ETV Bharat / state

সীমান্তত তিনি বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Assam CM on Bangladeshi

author img

By ANI

Published : Aug 29, 2024, 7:30 AM IST

Bangladeshi Infiltration: এক্সত দিয়া এক পোষ্টত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে কৰিমগঞ্জ আৰক্ষীয়ে সীমান্তত তিনি বাংলাদেশী নাগৰিকক চিনাক্ত কৰে । পৰৱৰ্তী সময়ত তেওঁলোকক ঘূৰাই পঠোৱা হয় ।

Bangladeshi Infiltration
সীমান্তত তিনি বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল (ANI Photo)

নিউজ ডেস্ক, ২৯ আগষ্ট : বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা বিফল । অসমৰ ভাৰত-বাংলাদেশ সীমান্তত অসমত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা তিনি বাংলাদেশী নাগৰিকক চিনাক্ত কৰি ঘূৰাই পঠোৱা হৈছে । বুধবাৰে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এক্সত দিয়া এক পোষ্টত মুখ্যমন্ত্ৰীয়ে কয়, "যিকোনো অনুপ্ৰৱেশৰ বিৰুদ্ধে আমাৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে আমাৰ চলিত নীতি অনুসৰি কৰিমগঞ্জ আৰক্ষীয়ে উল্লেখিত বাংলাদেশী নাগৰিকসকলক চিনাক্ত কৰে । ইয়াৰ পৰৱৰ্তী সময়ত আজি ১২.৫০ বজাত তেওঁলোকক ঘূৰাই পঠাই দিয়ে ।"

তেওঁ প্ৰকাশ কৰা অনুসৰি অসমত অনুপ্ৰৱেশ কৰিব খোজা বাংলাদেশী তিনিজন হৈছে জুবেইৰ শ্বেখ, জুৱেল শ্বেখ আৰু ৰুমা খাতুন । উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৫ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে কোনো হিন্দুৱে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰা নাই আৰু তেওঁলোকে তাত যুঁজ দি আছে ৷

"হিন্দুসকলে বাংলাদেশত যুঁজ দি আছে আৰু বাংলাদেশতে আছে । যোৱা মাহত, আমি এজনো হিন্দু ব্যক্তি চিনাক্ত কৰা নাই । কিন্তু আমি যোৱা মাহত 35 জন মুছলমান অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছোঁ । আজিও মই টুইট কৰিছোঁ যে আমি কৰিমগঞ্জত দুজন লোকক গ্ৰেপ্তাৰ কৰি কালি নিশা তেওঁলোকক ঘূৰাই পঠাইছোঁ ।" শিলচৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় ।

তেওঁ লগতে কয় যে বাংলাদেশৰ হিন্দু লোকসকলে অসমত প্ৰৱেশ কৰাৰ কোনো ৰেকৰ্ড নাই । "আমি তেওঁলোকক বাধা দিছিলোঁ আৰু ঘূৰাই পঠাইছোঁ । আৰু সৌভাগ্যক্ৰমে বা দুৰ্ভাগ্যবশতঃ এইটো উল্লেখ কৰিব লাগিব যে তেওঁলোক এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ, হিন্দু নহয় । হিন্দুসকলে তাত যুঁজ দি আছে আৰু কোনো হিন্দুৱে ভাৰতলৈ আহিবলৈ চেষ্টা কৰা নাই । হিন্দুসকলে কেৱল আমাৰ প্ৰধানমন্ত্ৰীক নিৰাপত্তা নিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ অনুৰোধ জনাইছে ।" মুখ্যমন্ত্ৰীয়ে কয় ।

উল্লেখ্য যে বাংলাদেশত সংঘটিত শেহতীয়া উত্তেজনা এতিয়াও শাম কটা নাই । এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে দেশখনত । ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুঁজাৰুসকলৰ বংশধৰকে ধৰি নিৰ্দিষ্ট গোটসমূহৰ বাবে অসামৰিক সেৱাৰ চাকৰি সংৰক্ষণ কৰা কোটা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত জুলাই মাহৰ আৰম্ভণিতে বাংলাদেশত প্ৰতিবাদৰ সূত্ৰপাত হয় । এই প্ৰতিবাদে গৈ গণ অভ্যুত্থানৰ ৰূপ লয় আৰু অৱশেষত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়ক :সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ এজাহাৰ - FIR against Assam CM
লগতে পঢ়ক :অসমক ভাবুকি দিবলৈ আপোনাৰ সাহস কেনেকৈ হ’ল ? মমতাক হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.