ETV Bharat / state

তিনিদিনৰ অন্তত মুকলি ভালুকপুং-টাৱাং সংযোগী পথ - Itanagar Flood

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 10:33 PM IST

তিনিদিনৰ অন্তত মুকলি হ'ল ভালুকপুং-টাৱাং সংযোগী পথ । বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনে দিনে নিশাই প্ৰচেষ্টা চলাই মুকলি কৰে পথছোৱা । বৰ্তমানেও বন্ধ পাকে কিচাং পাপুমপাৰা সংযোগী পথ ।

Bhalukpung-Tawang link road, which was closed due to landslide, opens at the end of three days
তিনিদিনৰ অন্তত মুকলি ভালুকপুং-টাৱাং সংযোগী পথ (ETV Bharat Assam)

তেজপুৰ,২ জুলাই: অৰুণাচল প্ৰদেশৰ ভিন্ন জিলাত বিগত কেইবাদিনো ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত বহুকেইটা পথৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে । ইটানগৰৰ কেইবাটাও পথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে । পাকে কিচাং, ছাগালী, চাঙলাং, চিয়াং আৰু বিভিন্ন প্ৰান্তত ভয়াবহ ভূমিস্খলনৰ ফলত বহুকেইটা ঘৰ নদীৰ পানীত উটি যায় । পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ টিপ্পিত ভয়ংকৰ ভূমিস্খলনৰ ফলত যোৱা তিনিদিন ধৰি বন্ধ হৈ থকা একমাত্ৰ পথটো অৱশেষত মঙলবাৰে বিয়লিভাগত মুকলি কৰে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনে ।

ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰ ৰাজপথত খহি পৰাৰ ফলত টাৱাঙলৈ যোৱা একমাত্ৰ পথটি বন্ধ হৈ পৰিছিল । প্ৰায় তিনিদিন ধৰি বন্ধ হৈ আছিল এই পথটি । কিন্তু দুদিন ধৰি বৰ্ডাৰ ৰোড অৰ্গেনাইজেছনৰ ৯১ আৰ চি চিয়ে যুদ্ধকালীন প্ৰস্তুতিৰে অশেষ কষ্ট কৰি এস্ককেভেটৰৰ সহায়ত পাথৰসমূহ আঁতৰাই মঙলবাৰে পথটি পুনৰ যাতায়তৰ বাবে মুকলি কৰি দিয়ে । আনহাতে পূব-কামেং জিলাৰ আৰক্ষী অধীক্ষক সিকমে ই টিভি ভাৰতক জনাই যে, "পূব কামেং জিলাত বৰ্তমান কোনোধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা নাই । কামেং নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নামনি অংশৰ লোকৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু জলমগ্ন হোৱা লোকসকলক ইতিমধ্যে জিলা প্ৰশাসনে খাদ্যৰ যোগান ধৰিছে ।"

সিকমে লগতে কয়, "চেপা হৈ পাপুমপাৰে জিলালৈ যোৱা সীমান্তৰ ঘাইপথত পাকে কিচাং পথত প্ৰায় ৩০ টাতকৈ অধিক অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল । সেইসমূহৰ ইতিমধ্যে মুকলি হৈছে আৰু দুই এটা অংশ কাইলৈৰ ভিতৰত মুকলি হ'ব ।" আনহাতে, পাহাৰীয়া ৰাজ্যখনৰ আঞ্জাও জিলাৰ আনিনি পোৱাৰ ৪ কিলোমিটাৰ নামনিৰ হুনিল নামৰ স্থানত ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ আছে । ইতিমধ্যে সংযোজনৰ কাম আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ইটানগৰত ভয়ংকৰ বান : ডাৱৰ বিস্ফোৰণ নহয় ধাৰাসাৰ বৰষুণৰ বাবেহে এই পৰিস্থিতি - Itanagar Flood

নেৰানেপেৰা বৰষুণত ভূমিস্খলনৰ আশংকা : নিদ্ৰাহৰণ গুৱাহাটীৰ পাহাৰবাসীৰ - Guwahati Landslide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.