গুৱাহাটী: আজি বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী । ৰাজ্যজুৰি স্মৰণ প্ৰাণৰ শিল্পীগৰাকীক। আজিৰ এই দিনটোত শ্ৰদ্ধাৰ শিল্পীগৰাকীক সুঁৱৰি শিল্পী কমল কটকীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ক'লে বহু কথা । ৰোমন্থন কৰিলে সুধাকন্ঠৰে কটোৱা সেই মুকুতা হেন সময়বোৰৰ স্মৃতি ৷
আজিৰ এই দিনটোত বিশ্ব বৰেণ্য শিল্পীগৰাকীক সুঁৱৰি একালৰ সতীৰ্থ শিল্পী কমল কটকীয়ে কয়, "ভূপেন দা কায়িকভাৱে আমাৰ লগত নাই যদিও লুইত বৈ থকালৈকে ভূপেন দা আছে আৰু সদায় থাকিব । আজি অসমীয়া ভাষাই ধ্ৰুপদী সাহিত্যৰ স্বীকৃতি পাইছে । কিন্তু ভূপেন দাৰ গীতবোৰ পঢ়ি চালে এইটো প্ৰমাণ হয় যে অসমীয়া ভাষা সঁচাকৈয়ে ধ্ৰুপদী ভাষা । তাত কোনো দ্বিমত থাকিব নোৱাৰে । ভূপেন দাৰ বিভিন্ন গীত-সাহিত্যই অসমৰ জাতীয় জীৱনক চহকী কৰি থৈ গৈছে আৰু এনেধৰণৰ গীত-সাহিত্য ভৱিষ্যতে কিমান দূৰ সৃষ্টি হ'ব সেই লৈ এটা প্ৰশ্নবোধক চিন আহি পৰে । কাৰণ ভূপেন দাৰ গীতৰ শব্দ চয়ন, সেই শব্দ চয়নে অসমীয়া ভাষাটোক শীৰ্ষতম পৰ্যায়ত উপনিত কৰি থৈ গৈছে । গতিকে আমি আশা ৰাখিছো নৱ-প্ৰজন্মৰ গীতিকাৰ-গায়ক-গায়িকাসকলে ভূপেন দাৰ গানৰ পৰা অনুপ্ৰাণিত হৈ আৰু এটা নতুন সংগীতৰ ধাৰা সৃষ্টি কৰক ৷ তাৰেই পণ লওক আজিৰ দিনটোত ।"
লগতে পঢ়ক: সুধাকণ্ঠ বিহীন 13 টা বছৰ
লগতে তেওঁ কয় "মোৰ জীৱনৰ প্ৰায় ২৫ টাতকৈ বেছি বছৰ ভূপেন দাৰ লগত কটালো । ভূপেন দাৰ লগত কটোৱা মোৰ প্ৰতিটো মুহূৰ্তই স্মৰণীয় । ভূপেন দা অতি সহজ-সৰল মনৰ, বৰ উদাৰ মনৰ শিল্পী আছিল । ভূপেন দাৰ উদাত্ত কণ্ঠ, ভূপেন দাৰ উদাৰ মন, ভূপেন দাৰ কৰ্মশক্তি সেই সকলোবোৰ প্ৰকৃতিৰ পৰা পাইছিল । ভূপেন দাৰ কৰ্মশক্তি সেই সকলোবোৰ প্ৰকৃতিৰ পৰা পাইছিল । ভূপেন দাই গোটেই জীৱন বিলাই থৈয়ে গুচি গ'ল । ভূপেনদাই গীতৰ জড়িয়তে সমগ্ৰ অসমীয়া জাতীয় সত্তাক চহকী কৰি থৈ যোৱাৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি নোহোৱা হৈ গ'ল ।"
ইফালে মঞ্চত ঘটা স্মৰণীয় ঘটনা সুঁৱৰি শিল্পীগৰাকীয়ে কয়, "ভূপেন দাৰ লগত মঞ্চৰ স্মৃতি বহুত আছে । মঞ্চত গীত গাওঁতে সৰু-সুৰা ঘটনা বহুত ঘটে । এবাৰ এটা অনুষ্ঠানত ভূপেন দাই 'সাগৰ সংগমত' গীতটি গাই আছিল । গীতটো গাই থকা অৱস্থাত মঞ্চৰ সন্মুখত বিমূৰ্ত প্ৰেমৰ নায়িকাক মঞ্চৰ পৰা হঠাতে দেখা পালে । তেওঁ গীত শুনিবলৈ আহি বহি আছিল । হঠাতে তেওঁক দেখা পাই 'সাগৰ সংগমত' গীতটি আধাতে সামৰি হঠাৎ পৰিৱেশন কৰিলে 'বিমূৰ্ত মোৰ নিশাটি....' । ভূপেন দাই গণ সংযোগ কেনেদৰে কৰিব লাগে সেয়া সংঘটিকভাৱে জানিছিল ।"
লগতে পঢ়ক: এযোৰ চশমাৰ বাবে সুধাকণ্ঠৰ কুঠৰীৰ আপোন ঘৰত সৃষ্টি হোৱা এক অপ্ৰকাশিত কাহিনী