ETV Bharat / state

ভুৱা বাতৰিৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিব ফটোগ্ৰাফাৰ ৰিংকু ৰঞ্জন শইকীয়া - Photographer Tarkik Borah

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 8:19 PM IST

FIR against fake news : ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিব তাৰ্কিক বৰাৰ সহযোগী ফটোগ্ৰাফাৰ ৷ পলাতক তাৰ্কিক বৰা আৰু চুমি বৰাই ফটোগ্ৰাফাৰ ৰিংকু ৰঞ্জন শইকীয়াৰ বাসগৃহত আশ্ৰয় লৈ থকা বুলি ওলাইছিল খবৰ ৷

FIR against fake news
ফটোগ্ৰাফাৰ ৰিংকু ৰঞ্জন শইকীয়া (ETV Bharat Assam)

যোৰহাট, ১২ ছেপ্টেম্বৰ : ভুৱা বাতৰিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব তাৰ্কিক বৰাৰ সহযোগী ফটোগ্ৰাফাৰে ৷ তাৰ্কিক বৰাৰ সহযোগী ফটোগ্ৰাফাৰ ৰিংকু ৰঞ্জন শইকীয়াই এই মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত ৷

উল্লেখ্য যে চুমী বৰা আৰু তাৰ্কিক বৰাই তিতাবৰ মহিমাবাৰীৰ ফটোগ্ৰাফাৰ ৰিংকু ৰঞ্জন শইকীয়াৰ বাসগৃহত আশ্ৰয় লৈছিল বুলি এক প্ৰচাৰ চলিছিল ৷ উক্ত প্ৰচাৰৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে তাৰ্কিক বৰাৰ লগত ফটোগ্ৰাফাৰ হিচাপে কাম কৰা তিতাবৰৰ ৰিংকু ৰঞ্জন শইকীয়াই ৷

ফট’গ্ৰাফাৰগৰাকীয়ে কয়, ‘‘তাৰ্কিক দাৰ লগত মই দুবছৰে আছো, আজিলৈকে ট্ৰেডিঙৰ সন্দৰ্ভত এটা শব্দও শুনা নাই ৷ মোৰ নামত ভুৱা নিউজ ওলাইছে ৷ ক’ৰ পৰা ওলাইছে সেই সন্দৰ্ভত এজাহাৰ দিম বুলি ভাবিছো ৷ আৰক্ষীয়ে যোগাযোগো কৰা নাই মোৰ লগতে ৷ নিউজত ওলাইছে আৰক্ষীয়ে আমাৰ ঘৰত অভিযান চলাইছে বুলি ৷ ভুৱা নিউজ ওলাইছে ৷’’

তাৰ্কিক বৰা আৰু চুমি বৰাৰ সন্দৰ্ভত ৰিংকু ৰঞ্জন শইকীয়াই কয়, ‘‘ তাৰ্কিক আৰু চুমী বৰাৰ লগত মোৰ বেলেগ একো সম্পৰ্ক নাই ৷ মই ফ্ৰীলেন্সাৰ ফটোগ্ৰাফাৰ, চিনেমেট’গ্ৰাফী কৰো ৷ যিয়েই মোক আগতীয়াকৈ তাৰিখ ঠিক কৰে, তেওঁৰ লগতে কাম কৰো ৷ বেলেগে মতাৰ দৰেই তাৰ্কিকেও ৱেডিঙৰ কাৰণে মাতে, ভিডিঅ’ কৰিবৰ কাৰণে যাওঁ ৷ তাৰ্কিকৰ পত্নী হিচাবে চুমী বৰাক চিনি পাওঁ ৷ গুৱাহাটীৰ বিয়াত লগ পাইছিলো ৷’’

উল্লেখ্য যে বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ বাবে যোৱাৰ সময়তে পুৱতি নিশা STF এ গ্ৰেপ্তাৰ কৰে চুমি বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাক ৷ দুয়োৰে নাম সাঙোৰ খাই পৰিছিল বিশাল ফুকনৰ বৃহৎ প্ৰৱঞ্চনাৰ ঘটনাৰ সৈতে ৷

লগতে পঢ়ক : চুমী-তাৰ্কিকক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

খেলা খতম ! চুমীৰ আত্মসমৰ্পণক লৈ ডিজিপিৰ ভাষ্যত সন্দেহ প্ৰকাশ দেৱব্ৰত শইকীয়াৰ

বিলাসী হোটেলত ব্ৰেকফাষ্ট ! চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজ আতিথ্য ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.