মৰাণ: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । উজনি অসমৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা ছাত্ৰাৱাসত খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে । খাদ্যত বিষক্ৰিয়াৰ ফলত কেইবাজনো ছাত্ৰ হ’বলগীয়া হৈছে চিকিৎসাধীন । চিকিৎসা মহাবিদ্যালয়ৰ ২২৫ খন বিচনা যুক্ত ছাত্ৰাৱাসত সংঘটিত হয় এই ঘটনা ।
প্ৰথমে এজন ছাত্ৰৰ পাতলীয়া শৌচ, পেটৰ বিষ আৰম্ভ হোৱাৰ পাছতে আন সাতজনৰো বমি, পেটত গেছ জাতীয় অসুস্থতা আৰম্ভ হয় । অসুস্থ অনুভৱ কৰি চিকিৎসা মহাবিদ্যালয়ৰ কেজুৱেলটিলৈ আহে ছাত্ৰসকল । পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অসুস্থ ছাত্ৰসকলক চিকিৎসা প্ৰদান কৰি বৰ্তমান তেওঁলোকক নিৰীক্ষণত ৰখা বুলি জানিব পৰা গৈছে ।
অৱশ্যে চিকিৎসাধীন ছাত্ৰকেইজন বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷ যোৱা নিশা হোষ্টেলত ৰন্ধা আলু ভাজি খাই এই অসুস্থতাত ভুগিছে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ কেইজন । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এই ঘটনা সংঘটিত হোৱাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলৰ মাজত ।
কি কয় অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে :
দেওবাৰে দুপৰীয়া প্ৰথম এজন ছাত্ৰ কেজুৱেলটিলৈ আহি পেটৰ সমস্যা হোৱা বুলি অৱগত কৰিছিল । তেওঁৰ পৰা তথ্য লোৱাত ছাত্ৰাৱাসত আৰু সাতজনমানৰ এই সমস্যা হোৱা বুলি জানিব পৰা যায় । তাৰ পাছতে গোটেই কেইজন ছাত্ৰৰে স্বাস্থ্য পৰীক্ষা কৰা হয় । তেওঁলোক বৰ্তমান সম্পূৰ্ণ সুস্থ, চিন্তাৰ কাৰণ নাই । তেওঁলোকে নিশা আলু ভাজি খোৱা বুলি অৱগত কৰিছে ।
প্ৰথমাৱস্থাত 40 জন ছাত্ৰ অসুস্থ হোৱা বুলি খবৰ ৰাজহুৱা হৈছিল যদিও সেয়া নহয় বুলি জনালে অধীক্ষকগৰাকীয়ে ।
লগতে পঢ়ক: ড্ৰাগছৰ ব্যৱহাৰে এইডছৰ ভয়াৱতা বৃদ্ধি কৰিছে অসমত !