ETV Bharat / state

বি বৰুৱা মহাবিদ্যালয়ক স্বায়ত্ত শাসিত শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা - B Borooah College - B BOROOAH COLLEGE

গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ক ১০ বছৰৰ কাৰণে স্বায়ত্ত শাসিত শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা । ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা ২০৩৩-৩৪ চনলৈকে ১০ বছৰৰ বাবে স্বায়ত্তশাসিত মর্যাদা প্রদান মহাবিদ্যালয়খনক ৷

B BOROOAH COLLEGE
বি বৰুৱা মহাবিদ্যালয়ক স্বায়ত্তশাসিত মর্যাদা প্রদান (COLLEGE WEBSITE)
author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 10:44 PM IST

গুৱাহাটী, 15 জুলাই : ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ক আগন্তুক 10 বছৰৰ বাবে স্বায়ত্ত শাসিত শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা ৷ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)এ 'স্বায়ত্ত শাসিত' প্ৰতিষ্ঠানৰ মর্যাদা প্ৰদান কৰিছে মহাবিদ্যালয়খনক ৷ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ উপ-সচিবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক অৱগত কৰে এই কথা ৷ বিদ্যায়তনিক দিশত সাফল্যতাৰ বাবে এই স্বীকৃতি দিয়া হৈছে মহাবিদ্যালয়খনক ৷

B BOROOAH COLLEGE GUWAHATI
বি বৰুৱা মহাবিদ্যালয়ক স্বায়ত্তশাসিত মর্যাদা প্রদান (ETV BHARAT ASSAM)

চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত স্বায়ত্ত শাসিত মহাবিদ্যালয়সমূহৰ স্থায়ী সমিতিৰ বৈঠকৰ পৰামৰ্শৰ ভিত্তিত এই অনুমোদন প্ৰদান কৰা হয় মহাবিদ্যালয়খনক ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) 2024-25 শিক্ষাবৰ্ষৰ পৰা 2033-34 শিক্ষাবৰ্ষলৈকে 10 বছৰৰ বাবে স্বায়ত্ত শাসিত মর্যাদা প্ৰদান কৰে ৷ নিয়ম অনুসৰি মহাবিদ্যালয়খনক গুৱাহাটী বিশ্ববিদ্যালয়ে স্বায়ত্ত শাসিত মৰ্যাদা প্ৰদান সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিব লাগিব ৷ 30 দিনৰ ভিতৰত জাৰি কৰিব লাগিব এই অধিসূচনা ৷

লগতে পঢ়ক : শিক্ষা বিভাগৰ বিভিন্ন পদত ৪১ প্ৰাৰ্থীক মুখ্যমন্ত্ৰীৰ নিযুক্তি-পত্ৰ প্ৰদান - Assam CM Himanta Biswa Sarma

বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ নিয়মাৱলী, 2023 অনুসৰি মহাবিদ্যালয়খনক স্বায়ত্ত শাসিত মর্যাদা প্ৰদান কৰা হৈছে ৷ এই সন্দৰ্ভত আয়োগে এক জননীযোগে স্পষ্ট কৰি দিছে যে স্বায়ত্ত শাসিত মহাবিদ্যালয়খনে আন স্বায়ত্ত শাসিত মহাবিদ্যালয়সমূহৰ বাবে আয়োগৰ যিসমূহ নিয়মাৱলী, সেই সকলোবোৰ মানি চলিব লাগিব ৷ www.ugc.gov.in ত উপলব্ধ আছে এই নিয়মাৱলীসমূহ ৷ উল্লেখযোগ্য যে, বিগত বর্ষত বি বৰুৱা মহাবিদ্যালয়ে NAAC ৰ A++ গ্ৰেড (CGPA of 3.62) লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ উত্তৰ-পূবত এনে স্বীকৃতি লাভ কৰা চৰকাৰী খণ্ডৰ প্ৰথমখন শিক্ষানুষ্ঠান হৈছে বি বৰুৱা মহাবিদ্যালয় ৷ এই খবৰে এতিয়া উৎসাহিত কৰি তুলিছে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ৷

লগতে পঢ়ক : প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম - Recruitment in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.