ETV Bharat / state

কলঙৰ পাৰত জাক জাক হাড়গিলা : দৃষ্টিনন্দন পৰিৱেশ পুৰণিগুদামত - Greater Adjutant

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 4:45 PM IST

Greater Adjutant in Puranigudam: এজাক হাড়গিলাই উজ্জীৱিত কৰিছে নগাঁৱৰ বকুলতলৰ কলঙৰ পাৰ । বিলুপ্ত হ’বলৈ ধৰা হাড়গিলা চৰাইৰ যেন এতিয়া ভিৰ লাগিছে বকুলতলৰ কলঙৰ পাৰত । পুনৰুজীৱিত হ’বলৈ ধৰা কলঙকো যেন এক নতুন মাত্ৰা দিছে জাক জাক হাড়গিলাই ।

Greater Adjutant in Assam
Greater Adjutant (ETV Bharat Assam)

চামগুৰি, 24 জুন: অসমৰ গ্ৰাম্যাঞ্চলৰ খেতি পথাৰবোৰত, জলাশয়ৰ আশে-পাশে দীঘল ঠোঁট, দীঘল দীঘল ঠেঙেৰে জপং জপংকৈ মাছ, বেং, শামুক বিচাৰি ফুৰা এটা চৰাই ৷ চৰাইটোৰ সাৰ্বজনীন নাম হৈছে হাড়গিলা ৷ ইয়াক ইংৰাজীত কোৱা হয় Greater Adjutant, আৰু বৈজ্ঞানিক নাম হৈছে Leptoptilos dubius ৷ চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত বগলী জাতীয় এবিধ চৰাই হৈছে হাড়গিলা ৷

কলঙৰ পাৰত জাক জাক হাড়গিলা (ETV Bharat Assam)

হাড়গিলা যে কেৱল অসমতে উপলব্ধ তেনে নহয়, ভাৰত ভিন্ন প্ৰান্তত এই চৰাইবিধ পোৱা যায় ৷ কিছু বছৰ আগলৈকে সমগ্ৰ দক্ষিণ এছিয়াত ইয়াৰ কেবাটাও প্ৰজাতি পোৱা গৈছিল যদিও বৰ্তমান ই প্ৰায় বিৰল হৈ পৰিছে ৷ বৰ্তমান সময়ত হাড়গিলাৰ দুটা প্ৰজাতি দেখিবলৈ পোৱা যায় ৷ ইয়াৰে এটা ভাৰত তথা অসমত আৰু আনটো কম্বোডিয়াত পোৱা যায় ৷ উত্তৰ ভাৰতৰো বহু নদী কাষৰীয়া অঞ্চলত হাড়গিলাৰ বসতি দেখা যায় ৷

লগতে পঢ়ক: হাড়গিলা সংৰক্ষণৰে বিশ্বত জিলিকি উঠা অসমীয়া মহিলাগৰাকী

হাড়গিলা পক্ষীৰ দেহৰ বিৱৰণ:

এই চৰাইটোৰ উচ্চতা প্ৰায় 145 ৰ পৰা 150 ছেঃমিঃ আৰু দেহৰ গড় দৈৰ্ঘ্য প্ৰায় 135 ছেঃমিঃ ৷ হাড়গিলাৰ ডেউকাৰ দৈৰ্ঘ্য প্ৰায় 250 ছেঃমিঃ আৰু ইয়াৰ ঠোঁটৰ দৈৰ্ঘ্য প্ৰায় 32 ছেঃমিঃ হয় ৷ হাড়গিলাৰ বৰণ শেতা আৰু মাজে মাজে ক’লা পাখি থাকে ৷ ঠোঁটৰ ঠিক তলতে থাকে এটা টোপোলা, যিটো টোপোলা আমি শগুণৰ দেহতো দেখা পাওঁ ৷ এই টোপোলাটোৱে চৰাইটোক উশাহ-নিশাহ লোৱাত সহায় কৰে ৷

হাড়গিলাৰ বাসভূমি:

মূলতঃ নদী কাষৰীয়া আৰু জলাহভূমিৰ সমীপত হাড়গিলাই বসতি কৰে ৷ ই সৰ্বভক্ষী ৷ সাপ, বেং, মাছ, নিগনি, সৰু চৰাই, শামুক আদি চিকাৰ কৰি খায় ৷ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হাড়গিলাৰ অন্যতম বাসভূমি বুলি জনা যায় ৷ ওখ গছত ই সাধাৰণতে বাহ সাজে আৰু সৰু সৰু গোটত বিভক্ত হৈ বাস কৰে ৷

লগতে পঢ়ক: এতিয়া যে পথাৰত জাক জাক হাড়গিলা

হাড়গিলাৰ প্ৰজনন:

শীতকালত ওখ গছত বাহ সাজে হাড়গিলা চৰায়ে ৷ প্ৰজনন কাল আৰম্ভ হোৱাৰ লগে লগেই মতা হাড়গিলা চৰায়ে ইটোৱে সিটোৰ পৰা বাহ অধিকাৰ কৰাৰ চেষ্টা কৰে ৷ বিজয়ী মতা চৰাইটোৱে নিজৰ বাহৰ চিন ৰাখে আৰু আনবোৰক আঁতৰাই পঠিয়ায় ৷ বাহৰ আশে-পাশে মাইকী হাড়গিলা চৰাইৰ আগমন ঘটিলে মতা চৰাইটোৱে গছৰ কেঁচা ডালি এটা ঠোঁটেৰে আনি মাইকী চৰাইজনীৰ আগত ৰাখে ৷ তেনেদৰেই মাইকী চৰাইজনীৰ যদি পছন্দ হয়, তেন্তে নিজৰ ঠোঁটটো মতা চৰাইটোৰ বুকুৰ ডিঙিৰ ঠিক তলত ৰাখে ৷ তাৰ পিচত দুয়োটা চৰায়ে ঠোঁট দুটা তল-ওপৰ কৰি থাকে ৷ এবাৰত এজনী মাইকী হাড়গিলাই 3 বা 4 টা কণী পাৰে আৰু মতা-মাইকী দুয়োটাই কণী উমনি দি পোৱালি জগায় ৷

হেৰাই যাব ধৰিছে হাড়গিলা:

বাসস্থানৰ অভাৱ, চিকাৰ আদি বিভিন্ন কাৰণত হাড়গিলাৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে ৷ বহু দুষ্ট প্ৰকৃতিৰ লোকে মাংসৰ বাবে ইয়াক হত্যা কৰে ৷ উপযুক্ত সংৰক্ষণৰ অভাৱো হাড়গিলাৰ সংখ্যা হ্ৰাসৰ অন্যতম কাৰণ ৷

লগতে পঢ়ক: হাজাৰ হাজাৰ পক্ষীৰ কলৰৱত সূৰ্য উদয় হোৱা এখন গাঁও - Migratory birds

নগাঁৱত হাড়গিলাৰ বাসস্থান:

বিলুপ্ত হ’বলৈ ধৰা হাড়গিলাৰ এক বাসস্থান শেহতীয়াকৈ দেখা গৈছে মধ্য অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত ৷ কলঙৰ পাৰতে থকা বকুলতল নামৰ গাঁওখনত দেখা গৈছে হাড়গিলাৰ বসতি ৷ বকুলতলৰ ৰাস মন্দিৰৰ চৌহদত থকা কেইবাজোপাও ওখ গছত হাড়গিলা চৰাইবোৰে সাজিছে শতাধিক বাহ ৷ এতিয়া হাড়গিলাৰ প্ৰজননৰ সময় ৷ চৰাইবোৰে ওখ গছত বাহ সাজি কণী পাৰি পোৱালি জন্ম দিবলৈ ধৰিছে ৷ হাড়গিলাৰ বসতি দেখি আপ্লুত হৈছে অঞ্চলটোৰ লোকসকল ৷ ঠাইখনত হাড়গিলাৰ আশ্ৰয়স্থলৰ অভাৱ নহ'বৰ বাবে বকুলতলৰ ৰাইজে সময়ে-সময়ে ৰোপণ কৰি আহিছে গছপুলিও ।

বোৱতী কলঙে পক্ষীৰ বাবে সৃষ্টি কৰিব সুৰক্ষিত স্থান:

উল্লেখ্য যে নগাঁও জিলাৰ হৃদপিণ্ড স্বৰূপ কলঙক প্ৰবাহমান কৰাৰ বাবে চৰকাৰে পদক্ষেপ হাতত লৈছে ৷ কলিয়াবৰৰ হাতীমূৰাত কলঙৰ মুখখন খান্দি শ্লুইছ গেট স্থাপন কৰা হৈছে ৷ ব্ৰহ্মপুত্ৰত জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগেই কলেঙেৰে প্ৰবাহিত হ’ব পানী ৷ কলং ব’বলৈ আৰম্ভ কৰিলেই ইয়াৰ বুকুত বা দুয়োপাৰে থকা গছসমূহ জলজ পক্ষীৰ বাসস্থান হৈ পৰিব বুলি আশা কৰা হৈছে ৷ অৱশ্যে এইক্ষেত্ৰত বন বিভাগ তথা সচেতন ৰাইজে পক্ষীসমূহৰ সুৰক্ষা প্ৰতিও চকু-কাণ দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে ৷

লগতে পঢ়ক: ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড এৱাৰ্ড 2024 - Green Oscar Whitley Gold Award 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.