ETV Bharat / state

সীমান্তৰে অসমত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত বাংলাদেশীৰ, শুকুৰবাৰেও জালত পৰিল দুগৰাকী - Bangladeshi intruders

author img

By ANI

Published : 2 hours ago

Infiltration to Assam: ভাৰত-বাংলাদেশ সীমান্তৰে একাংশ বাংলাদেশীৰ অসমলৈ অনুপ্ৰৱেশ ঘটি থকা ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে ৷ অসম আৰক্ষীয়ে চোকা দৃষ্টি ৰাখি সীমান্তত শেহতীয়াকৈ বহুকেইগৰাকী বাংলাদেশীক আটক কৰি ওভতাই পঠিয়াবলৈ সক্ষম হৈছে ৷ চাওক সবিশেষ-

INFILTRATION TO ASSAM
সীমান্তৰে অসমত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত বাংলাদেশীৰ (Assam CM X handle)

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ: শুকুৰবাৰে পুৱা অসম আৰক্ষীয়ে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব খোজা দুগৰাকী বাংলাদেশী নাগৰিকক ওভতাই পঠিয়াবলৈ সক্ষম হয় ৷ অনুপ্ৰৱেশৰ চেষ্টা চলোৱা দুই বাংলাদেশী নাগৰিকক দিলাৰা বেগম আৰু শ্বোল হাৱালদাৰ বুলি চিনাক্ত কৰা হৈছে ৷

টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্টত লিখে, ‘‘অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আজি পুৱা অসম আৰক্ষীয়ে সফলতাৰে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হ’ব খোজা বাংলাদেশী নাগৰিকক ওভতাই পঠিয়াইছে ৷ ভাল কামবোৰ কৰি যাওক ৷’’

ইফালে যোৱা ১৯ ছেপ্টেম্বৰত ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখি অসম আৰক্ষীয়ে কৰিমগঞ্জত সীমান্তৰ সমীপত চাৰিজন বাংলাদেশী নাগৰিকক চিনাক্ত কৰে । তেওঁলোকক ৰোমিদা বেগম, আব্দুল ইলাহি, মাৰিজনা বেগম, আব্দুল শুক্কুৰ বুলি চিনাক্ত কৰা হৈছে । লগে লগে তেওঁলোকক সীমান্ত পাৰ কৰাই বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয় ।

ইয়াৰ পূৰ্বে যোৱা ১৭ ছেপ্টেম্বৰত অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৰাজ্যৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফে পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰিছিল ।

এই সন্দৰ্ভত এটা X পোষ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰক্ষী আৰু বি এছ এফৰ যৌথ অভিযানত মানকাচৰত এখন অটোৰ পৰা ৫ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰা হয় ।

"সোধা-পোছাৰ পিছত আটকাধীন অনুপ্ৰৱেশকাৰীসকলে প্ৰকাশ কৰে যে তেওঁলোকে শ্বেৰপুৰৰ পৰা সীমান্ত পাৰ হৈ আহিছে আৰু দক্ষিণ শালমাৰা মানকাচৰৰ পাপ্পন নামৰ এজন ভাৰতীয় নাগৰিক এই অনুপ্ৰৱেশৰ সংযোগৰ সৈতে জড়িত । ব্যক্তিসকলক ওভতাই পঠিওৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি এই লিংকবোৰ ধৰা পেলোৱাৰ বাবে কাম কৰি আছো ।" অসমৰ মুখ্যমন্ত্ৰীয়ে X ত লিখিছে ।

আটকাধীন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী কেইজনক আকাশ আলী, চফিকুল মণ্ডল, ছাবিনা আখতাৰ, পিংকি আখতাৰ, ছান্তা আৰু অটো চালক আখিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।

তাৰ পূৰ্বেও যোৱা ১২ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে তিনিজন বাংলাদেশী নাগৰিকক চিনাক্ত কৰি নিজৰ দেশলৈ ওভতাই পঠিয়ায় । আনহাতে, ১১ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে টয়ু শ্বেইখ নামৰ এজন বাংলাদেশী নাগৰিকক আটক কৰি বাংলাদেশলৈ পঠিয়াই দিয়ে ।

লগতে পঢ়ক: জানুৱাৰীৰ পৰা সীমান্তত ৫৪ অবৈধ অনুপ্ৰৱেশকাৰীক আটক - Bangladeshi detained

১৫ হাজাৰ টকাত সীমান্ত পাৰ হোৱা বাংলাদেশীক গ্ৰেপ্তাৰ

সীমান্তত তিনি বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Assam CM on Bangladeshi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.