ETV Bharat / state

অসমৰ এখনো জিলাত সম্পূৰ্ণ হোৱা নাই 'জলজীৱন মিছন' আঁচনিৰ কাম - Jal Jeevan Mission

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 6:26 PM IST

Jal Jeevan Mission: প্ৰধানমন্ত্রীৰ অভিলাষী 'জলজীৱন মিছন' আঁচনি ৰূপায়ণত অসমৰ স্থান ২৪ নম্বৰত । এখনো জিলাত হোৱা নাই এশ শতাংশ কাম । এতিয়াও বঞ্চিত প্ৰায় ১৫ লাখ পৰিয়াল । এতিয়ালৈকে জলজীৱন মিছনৰ ৭৯.১৭ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ জলজীৱন মিছনৰ আঁচনি ৰূপায়ণত হোৱা অনিয়মক লৈ কঠোৰ চৰকাৰ ।

Jal Jeevan Mission
অসমৰ এখনো জিলাত সম্পূৰ্ণ হোৱা নাই 'জলজীৱন মিছন' আঁচনিৰ কাম (Etv Bharat ASSAM)

গুৱাহাটী, ২১ জুন : দেশৰ জনতাই যাতে বিশুদ্ধ খোৱাপানী লাভ কৰিব পাৰে তাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা এক বিশেষ অভিলাষী আঁচনি হৈছে 'জলজীৱন মিছন' । প্ৰতিটো ঘৰতে টেপ যোগে পানী যোগান ধৰাৰ এই অভিলাষী আঁচনিখন অসমত সফল হ'ব পৰা নাই ।

প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই আঁচনিখনত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে যদিও অসমত আঁচনিখন সঠিকভাবে ৰূপায়ণ হোৱা নাই । আনকি পূর্বতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি জলজীৱন মিছনৰ কামত নিয়োজিত ঠিকাদাৰসকলক ভালকৈ কাম কৰাৰ বাবে সকীয়নি দিছিল ।

কিন্তু সেই সকীয়নি কোনো কামত নহাত এতিয়া ৰাজ্য চৰকাৰখনে কঠোৰ স্থিতি গ্রহণ কৰিবলৈ বাধ্য হৈছে । আনকি নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ আমানতৰ ধন বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকৰ কামৰ আৱণ্টনো বাতিল কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰখনে ।

উল্লেখ্য যে, জলজীৱন মিছনৰ ক্ষেত্রত দেশৰ আন ৰাজ্যসমূহৰ তুলনাত অসম এতিয়াও বহু পিচ পৰি আছে । এইক্ষেত্ৰত দেশৰ ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে ২৪। লক্ষণীয় বিষয় যে, দেশৰ ১১ খন ৰাজ্যত জলজীৱন মিছনৰ কাম এশ শতাংশ সম্পূর্ণ হৈছে । কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত এতিয়ালৈকে জলজীৱন মিছনৰ ৭৯.১৭ শতাংশ কাম সম্পূৰ্ণ হৈছে । পানীৰ সংযোগ পাবলগীয়া ৰাজ্যৰ ৭১,৫৫,৪০২ টা বাসগৃহৰ ভিতৰত এতিয়ালৈকে ৫৫,৬৪,৬২৯টা বাসগৃহতহে পানীৰ সংযোগ হৈছে ।

শেহতীয়াকৈ চৰকাৰে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত এই আঁচনিখনৰ কাম সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও বিভাগীয় একাংশ বিষয়া, অভিযন্তা আৰু ঠিকাদাৰৰ বাবে লক্ষ্য পূৰণৰ সম্ভাৱনীয়তা কম পৰিলক্ষিত হৈছে । ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত জলজীৱন মিছনৰ আঁচনি ৰূপায়ণত হোৱা অনিয়মৰ কথা পোহৰলৈ অহাৰ পাচতেই ৰাজ্যৰ মুখ্য সচিবে শেহতীয়াকৈ এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰিছিল ।

উক্ত বৈঠকত জলজীৱনৰ কাম কাজ পর্যালোচনা কৰাত বহু বিসংগতি পোহৰলৈ আহিছিল । যাৰ পৰিপ্ৰেক্ষিতত ঠিকা লৈ কাম নকৰা আৰু নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ আমানত ধন বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে জালিয়াতি কৰা ঠিকাদাৰৰ কামৰ আৱণ্টনো বাতিল কৰাৰ নিৰ্দেশ দিয়া হয় । আনহাতে এনে ঠিকাদাৰসকলে যাতে আন বিভাগত কাম নাপায় তাৰ নিৰ্দেশ দিয়াৰ লগতে লেহেমগতিত কাম কৰা ঠিকাদাৰৰ পৰা ক্ষতিপূৰণ আদায়ৰো আদেশ দিয়া হৈছে ।

উল্লেখ্য যে, বিগত বছৰ মাৰ্চ মাহত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো জলজীৱন আঁচনিৰ কাম-কাজৰ লগত জড়িত ঠিকাদাৰসকলক কাম সোনকালে সমাপ্ত কৰাৰ বাবে নির্দেশ দিছিল। জলজীৱন মিছনৰ কাম চলিত বৰ্ষৰ ৩১ মাৰ্চত সামৰণি পৰাৰ কথা আছিল আৰু যাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো ঠিকাদাৰক ডিচেম্বৰ মাহত কাম কৰি শেষ কৰিবলৈ আহ্বান জনাইছিল । কিন্তু মুখ্যমন্ত্রীৰ নিৰ্দেশ আৰু আহ্বানৰ পাচতো ঠিকাদাৰসকলে সঠিকভাৱে কাম আগবঢ়াই নিয়া নাই। যাৰ বাবে এতিয়াও ৰাজ্যখনত ৭৯.১৭ শতাংশ কামহে সম্পূর্ণ হৈছে।

লক্ষণীয় বিষয় যে, ৰাজ্যখনৰ এখন জিলায়ো এতিয়ালৈকে জলজীৱনৰ কাম এশ শতাংশ সম্পূৰ্ণ কৰিব পৰা নাই । ৰাজ্যৰ ভিতৰত একমাত্র মাজুলী জিলাতহে সৰ্বাধিক কাম হৈছে । মাজুলীত জলজীৱন মিছনৰ ৯২.৯৮ শতাংশ কাম হৈছে । ইয়াৰ বিপৰীতে বজালী জিলাত ৮৯.৬৯ শতাংশ, কামৰূপ মহানগৰীত ৮৭.৬৯ শতাংশ, শিৱসাগৰত ৮৬.৭৬ শতাংশ কাম সম্পূৰ্ণ হৈছে ।

আনহাতে একেবাৰে কম কাম হৈছে কাৰ্বি আংলং জিলাত । জিলাখনত এতিয়ালৈকে ৫৩.৪৫ শতাংশ কামহে সম্পূৰ্ণ হৈছে। সেইদৰে পশ্চিম কাৰ্বি আংলং জিলাত ৫৪.৩৩ শতাংশ, মৰিগাঁও জিলাত ৬৪.২৯ শতাংশ, চিৰাং জিলাত ৬৫.৩৭ শতাংশ, যোৰহাট জিলাত ৬৭.৯৮ শতাংশ, ধুবুৰী জিলাত ৭৪.৭২ শতাংশ, কামৰূপ জিলাত ৭৬.১০ শতাংশ কাম সম্পূৰ্ণ হৈছে। যাৰ বাবে জলজীৱন মিছনক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰখন আৰু গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। যাতে ডিচেম্বৰৰ ভিতৰত কাম সম্পূৰ্ণ হয় ৷

লগতে পঢ়ক: একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা - Opposition unity forum Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.