ETV Bharat / state

৩ বছৰত চৰকাৰে ঋণ লৈছে ৪৭ হাজাৰ কোটি - DEBT OF ASSAM GOVERNMENT

Congress review meeting : বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰ্যালোচনা সভাত জিলা কংগ্ৰেছৰ সাংগঠনিক পৰিবৰ্তনৰ ইংগিত ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Pradesh Congress President Bhupen Borah
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

বঙাইগাঁও, ৪ অক্টোবৰ: বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে বজালে ৰণডংকা । শুকুৰবাৰে বঙাইগাঁৱৰ ৰাজীৱ ভৱনত আয়োজিত কংগ্ৰেছৰ পৰ্যালোচনা সভাত আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় । ইয়াৰ পিছতেই আয়োজিত এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমৰ শেহতীয়া বিত্তীয় পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ।

কিমান ঋণ লৈছে বিজেপি চৰকাৰে ?

হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী আখ্যা দি ভূপেন বৰাই অসম চৰকাৰৰ বিত্তীয় অৱস্থা সন্দৰ্ভতো মন্তব্য় কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই সন্দৰ্ভত কয়," অসম চৰকাৰৰ বিত্তীয় অৱস্থা বৰ্তমান সংকটত । যোৱা ২২ দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২,২৫০ কোটি টকা ধাৰ লৈছে । ১৯৪৭ ৰ পৰা ২০১৬ লৈকে অসম চৰকাৰৰ ধাৰ আছিল ৪১,৯৬৪ কোটি টকা । সোণোৱাল চৰকাৰে ধাৰ লৈছে ৬৬ হেজাৰ কোটি টকা আৰু হিমন্ত চৰকাৰে ধাৰ লৈছে ৩ বছৰত ৪৭ হেজাৰ কোটি টকা । অসমত মুঠ ধাৰ প্ৰায় ১ লাখ ৫৪ হেজাৰ কোটি টকা ।" অসমৰ বিত্তীয় অবস্থা বিধ্বস্ত বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়," তেওঁ হাৰিয়ানালৈ যাব, ঝাৰখণ্ডলৈ যাব আৰু আহি ধাৰ ল'ব।"

চিদলীত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিব

ইপিনে, উপ-নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেৰ সভাপতিগৰাকীয়ে কয়," পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চ এক হৈ নিৰ্বাচন খেলাটো একপ্ৰকাৰ নিশ্চিত । নিৰ্বাচন ঘোষণা হোৱাৰ পিছত বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা কৰা হ'ব ।" তদুপৰি চিদলী বিধানসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

বিজেপিৰ লগত থাকিলে আমাৰ মিত্ৰতা নহয়

আনহাতে, বি পি এফ আৰু ইউ পি পি এল দলৰ লগত মিত্ৰতা সন্দৰ্ভত ভূপেন বৰাই কয়," বিজেপিৰ লগত যাৰ মিত্ৰতা হ'ব সেই দলৰ লগত আমাৰ মিত্ৰতা নহয় । " বঙাইগাঁও জিলাৰ অগপ, বিজেপিৰ বহু নেতাই কংগ্ৰেছৰ লগত যোগাযোগ কৰি আছে বুলিও তেওঁ মন্তব্য় কৰি কয় যে শীঘ্ৰেই কংগ্ৰেছত যোগ দিব বহু নেতাই ।

আগন্তুক উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেৰ সভাপতি ভূপেন বৰাই আগন্তুক উপ-নিৰ্বাচনৰ বিভিন্ন বিষয় সম্পৰ্কে আজিৰ এই সভাত আলোচনা কৰা হয় বুলি মন্তব্য় কৰে । সভাৰ অন্তত ভূপেন বৰাই উপ-নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁও জিলা কংগ্ৰেছত কেইবাটাও সাংগঠনিক পৰিবৰ্তন হ'ব বুলি ইংগিত দিয়ে ।

লগতে পঢ়ক:প্ৰতি সপ্তাহতে ঋণ লৈছে অসম চৰকাৰে : ১ অক্টোবৰত পুনৰ ল’ব ৭৫০ কোটি টকা ঋণ - Assam Govt Loan

Assam Govt Loan: ঋণৰ পাহাৰ গঢ়া অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ ধামখুমীয়া আৰু পাৰিশ্ৰমিকহীন মডেল ব’হাগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.