ETV Bharat / state

এটা গছৰ পাতেৰেও কেনেদৰে ধনৰ অভাৱ দূৰ কৰিব ? - Astro tips

Astro tips by Astrologer : টকা হাতত নাথাকে নেকি? আয়তকৈ ব্যয় বেছি নেকি ? তেন্তে কৰক এই উপায়। এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই ।

Astro tips by Astrologer
এটা গছৰ পাতেৰেও কেনেদৰে ধনৰ অভাৱ দূৰ কৰিব ?
author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 9:54 PM IST

এটা গছৰ পাতেৰেও কেনেদৰে ধনৰ অভাৱ দূৰ কৰিব ?

গুৱাহাটী, 21 এপ্ৰিল : বৰ্তমান সময়ত টকা-পইচা সকলোৰে বাবে প্ৰয়োজন । ধন উপাৰ্জনৰ বাবে বহুতে বহুত ধৰণৰ কষ্ট কৰিবলগীয়া হয় । তথাপিও সকলোৰে ঘৰতে ধনৰ অভাৱ পৰিলক্ষিত হয় ৷ সকলোৱে কৰবাত নহয় কৰবাত ধনৰ কথাকে ভআবি থাকে ৷ ধন আহে বা উপাৰ্জনো ঠিকেই থাকে কিন্তু ইমান বেছি খৰছ হৈ যায় যে পইচা হাতত ৰাখিব নোৱাৰে ।

কি উপায় কৰিলে ধন বৃদ্ধি হোৱাত সহায় হ'ব পৰামৰ্শ দিলে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই-

১) প্ৰত্যেক আমাৱশ্যাৰ দিনাখন যদি ঘৰৰ প্ৰতিজন সদস্যই গংগাজলেৰে গা ধুব পাৰে আৰু লগতে সেইদিনা ঘৰৰ দক্ষিণ দিশত এগছি ঘীৰ চাকি জ্বলাই তেনেহ’লে অনাহকত হোৱা ধন ব্যয় ৰোধ হয় ।

২) প্ৰতি শনিবাৰে যদি আঁহত গছৰ তলত তিল দিয়া চাকি জ্বলাব পাৰিলেও ধন বৃদ্ধিত সহায় হয় ।

৩) তিনিটা ডালচেনীৰ টুকুৰা ৰঙা সূতাৰে বান্ধি ঘৰৰ প্ৰৱেশদ্বাৰত যদি ওলোমাই ৰাখিব পাৰে তেন্তেও ধন বৃদ্ধি হোৱাও সহায় হয় ।

৪) ধন বৃদ্ধিৰ বাবে "মানীপ্লান্ট" ঘৰৰ উত্তৰ বা দক্ষিণ-পূৱ দিশত ৰাখিব পাৰে ।

৫) ঘৰৰ ঠাই মোছাৰ সময়ত নিমখ, ভিনেগাৰ ব্যৱহাৰ কৰিলে ধন বৃদ্ধিৰ লগতে নিগেটিভিটি দূৰ কৰাতো সহায় কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

৬) টকা-পইচাৰ বাবে বিভিন্ন সময়ত বহু মানুহ মানসিক দুঃচিন্তাত ভুগা পৰিলক্ষিত হয় । তেওঁলোকে ৫০ গ্রাম চফগুটি এখন বগা কাপোৰেৰে মেৰিয়াই গাৰুৰ ভিতৰত ৰাখিলে তেওঁলোকৰ মানসিক দুঃচিন্তা নোহোৱা হোৱাৰ লগতে টোপনিও ভাল হ'ব । লগতে তেওঁলোকে গাধোৱা পানীত অকমান কৰ্পূৰ আৰু ফিটকিৰি মিহলি কৰি যদি গা ধোৱে তেনেহলেও এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায় ।

৭) বাহিৰৰ পৰা ঘৰলৈ যেতিয়া আহিব তেতিয়া কেতিয়াও খালী হাতেৰে ঘৰলৈ নাহিব। কিবা নহয় কিবা সামগ্ৰীৰ হাতত লৈহে ঘৰ সোমাব । একো নাথাকিলে গছৰ পাত এটা হ’লেও লৈ আহিব ।

৮) মা লক্ষ্মীক পূজা কৰোতে যদি এটা আঁহত পাতত ঘীৰ চাকি লগাব পাৰে তেতিয়াও ভাল ।

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.