ETV Bharat / state

আৰোহণৰ অধীনত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় : জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকৰ অংশগ্ৰহণ - Arohan

Interaction with students in Barpeta : হাইস্কুল পৰ্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰীক জীৱনৰ লক্ষ্যত উপনীত কৰাবৰ বাবে শিক্ষা বিভাগে লৈছে বিশেষ উদ্যোগ ৷ আৰোহণৰ জৰিয়তে হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ গাইডেঞ্চ ৷

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 8:53 PM IST

AROHAN
আৰোহণৰ অধীনত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় (ETV Bharat Assam)

বৰপেটা, ৯ আগষ্টঃ বৰপেটাত জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে জিলা আয়ুক্তৰ মত বিনিময় ৷ ৰাজ্য চৰকাৰৰ ‘আৰোহণ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত জিলাখনৰ প্ৰায় ২৮৫ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰে আয়ুক্ত আয়ুস গৰ্গে ৷

মূলতঃ উচ্চতৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে কি কি বিষয়ত অধ্যয়ন কৰিব পাৰে সেই বিষয়ে অৱগত কৰা অথবা নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য কি হোৱা উচিত আৰু লক্ষ্যপ্ৰাপ্তিৰ বাবে তেওঁলোকে কিদৰে আগবাঢ়িব সেই সম্পৰ্কে জিলা আয়ুক্ত আয়ুস গৰ্গৰ সৈতে মত বিনিময় কৰে ৷ মত বিনিময় অনুষ্ঠানত কেবাগৰাকীও সমল ব্যক্তিৰ লগতে উচ্চ শিক্ষা লাভ কৰা কেবাগৰাকীও মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে নৱম শ্ৰেণীত অধ্যয়ণৰত শীৰ্ষ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক লৈ আৰোহণ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে নিজ লক্ষ্যত উপনীত হ’বৰ বাবে এতিয়াৰ পৰাই উপযুক্ত পথ প্ৰদৰ্শন কৰিব ৷ বিশেষকৈ চিকিৎসক, অভিযন্তা, বিজ্ঞানী, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া বা আন আন সেৱাৰ বাবে নিজকে উপযুক্তভাৱে গঢ়ি তোলাৰ বাবে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰে এনেদৰে সময়ে সময়ে মত বিনময় কাৰ্যসূচী অনুষ্ঠিত কৰে ৷

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ শীৰ্ষ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান, বিজ্ঞান গৱেষণা আদি শৈক্ষিক প্ৰতিষ্ঠানসমূহ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধিৰ কৌশল হাতত লৈছে ৰাজ্য চৰকাৰে ৷ ছাত্ৰাৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰীক উপযুক্ত গাইডেঞ্চ প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আৰোহণ কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক আজিৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাৰ লগতে সফল হোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে অনুপ্ৰাণিত কৰি তুলিব ৷

লগতে পঢ়কঃ বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰীৰ পঢ়াৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.