ETV Bharat / state

চিৰাঙত কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন - Bishnu Prasad Rabha

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 7:59 PM IST

Bishnu Rabha Divas observes in Assam : আজি বিষ্ণু ৰাভা দিৱস ৷ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে আজিৰ দিনটোত স্মৰণ কৰে সৈনিক শিল্পীগৰাকীক ৷

Bishnu Prasad Rabha
চিৰাঙত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস উদযাপন (ETV BHARAT ASSAM)

চিৰাং, 20 জুন : আজি বিষ্ণু ৰাভা দিৱস ৷ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ সমান্তৰালকে চিৰাঙত এবছুৱে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে বিষ্ণু ৰাভা দিৱস ৷ বিষ্ণু ৰাভা দিৱস উপলক্ষে এই অনুষ্ঠানত 15 গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনায় এবছুৱে ৷

চিৰাঙৰ কাজলগাঁওস্থিত জিলা এবছুৰ কাৰ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিয়ে চিৰাং জিলা এবছুৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন কৰে । বিয়লি ৩ বজাত আয়োজিত অনুষ্ঠানত বড়ো সাহিত্য সভা, ৰাভা সাহিত্য সভা, এবছুৰ লগতে ৰাভা সাহিত্য সভা আৰু অন্যান্য দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকে। ইয়াৰোপৰি বি টি চিৰ দুজনকৈ সাংসদ ক্ৰমে কোকৰাঝাৰ লোকসভা সমষ্টিৰ জয়ন্ত কুমাৰ বসুমতাৰী আৰু ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী উপস্থিত থাকে ।

প্ৰথমে, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছিত শ্ৰদ্ধাঞ্জলি জনাই এবছুৰ সভাপতি দ্বিপেন বড়োৱে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । তাৰ পিচতে বিষ্ণু ৰাভা সংগীতেৰে মুকলি সভাৰ আৰম্ভ হয় । এবছুৰ সভাপতি দ্বিপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাভাদেৱৰ জীৱনাদৰ্শৰ ওপৰত বিভিন্ন অতিথিয়ে ভাষণ দিয়ে । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংগীত চৰ্চা গৱেষণা বিভাগৰ প্ৰবক্তা অনিল কুমাৰ বড়ো উপস্থিত থাকে ৷

তেওঁ ৰাভা দেৱৰ বৃহত্তৰ অসমীয়া জাতি গঠনত আগবঢ়োৱা অৰিহনা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে । এই অনুষ্ঠানত এবছুৱে বিটিচিত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৰিহনাৰ বাবে 15 গৰাকী লোকক সম্বৰ্ধনা জ্ঞাপন কৰে ।

আনহাতে, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক তথা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি পাণ্ডৱ ৰাভাই বিষ্ণু প্ৰসাদ ৰাভা সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে ।

লগতে পঢ়ক: কেনে আছে স্বাধীনতাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰা গাঁওখন ? - Rabha Divas 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.