ETV Bharat / state

জুবিন নাহিল : তিনিচুকীয়াত আটাছুৰ প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী বাতিল - ATASU Establishment Day in Tinsukia

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 5:18 PM IST

ATASU Foundation Day : তিনিচুকীয়াত দুদিনীয়া কাৰ্যসূচীৰে আটাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন ৷ জুবিন গাৰ্গে অনুষ্ঠান বাতিল কৰাত ক্ষোভিত উদযাপন সমিতি । বৰলাইপুলিৰ মণ্ডপত বাতিল দ্বিতীয়দিনাৰ সকলো কাৰ্যসূচী ৷

ATASU Establishment Day
তিনিচুকীয়াত আটাছুৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন (ETV Bharat Assam)

তিনিচুকীয়া, ১৬ জুলাই : তিনিচুকীয়াত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । সভাপতি মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা বৰলাইপুলি আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ আতিথ্যত ১৪ আৰু ১৫ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷

এই উপলক্ষে গঠন কৰা অভ্যৰ্থনা সমিতিয়ে প্ৰায় এমাহ পূৰ্বৰ পৰা যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি আৰম্ভ কৰে । বৰলাইপুলি মৰাণকাৰী ৰাজহুৱা খেলপথাৰৰ ডামচাও ৰুক্ম বুঢ়াগোহাঁই সমন্বয় ক্ষেত্ৰত ২৬ জুনত অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয় ৷

প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনকে আদি কৰি সকলো কাৰ্যসূচী সুকলমে সম্পন্ন হয় ৷ আনহাতে, প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনটোত সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ সংগীতানুষ্ঠান আছিল । আনহাতে, দ্বিতীয় দিনৰ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিবেশন কৰাৰ কথা আছিল । যাৰ বাবে উদযাপন সমিতি তথা গাঁৱবাসীয়ে হেঁপাহেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

ATASU Establishment Day
সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পোষ্ট (ETV Bharat Assam)

ইফালে বৰলাইপুলিৰ দৰে এটা গ্ৰামাঞ্চললৈ জুবিন গাৰ্গ আহিব বুলি সকলোৱে ১৫ জুলাইৰ দিনটোলৈ আশাপালি আছিল । কিন্তু ১৪ জুলাইত মানস ৰবীনে নিজৰ সংগীতানুষ্ঠান পৰিবেশন কৰি ৰাইজৰ মৰম বুটলিলেও ১৪ জুলাইৰ নিশা জুবিন গাৰ্গে সামাজিক মাধ্যমত দিয়া এটা পোষ্টে পৰিৱেশ সম্পূৰ্ণ সলনি কৰি পেলায় ।

ATASU Establishment Day
উদযাপন সমিতিৰ স্পষ্টীকৰণ (ETV Bharat Assam)

পোষ্টটোত জুবিন গাৰ্গে লিখে, আয়োজকসকলৰ অপেছাদাৰী মনোভাবৰ বাবে বৰলাইপুলিত আটাছুৱে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত তেওঁৰ সংগীতানুষ্ঠান বাতিল কৰা হৈছে । উক্ত পোষ্টটো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাচতে অতি আগ্ৰহেৰে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ বাট চাই থকাসকলৰ মাজত ক্ষোভৰ উদ্গীৰণ হয় ৷

আনহাতে, স্থানীয় ৰাইজ তথা উদযাপন সমিতিয়ে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত অন্ধকাৰত থকাৰ বাবে ক্ষোভিত হৈ ১৫ জুলাইৰ পুৱা অনুষ্ঠানস্থলীত একত্ৰিত হৈ এক আলোচনাত মিলিত হয় । উক্ত বৈঠকৰ আলোচনামৰ্মে দ্বিতীয়টো দিনৰ সকলো কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ATASU Establishment Day
প্ৰতিষ্ঠা দিৱসৰ বেনাৰ (ETV Bharat Assam)

উল্লেখ্য যে সাংস্কৃতিক অনুষ্ঠানৰ বাবে জুবিন গাৰ্গক আমন্ত্ৰণ জনোৱা বিষয়টোত উদযাপন সমিতি জড়িত নাছিল । ইয়াৰ বিপৰীতে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে দুবিন গাৰ্গক আমন্ত্ৰণ জনাইছিল ৷ সেয়ে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল হোৱাৰ ক্ষেত্ৰত উদযাপন সমিতি কোনোপধ্যেই জগৰীয়া নহয় বুলি স্পষ্টীকৰণ প্ৰকাশ কৰে ৷

ইফালে আটাছুৰ নেতৃবৰ্গই দ্বিতীয়দিনাৰ মুকলি সভাখন মূল মণ্ডপত সুকলমে আয়োজন কৰিবলৈ বিচাৰিছিল যদিও উদযাপন সমিতিয়ে তাত কোনোপধ্যেই সন্মতি নিদিয়াত ততাতৈয়াকৈ দিনৰভাগতে মণ্ডপ খুলিবলৈহে বাধ্য কৰোৱা বুলি জানিব পৰা গৈছে ৷ কিন্তু ইতিমধ্যে সকলো অতিথি প্ৰতিষ্ঠা দিৱসৰ মুকলি সভালৈ বুলি আগমন ঘটাত বিকল্প পথ বিচাৰি পৰৱৰ্তী সময়ত ততাতৈয়াকৈ শ্ৰীপুৰীয়াস্থিত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্টুপীয়াকৈ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাখনৰ আয়োজন কৰা হয় ৷

আনহাতে, আটাছুৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত সন্ধিয়াৰ পৰা আৰম্ভ হ’বলগা সভাখন নিশা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হয় ৷ আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, আটছাৰ সভাপতি ধীৰাজ গোৱালা, বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ লগতে বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ৷

আনহাতে, মুকলি সভাত আটাছুৰ প্ৰাক্তন সভাপতি ডামচাও অশ্বিনী চেতিয়াৰ সোঁৱৰণত যুৱ সাংবাদিক শোণিত কুমাৰ ভূঞাক বজ্ৰকণ্ঠ বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য, উক্ত সভাতেই আছুৰ প্ৰাক্তন কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে আটাছুত যোগদান কৰে ৷

লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত চচলত আটাছুৰ ধৰ্ণা : ৬ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ - All Tai Ahom Students Union
লগতে পঢ়ক :নেতা-মন্ত্ৰীসকলে আহোম জনগোষ্ঠীক কেৱল ট্ৰাম্প কাৰ্ড হিচাপেহে ব্যৱহাৰ কৰি আহিছে : আটাছু - All Tai Ahom Students Union

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.