ETV Bharat / state

অসমত বাচি বাচি এটা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰিছে চৰকাৰে- বদৰুদ্দিন আজমল - Eviction drive

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Badruddin Ajmal on eviction: আদালতৰ নিৰ্দেশৰ পিছতো উচ্ছেদৰ জাননী দি থকা অসম চৰকাৰক বৰ্খাস্ত কৰাৰ দাবী জনাই ৰাষ্ট্ৰপতিৰ কাষলৈ যাব বদৰুদ্দিন আজমল । উচ্ছেদৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আজমলে ক’লে ‘‘বিভিন্ন ঠাইত বাচি বাচি এটা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰি আছে চৰকাৰে । উচ্ছেদ কৰিবলৈ বন বিভাগে জাননী জাৰি কৰা এলেকাত সংবিধান প্ৰদত্ত সুবিধা প্ৰদান কৰিছে চৰকাৰৰ বিভিন্ন বিভাগে । প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন আৰু গৃহহীন হৈ আশ্ৰয় গ্ৰহণ কৰি থকা লোকক উচ্ছেদৰ বাবে জাৰি কৰা হৈছে জাননী ।’’

Badruddin Ajmal on eviction
চৰকাৰক বৰ্খাস্ত কৰাৰ আহ্বান লৈ ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব আজমল (X handle @BadruddinAjmal)

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: অসম চৰকাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দিছে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে । সোণাপুৰৰ কচুতলীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বাবে দিয়া জাননী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আজমলে ৷

তেওঁ কয়, "আদালতৰ ৰায়ৰ পিছতো উচ্ছেদৰ জাননী দি থকা এনে চৰকাৰক বৰ্খাস্ত কৰিবলৈ দাবী জনাই মই ৰাষ্ট্ৰপতিৰ কাষলৈ যাম । অসম চৰকাৰে বিভিন্ন ঠাইত বাচি বাচি এটা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰি আছে । পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ বাৰে বাৰে উচ্ছেদ কৰি আছে ।’’

‘‘সোণাপুৰত হোৱা উচ্ছেদৰ ফলত দুজনকৈ লোকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল । আমি চৰকাৰক বহুবাৰ জনায় আহিছো যে এইসকল লোক ভাৰতীয় নাগৰিক । তেওঁলোকক চৰকাৰে বেদখলকাৰী বুলি যিদৰে উচ্ছেদ কৰিছে সেইদৰে ভূমিহীন সকলক মাটি দিয়াৰো চৰকাৰৰ দ্বায়িত্ব । এই সম্পৰ্কে চৰকাৰৰ যি অমানৱীয় উচ্ছেদ কার্য তাক আমি গৰিহনা দিছো আৰু অচিৰেই ইয়াক বন্ধ কৰাৰ বাবে আমি আহ্বান জনাইছো ।’’ আজমলে লগতে কয় ৷

"চৰকাৰে যদি বিদেশী আছে তাক উচ্ছেদ কৰক । কিন্তু বিকল্প ব্যৱস্থা নকৰাকৈ যাতে উচ্ছেদ কৰা নহয় । ইতিমধ্যে গোৱালপাৰা জিলাত বিভিন্ন ঠাইত উচ্ছেদৰ জাননী দি থকা হৈছে । এই সম্পৰ্কত যাতে উচ্ছেদ কৰা নহয় তাৰ বাবে ইতিমধ্যে জমিয়তৰ এটি সঁজাতি দলে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছে । ইতিমধ্যে উচ্ছেদ কৰিবলৈ বন বিভাগে জাননী জাৰি কৰা এলেকাত উল্লেখিত সংবিধান প্ৰদত্ত সুবিধা চৰকাৰৰ বিভিন্ন বিভাগে প্ৰদান কৰিছে ।’’ -মৌলানা বদৰুদ্দিন আজমলৰ ভাষ্য ৷

‘‘য'ত প্ৰাকৃতিক দুৰ্যোগ, গৰাখহনীয়াত ভূমিহীন আৰু গৃহহীন হৈ প্ৰান্তীয় আৰু দুৰ্বল শ্ৰেণীৰ নাগৰিকে জীৱন আৰু জীৱিকাৰ তাগিদাত আশ্ৰয় গ্ৰহণ কৰি আছে । উদাহৰণ স্বৰূপে মাটিয়া ৰাজহ চক্ৰৰ আশুডুবি ৰাজহ গাঁওখনত ১৯৫১ চনৰ পূৰ্বৰ পৰাই জনতাৰ বসবাস বিদ্যমান । ১৯৫১ চনৰ এন আৰ চিত সেই গাঁওসমূহৰ নাম পঞ্জীয়ন আছে । প্ৰাদেশীকৃত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় স্থাপন হৈছে । য'ত ৰাজহ বিভাগে ভূমি আৱণ্টন দিছে । ১৯৮৬ চন পর্যন্ত উক্ত গাঁৱত আশ্ৰয় গ্ৰহণ কৰা নাগৰিকৰ পৰা ৰাজহ বিভাগে খাজানা আদায় লৈছে । বিশুদ্ধ খোৱাপানীৰ বাবে চৰকাৰৰ জনস্বাস্থ্য কৰিকৰী বিভাগে পানী যোগান আঁচনি স্থাপন কৰিছে । অসম শক্তি বিতৰণ কোম্পানীয়ে সম্পূর্ণ এলেকাত বৈদ্যুতিকৰণ কৰি নাগৰিকক পোহৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সমাজ কল্যাণ বিভাগে অংগবাড়ী কেন্দ্ৰ স্থাপন কৰিছে । জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আদিয়ে ৰাস্তা কালভার্ট আদি নিৰ্মাণ কৰিছে । বহু নাগৰিকক চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছে ।’’ উচ্ছেদ চলাবলৈ লোৱা অঞ্চলত চৰকাৰে প্ৰদান কৰা সুবিধা সন্দৰ্ভত এইদৰে কয় আজমলে ৷

তেওঁ আৰু কয়, ‘‘নদীভংগ নাগৰিকৰ হাতত ৰাজহ চক্ৰ বিষয়াই দিয়া ভূমিহীন আৰু নদীভংগৰ প্ৰমাণ পত্ৰ আছে । ভাৰতৰ নিৰ্বাচন আয়োগে নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে উক্ত ৰাজহ গাঁৱত ভোট কেন্দ্ৰ স্থাপন কৰিছে । ইতিমধ্যে আমি গোৱালপাৰা জিলা জমিয়তৰ জৰিয়তে মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগ আৰু ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগলৈ এই গাঁওসমূহৰ সকলো ধৰণৰ সুৰক্ষা বিচাৰি পত্ৰ প্ৰেৰণ কৰিছো । তদুপৰি চৰকাৰে উচ্চ ন্যায়ালয়ৰ ৰায়কো আওকাণ কৰা পৰিলক্ষিত হৈছে । চৰকাৰক এনে ধৰণৰ অমানবীয় উচ্ছেদ বন্ধ কৰিবলৈ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা তথা যিখিনি মন্দিৰ, মছজিদ, মাদ্ৰাছা আদি উচ্ছেদ কৰিছে সেই সমূহ লগতে উচ্ছেদিতসকলক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাই আৰু শীঘ্ৰেই এই অমানৱীয় চৰকাৰখনক বৰ্খাস্তৰ দাবীৰে আমি ৰাষ্ট্ৰপতিৰ কাষলৈ যাম ।’’

লগতে পঢ়ক: এইবাৰ বুলড'জাৰ চলিল বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত - EVICTION DRIVE IN GOALPARA

বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত সোণাপুৰৰ কচুতলীত পুনৰ আৰম্ভ উচ্ছেদ - Sonapur eviction drive

উচ্ছেদক লৈ পুনৰ আদালতত মুখথেকেচা অসম চৰকাৰৰ, সোণাপুৰৰ উচ্ছেদত আদালতৰ‌‌ স্থগিতাদেশ - Eviction Drive in Sonapur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.