ETV Bharat / state

গাড্ডাৰ বিচাৰি উলিয়াবলৈ বদৰুদ্দিন আজমলে চলাব অপাৰেচন - AIUDF Chief Badruddin Ajmal

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 7:24 AM IST

AIUDF General Council Meeting: এ আই ইউ ডি এফ দলৰ সাধাৰণ পৰিষদৰ বৈঠক । বৈঠকত নিৰ্বাচনী বিপৰ্যয় সন্দৰ্ভত বিশদ আলোচনাৰ লগতে দলীয় গাড্ডাৰৰ প্ৰসংগ উত্থাপন । ব্যৰ্থতা স্বীকাৰ কৰি সভাপতি পদ ত্যাগৰ ঘোষণা কৰিও থমকিল আজমল । লোকসভা নিৰ্বাচনত কিয় ধূলিসাৎ হ'ল এ আই ইউ ডি এফ, তাৰ কাৰণ বিচাৰি পৰ্যালোচনা । বৈঠকলৈ নাহিল বিধায়ক কৰিমুদ্দিন বৰভূঞা, জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী ।

AIUDF Chief Badruddin Ajmal
এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল (ETV Bharat Assam)

গুৱাহাটী,৩১ জুলাই : নিৰ্বাচনী বিপৰ্যয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ঘোষণা কৰি পুনৰ থমকিল এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল । মঙলবাৰে গুৱাহাটীৰ হাতীগাঁৱত অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ সাধাৰণ পৰিষদৰ বৈঠক । এই বৈঠকত নিৰ্বাচনী বিপৰ্যয় সন্দৰ্ভত বিশদ আলোচনা কৰাৰ লগতে দলীয় গাড্ডাৰ প্ৰসংগও উত্থাপন কৰা হয় ।

সাধাৰণ পৰিষদৰ বৈঠকত উত্তপ্ত পৰিস্থিতি :

ইফালে, দলীয় বিভিন্ন প্ৰসংগ আলোচনা হৈ থকাৰ মাজতে বৈঠকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্রণ হয় যদিও বৈঠকত নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি বদৰুদ্দিন আজমলে সভাপতি পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে । অৱশ্যে দলীয় সতীৰ্থসকলৰ অনুৰোধত পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে বদৰুদ্দিন আজমলে । উল্লেখ্য যে শক্তিহীন হৈ পৰা এ আই ইউ ডি এফ দলক উদ্ধাৰ কৰাৰ বাবে আজমলে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে । দলৰ সৈতে গাড্ডাৰী কৰা সকলক চিনাক্ত কৰি দলৰ পৰা আঁতৰ কৰাৰ দিশতো আজমলে পদক্ষেপ গ্ৰহণ কৰিছে ।

আনহাতে, সংবাদ মাধ্যমৰ আগত আজমলে কয়, " লোকসভাত তিনিখনে আমি হাৰিলো । কিয় হাৰিলো কাৰণ উলিয়াবলৈ এই বৈঠকৰ আয়োজন কৰা হৈছে । এ আই ইউ ডি এফ এতিয়াও মৰা নাই, জীয়াই আছে । এ আই ইউ ডি এফ শেষ হ'ল বুলি আমাৰ শত্ৰুৱে স্ফূৰ্তি কৰিব নালাগে, আমি জীয়াই আছো । আমি আমাৰ বেমাৰবোৰৰ অস্ত্রোপ্ৰচাৰ কৰি ভাল কৰিম । বেমাৰ বিচাৰি উলিয়াম ।"

নতুন শক্তিৰে যুঁজত নামিব এ আই ইউ ডি এফ:

বদৰুদ্দিন আজমলে লগতে কয়, "আগন্তুক নিৰ্বাচনত নতুন শক্তিৰে যুঁজত নামিব এ আই ইউ ডি এফ দল । ৰাইজৰ মাজলৈ যাব এ আই ইউ ডি এফ । ২০২৬ত নতুন ৰণকৌশল লৈ সাজু হৈছো । উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ আমি চিন্তা কৰা নাই । দলৰ মুৰব্বী হিচাপে মই সকলো ব্যৰ্থতা মূৰ পাতি লৈছো । এ আই ইউ ডি এফত গাড্ডাৰ আছে নাই সেইটো পিছৰ কথা, আমি আমাৰ অস্ত্রোপ্ৰচাৰ চলাই আছো । আমাৰ নাও কিয় ডুবিলে সেইটো কাৰণ বিচাৰি আছো । জাহাজ ডুবিলে কেপ্টেইনেই দায়ী । দলৰ ভিতৰৰ বেয়াবোৰ ভাল কৰি আছো । আমি মুছলিম বিবাহ আইন বাতিলৰ বিৰোধিতা কৰিম ।"

এ আই ইউ ডি এফত আছে গাড্ডাৰ :

অৱশ্যে আজমলে এ আই ইউ ডি এফত গাড্ডাৰ থকা বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰা বুলি মন্তব্য় কৰে । লক্ষ্যণীয় বিষয় যে এই বৈঠকত দলৰ গাড্ডাৰ সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয় । উল্লেখ্য যে বৈঠকত এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী উপস্থিত নাছিল । ইফালে, শাৰীৰিক অসুস্থতাৰ বাবে বৈঠকত উপস্থিত নাছিল বিধায়ক আব্দুল আজিজ । বৈঠকত বৰাকৰ উপস্থিত নথকা তিনিজন বিধায়কৰ প্ৰসংগতো পৰ্যালোচনা কৰা হয় । কিহৰ বাবে তেওঁলোক বৈঠকলৈ নাহিল । তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ সন্দৰ্ভত বৈঠকত বিশদ আলোচনা কৰা হয় ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰিছিল বদৰুদ্দিন আজমলে । ধুবুৰীৰ তিনিবাৰৰ সাংসদগৰাকীয়ে অভিলেখ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত। যাক লৈ দলটোৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । এই বৃহৎ পৰাজয়ক আজমল আৰু দলৰ নেতৃত্বই সহজভাৱে ল'ব পৰা নাই। যাৰ বাবে দলত চলিছে সংশোধনীৰ প্ৰক্ৰিয়া ।

লগতে পঢ়ক:আস্থা হেৰুৱাইছে এ আই ইউ ডি এফৰ নেতাসকলে; নেতা সলনিৰ ইংগিত বদৰুদ্দিন আজমলৰ - AIUDF Chief Badaruddin Ajmal

বিপদৰ এই সময়ত আগুৱাই নাহিলে আল্লা-ভগৱানে ক্ষমা নকৰিব : আজমল - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.