ETV Bharat / state

বিশাল সম্পত্তি থকাৰ পাছতো সংকটত : সাত বছৰত পৰিবহণ নিগমৰ ৬০৩.৩১ কোটি টকা লোকচান - Assam State Transport Corporation

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:01 PM IST

Assam State Transport Corporation: কেৱল লোকচান । বিজেপি চৰকাৰৰ দিনত অসম ৰাজ্যিক পৰিবহণ নিগমৰ লোকচানৰ পৰিমাণ ৬০৩.৩১ কোটি টকা । বৰ্ত্তমান চলি আছে ৬৪৬ খন বাছ । চলিব পৰা অৱস্থাত নাই ৪৮৬ খন বাছ । নিলামত দিবলৈ ১৭২ খন বাছ সাজু । লীজত দিব ২২৬ খন বাছ । ১,৮০৩ গৰাকী কৰ্মচাৰীৰ দৰমহাৰ নামত মাহে ব্যয় হয় ৪৪৪.৪৮ লাখ টকা ।

Assam State Transport Corporation suffers losses even after owning huge property
সংকটত পৰিবহণ নিগম (ETV Bharat Assam)

গুৱাহাটী,৪ ছেপ্টেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল সম্পত্তি আৰু যথেষ্ঠ সম্ভাৱনীয়তা থকাৰ পাছতো চৰকাৰৰ সদিচ্ছা আৰু উপযুক্ত ব্যৱস্থাপনাৰ অভাৱতে ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম । এককথাত অভাৱনীয় সংকটৰ মাজত আছে অসমবাসীৰ আবেগ-অনুভূতি জড়িত হৈ থকা এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো । দুর্বল ব্যৱস্থাপনাকে ধৰি বিভিন্ন কাৰণত বছৰৰ পাছত বছৰ ধৰি আয়তকৈ ব্যয়ৰ পৰিমাণ বৃদ্ধি হৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ লোকচান এতিয়া আকাশচুম্বী হৈ পৰিছে ।

২০১৬ চনৰ পৰা এতিয়ালৈ অসম ৰাজ্যিক পৰিবহণ নিগমত হোৱা লোকচান পৰিমাণ হৈছে ৬০৩.৩১ কোটি টকা । বিধানসভাৰ সদ্যসমাপ্ত অধিৱেশনত উন্মোচিত হৈছে এই তথ্য । কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে উত্থাপন কৰা লিখিত প্ৰশ্নৰ উত্তৰত পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই সদনত দাঙি ধৰা তথ্যই উন্মোচিত কৰিছে পৰিবহণ নিগমৰ শোচনীয় অৱস্থাটো ।

Assam State Transport Corporation suffers losses even after owning huge property
সাত বছৰত পৰিবহণ নিগমৰ কোটি টকা লোকচান (ETV Bharat Assam)

কিমান বাহন কি অৱস্থাত আছে পৰিবহণ নিগমৰ:

বিধানসভাত চৰকাৰীভাৱে দিয়া তথ্য অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগমত বর্তমান ৬৪৬ খন নিজস্ব বাহন চলি আছে । আনহাতে ৪৮৬ খন বাছ বর্তমান পথত চলিব পৰা অৱস্থাত নাই । ইয়াৰ ভিতৰত মেৰামতি সম্ভৱ হোৱা বাছৰ সংখ্যা ৮৮ খন আৰু মেৰামতি সম্ভৱ নোহোৱা বাছৰ সংখ্যা ১৭২ খন । আনহাতে মেৰামতি সম্ভৱ নোহোৱা এই ১৭২ খন বাছ পৰিবহণ নিগমে নিৰ্ধাৰিত নীতিৰ জৰিয়তে নিলামৰ ব্যৱস্থা কৰি আছে । সেইদৰে অচল হৈ থকা ২২৬ বাছ নিবিদাৰ জৰিয়তে লীজত দিবলৈ ব্যৱস্থা কৰি আছে পৰিবহণ নিগমে ।

পৰিবহণ নিগমৰ কৰ্মচাৰীৰ সংখ্যা আৰু দৰমহাৰ ব্যয়:

অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ১,৮০৩ জন । কৰ্মচাৰীসকলৰ দৰমহাৰ নামত মাহে ব্যয় হয় ৪৪৪.৪৮ লাখ টকা । আনহাতে লোকচানৰ পৰা হাত সাৰিবলৈ কৰ্মচাৰীসকলক ভি আৰ এছ দিয়াৰো ব্যৱস্থা কৰিছে নিগমে । ২০২৩ চনত ১৭০ গৰাকী আৰু ২০২৪ চনত ৮৩ গৰাকী কৰ্মচাৰীক ভি আৰ এছ দিয়া হৈছে ।

নিগমৰ অন্য আয়ৰ উৎস:

ৰাজ্যৰ প্ৰায়বোৰ চহৰতে পৰিবহণ নিগমৰ বহু মূল্যৱান সম্পদ আছে । বিধানসভাত দিয়া তথ্য অনুসৰি নিগমৰ কোনো ভূমি লীজত দিয়া হোৱা নাই । অনুজ্ঞাপত্ৰৰ ভিত্তিত ব্যৱসায়িকভাৱে মুঠ ১,৫০৯ খন সৰু-বৰ প্ৰতিষ্ঠান ব্যক্তিক অনুমতি প্রদান কৰা হৈছে । ইয়াৰ বাবদ নিগমে মাহেকত ৫৫ লাখ টকা সংগ্ৰহ কৰে ।

পৰিবহণ নিগমৰ প্রতিখন জিলাৰ মুখ্য স্থানত যথেষ্ট সম্পত্তি আছে যদিও নিগমৰ পৰিস্থিতি অতি শোচনীয় । পৰিবহণ নিগমক স্বচ্ছল কৰি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা থকাৰ পাচতো কোনো উদ্যোগ গ্ৰহণ কৰা হোৱা নাই । বিশাল সম্পত্তিক কিদৰে উৎপাদক্ষম কৰি ব্যৱহাৰ কৰিব পাৰি তাৰ কোনো পৰিকল্পনা নাই ।

বিজেপি চৰকাৰৰ আমোলত নিগমৰ আয়-ব্যয় আৰু লোকচান :

বিজেপি চৰকাৰৰ আমোলত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষলৈকে পৰিবহণ নিগমৰ আয় হৈছে মুঠ ৮১৩৮২.২৮ লাখ টকা । ইয়াৰ বিপৰীতে এই সময়ছোৱাত ব্যয় হৈছে ১৪১৭১২.৮৫ লাখ টকা । অর্থাৎ নিগমৰ লোকচানৰ পৰিমাণ হৈছে ৬০৩৩০.৫৭ লাখ টকা । বিধানসভাৰ তথ্য অনুসৰি বছৰ অনুসৰি লোকচানৰ পৰিমাণ হৈছে ২০১৬-১৭ বিত্তীয় বৰ্ষত ৭৭৮৬.৫৭ লাখ টকা, ২০১৭-১৮ বিত্তীয় বৰ্ষত ৫৩৭৪.৯৫ লাখ টকা , ২০১৮-১৯ বিত্তীয় বৰ্ষত ১০১৩২.৫১৭ লাখ টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ৯৭৮১.৯০ লাখ টকা, ২০২০-২১ বিত্তীয় বৰ্ষত৮২৬৩.৮৯ লাখ টকা, ২০২১-২২ বিত্তীয় বৰ্ষত ১০,৬৫৩ লাখ টকা আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৮৩৩৭.৩০ লাখ টকা । অৰ্থাৎ প্ৰত্যেক বছৰেই নিগমে কেৱল লোকচানৰ মুখ দেখি আহিছে ।

নিগমৰ দূৰণিবটীয়া নৈশ বাছৰ চলাচল :

পূৰ্বৰ তুলনাত নিগমৰ দূৰণিবটীয়া দিবা-নৈশ বাছ চলাচলৰ সংখ্যা ক্ৰমাৎ যথেষ্ট কমি আহিছে । কেইটামান পথতহে চলি আছে নিগমৰ দূৰণিবটীয়া দিবা-নৈশ বাছ । সেই অনুসৰি গুৱাহাটী-দয়ালপুৰৰ মাজত এখন, শিলচৰ-শ্বিলঙৰ মাজত এখন, হাইলাকান্দি-শ্বিলঙৰ মাজত এখন বাছ চলি আছে । একেদৰে দূৰণিবটীয়া দিনত চলা বাছ গুৱাহাটী-হাফলঙৰ মাজত এখন, গুৱাহাটী-তেজপুৰৰ মাজত পাঁচখন, গুৱাহাটী-লখিমপুৰৰ মাজত দুখন আৰু গুৱাহাটী-বিহপুৰীয়াৰ মাজত দুখন চলি আছে ।

নিগমৰ অধীনত চলা বাছ:

নিগমৰ অধীনত চলি থকা বাছসমূহৰ ভিতৰত ডিজেলচালিত বাছ হৈছে ১৬৩খন । সেইদৰে ইলেকট্রিক বাছ হৈছে ২০৮খন । আনহাতে চি এন জি চালিত বাছৰ সংখ্যা হৈছে ১০০খন । তদুপৰি ৰাজহুৱা প্ৰতিষ্ঠান অইল, অ' এন জি চি, বি চি পি এল আদিত চলি আছে নিগমৰ ১৭৫খন বাছ ।

বিশাল সম্পত্তিৰ গৰাকী অসম ৰাজ্যিক পৰিবহণ নিগম :

ভূ-সম্পদেৰে বিশাল সম্পত্তিৰ অধিকাৰী হোৱাৰ পাচতো অসম ৰাজ্যিক পৰিবহণ নিগমৰ দৰে বিয়াগোম প্রতিষ্ঠানটোৱে আজি মৃত্যুৰ ক্ষণ গণিব লগীয়া হৈছে । ধাৰাবাহিকভাৱে লোকচান ভৰি থকা নিগমে ধনৰ অভাৱত নিলামত দি আহিছে ইখনৰ পিচত সিখনকৈ বাছ । ইফালে ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে ৰাজ্যখনৰ জিলাই জিলাই পৰিবহণ নিগমৰ বিঘাই বিঘাই মাটি বেদখলৰ কবলত আছে ।

কেৱল সেয়াই নহয় ৰাজ্যখনৰ ৩৫ টা বাছ আস্থানেই আজি অস্তিত্বহীন । এই বাছ আস্থানসমূহত থকা গৃহসমূহো হৈ পৰিছে জৰাজীৰ্ণ । অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বর্তমান ১৩০ টা আস্থান আৰু উপ-আস্থান আছে যদিও ইয়াৰে ৩৫ টাৰে কোনো ধৰণৰ চিন-মোকাম নোহোৱা হোৱাৰ উপক্ৰম হৈছে । এই আস্থানকেইটাৰ মাটি বেদখল হোৱাৰ লগতে কাৰ্যালয় গৃহৰো কোনো অস্তিত্বনোহোৱা হৈ পৰিছে ।

চৰকাৰী তথ্য অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ নামত থকা মুঠ ভূমিৰ পৰিমাণ হৈছে ৮২২ বিঘা একঠা ৯ লেচা । এই পৰিবহণ নিগমৰ অধীনত থকা বঙাইগাঁও সংমণ্ডল, গুৱাহাটী সংমণ্ডল, উত্তৰ লখিমপুৰ সংমণ্ডল, শিলচৰ সংমণ্ডল, তেজপুৰ সংমণ্ডলৰ ৩৫ টা আস্থানৰ এতিয়া কোনো অস্তিত্ব নাই তথা পৰিত্যক্ত হৈ আছে ।

তেনেদৰে ৰংজুলি, সৰভোগ, গৌৰীপুৰ, ছিপাঝাৰ, বদৰপুৰ, মৰাণ, কৰিমগঞ্জ, তেজপুৰৰ জয়মতী পথাৰকে ধৰি বহু আস্থানৰ প্রায় ৫০ বিঘা মাটি বেদখলকাৰীৰ কবলত । এনেদৰে চৰকাৰৰ গাফিলতি আৰু অদুৰদৰ্শীতাৰ বাবে এটা সময়ত লাভজনক হৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগমে এতিয়া মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে ।

লগতে পঢ়ক: বিশাল সম্পত্তি থকাৰ পাচতো অসম ৰাজ্যিক পৰিবহণ নিগমত বৰ্তমান মৃত্যুঘণ্টা বাজিছে : ৰেকিবুদ্দিন আহমেদ - Assam State Transport Corporation

পৰিবহন নিগমৰ বাছ আস্থানসমূহ পুনৰ উজ্জীৱিত কৰাৰ আশ্বাস পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ - Transport Minister Keshab Mahanta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.