৈ ভোটদানৰ পিছত তেওলোকে নিজে নিজেই উওৰ পাব বুলি কটাক্ষ কৰে ।
প্ৰচাৰসভাখনত ৰাইজক উন্নয়নৰ স্বাৰ্থত ভোট দিবলৈ আহ্বান জনাই তেওঁ কয় যে এইবাৰ বহু মুছলমান লোকেও বিজেপিক ভোট দিব । আনহাতে ভূপেন বৰাৰ ঘৰলৈকো ভোট বিচাৰি যাব বুলি কৈ প্ৰতিঘৰ মানুহৰে আশীৰ্বাদ বিছাৰিব বুলি ৰঞ্জিত দত্তই উল্লেখ কৰে ৷ উল্লেখ্য যে, নিৰ্বাচনী সভাত প্ৰাৰ্থীগৰাকীয়ে সৰ্বাধিক ভোটদান কৰা বুথ বা মণ্ডলসমূহক নগদ ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰাতোৱে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ দৰে ঘটনা বুলি বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰে ।
লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচখন আসন বিজেপিয়ে লাভ কৰিব : ভৱেশ কলিতা - Lok Sabha Election Assam