ETV Bharat / state

অসমৰ চাৰিখন বনাঞ্চলত বিৰল প্ৰজাতিৰ ১৭৯ টা পিগমি হগৰ পুনৰ সংস্থাপন - PYGMY HOG

অসমৰ ক'ত পোৱা যায় আটাইতকৈ সৰু পিগমি হগ ? এই সন্দৰ্ভত জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ।

Pygmy Hog
পিগমি হগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 4:28 PM IST

তেজপুৰ: গিনিজ বিশ্ব অভিলেখ গঢ়া বিশ্বৰ আটাইতকৈ সৰু প্ৰজাতিৰ গাহৰি পিগমি হগ বা নলগাহৰিৰ বিষয়ে জানেনে ? ই অসমত স্থানীয়ভাৱে উপলব্ধ হোৱা বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ এবিধ বনৰীয়া গাহৰি । ইয়াৰ ইংৰাজী নাম পিগমি হগ (Pygmy Hog) । এসময়ত বিলুপ্ত হৈ পৰা এবিধ বনৰীয়া গাহৰি বা নলগাহৰি ১৯৭১ চনত বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যত পুনৰ আৱিষ্কাৰ কৰা হৈছিল । বৰ্তমান শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত আৰু গুৱাহাটীৰ বশিষ্ঠত ইয়াৰ সংৰক্ষণ কেন্দ্ৰ আছে । "ষাঠি দশকত এজন ইংৰাজ প্ৰাণী বিজ্ঞানীয়ে Wildlife of India নামৰ গ্ৰন্থখনৰ বাবে বন্যপ্ৰাণীৰ পৰ্যবেক্ষণ কৰোতে এই প্ৰাণীবিধ বিশ্বৰ বিৰল প্ৰজাতিৰ বুলি বৰ্ণনা কৰি তেওঁৰ সহযোগীৰ লগত ইয়াৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল ৷" এই মন্তব্য পিগমি হগ সংৰক্ষণ প্ৰকল্পৰ সঞ্চালক পৰাগ জ্যোতি ডেকাৰ ।

নলগাহৰি কেতিয়াৰ পৰা সংৰক্ষণ কৰা হয় :

Pygmy Hog
পিগমি হগ (ETV Bharat Assam)

১৯৯৫ চনত অসম চৰকাৰৰ বন বিভাগে ব্ৰিটেইনৰ জাৰ্চিৰ ডাৰেল বন্যপ্ৰাণী সংৰক্ষণ ট্ৰাষ্ট(Durrell Wildlife Conservation Trust, Jersey, UK),আই ইউ চি এন, বন্য গাহৰি বিশেষজ্ঞ গোট ( IUCN, Wild Pig Specialist Group)আৰু ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এই জটিলভাৱে বিপন্ন, বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল গাহৰি ৰক্ষাৰ বাবে পিগমি হগ সংৰক্ষণ কাৰ্যসূচীৰে (পি এইচ চি পি) এটা সংস্থা গঠন কৰে । পৰৱৰ্তী সময়ত বন্যপ্ৰাণী সংৰক্ষণ সংস্থা আৰণ্যক আৰু ইকো-ছিষ্টেমছ ইণ্ডিয়া পি এইচ চি পি যুটীয়াভাৱে ইয়াৰ অংশীদাৰ হয় । পিগমি হগ সংৰক্ষণ প্ৰগ্ৰেম চমুকৈ পি এইচ চি পিয়ে ১৯৯৬ চনৰ পৰা ২০১৩ চনৰ ভিতৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সংৰক্ষণ আৰু প্ৰজননৰ বাবে মাত্ৰ ১০টা পিগমি হগ বা এই নলগাহৰি আনিছিল যাতে এই প্ৰজাতিটোৰ কমি অহা সংখ্যা বৃদ্ধি কৰিব পাৰি । ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ২১৬ টা পোৱালিৰ সৈতে ৮২৫ টা গাহৰি সংৰক্ষণ কৰা অৱস্থাত জন্ম হয় আৰু তিনি মাহৰ ওপৰৰ প্ৰায় ৫৩৬ টা পোৱালি এই সংস্থাই ডাঙৰ-দীঘল কৰিছিল ।

বৰ্তমান প্ৰজাতিৰ সংখ্যা :

পিগমি হগ সংৰক্ষণৰ প্ৰকল্প সঞ্চালক পৰাগ জ্যোতি ডেকাই জনাই, "বৰ্তমান দুটা স্থানত সংৰক্ষণ প্ৰজনন কেন্দ্ৰ আছে । ইয়াৰে এটা গুৱাহাটীৰ বশিষ্ঠ আৰু আনটো নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পোটাশালিত আছে৷ ইয়াত এই প্ৰজাতিৰ মুঠ ৯৫ টা নলগাহৰি আছে ৷ আনহাতে আৰু দুটা অসম ৰাজ্যিক চিৰিয়াখানাত ৰাজহুৱা প্ৰদৰ্শনৰ বাবে ৰখা হৈছে । এই কাৰ্যসূচীৰ জৰিয়তে ২০০৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত অসমৰ ৪ খন সংৰক্ষিত বনাঞ্চল ক্ৰমে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১৭৯ টা পিগমি হগ মুকলি কৰা হয় । ইয়াৰ ভিতৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৫৯ টা, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত ৩৬ টা, বৰনদীত ২২ টা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৬২ টা পুনৰ সংস্থাপনৰ বাবে মুকলি কৰা হয় ।" উল্লেখযোগ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে আনুমানিক ১৫০ টা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১০০ টা পিগমি হগ আছে বুলি অনুমান কৰা হৈছে বুলি ডেকাই কয় ।

পিগমি হগ কি :

পিগমি হগ (Porcula salvania) বনৰীয়া গাহৰিৰ এটা আটাইতকৈ সৰু প্ৰজাতি । ই সাধাৰণ প্ৰজাতিকৈ বহুত বেলেগ আৰু অৰণ্যত পোৱা সাধাৰণ বনৰীয়া গাহৰি (Sus scrofa)তকৈ সৰু আৰু অত্যন্ত বিৰল প্ৰজাতিৰ । অসমত ইয়াক নলগাহৰি বা টাকুৰি বৰাহ বুলিও জনা যায় । বড়োসকলে ইয়াক ওমা ঠাখৰি বুলি কয় । ইয়াৰ দৈৰ্ঘ মাত্ৰ ৬০ৰ পৰা ৬৫ চেঃ মিঃ আৰু উচ্চতা ২৫ চেঃ মিঃ হয় ৷ প্ৰাপ্তবয়স্ক মতা নলগাহৰি এটাৰ ওজন ৮ৰ পৰা ৯ কিলোগ্ৰাম আৰু মাইকীবোৰ কিছু সৰু হয় । বিশেষকৈ বনৰীয়া গাহৰিৰ তুলনাত ই প্ৰায় ১০-১৫ গুণ কম ডাঙৰ হয় । পিগমি হগৰ প্ৰতি বছৰে ৪ বা ৫ টা পোৱালি জন্ম হয় । বছৰত এবাৰহে প্ৰজনন কৰে আৰু প্ৰায় ১৫৫ দিনৰ গৰ্ভাৱস্থাৰ পিছত এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত পোৱালি জন্ম হয় । জন্মৰ সময়ত ইয়াৰ ওজন মাত্ৰ ১৫০ গ্ৰাম থাকে ৷ অৰ্থাৎ প্ৰায় এটা এন্দুৰৰ সমান । ইহঁতে জন্মৰ এসপ্তাহৰ পিছতহে বাহৰ পৰা ওলাই আহে আৰু প্ৰায় ১০ বছৰ পর্যন্ত জীয়াই থাকে ।

পিগমি হগ ক’ত পোৱা যায় :

বৰ্তমান অসমৰ মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ঘাঁহনিতহে পিগমি হগ পোৱা যায় । পূৰ্বতে হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা ঘাঁহনিৰ সংকীৰ্ণ বনাঞ্চলত ইহঁতক পোৱা গৈছিল ৷ বিশেষকৈ উত্তৰ প্ৰদেশ, নেপাল, বিহাৰ, উত্তৰ বংগ আৰু অসমত ।

কিদৰে সংৰক্ষণ কৰিব পাৰি :

প্ৰকল্প সঞ্চালক ডেকাই জনাই, "পিগমি হগ সংৰক্ষণ কৰিবলৈ বনাঞ্চলত ওখ ঘাঁহনিবোৰ বচাব পৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷ কাৰণ এই অঞ্চল প্ৰজাতিটোৰ বাসস্থান । লগতে বনাঞ্চলৰ ঘাঁহনিবোৰ ভালদৰে সুৰক্ষিত কৰি সঠিকভাৱে পৰিচালনা কৰি জুই আৰু বানপানীৰ পৰা ৰক্ষা কৰিব লাগিব । বিশেষকৈ শুকান বতৰত বনাঞ্চলত অনিয়ন্ত্ৰিতভাৱে ঘাঁহ জ্বলোৱা বন্ধ কৰিব লাগিব ৷"

লগতে পঢ়ক: ৰঙা ঠোঁট-কিচকিচীয়া ক'লা পাখিৰ হাঁহ, হালধীয়া ভাটৌ চাব খোজে নেকি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.