ETV Bharat / state

প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বাসগৃহত বোমা বিচাৰি অভিযান - ULFA I BOMB PLANS

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 3:29 PM IST

Operation at Anup Chetia residence : ৰাজ্যজুৰি বোমা বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বাসগৃহতো চলিল অভিযান ৷ অৱশ্যে কোনোধৰণৰ সন্দেহযুক্ত সামগ্ৰী বিচাৰি নাপালে অভিযানকাৰী দলটোৱে ৷

Operation at Anup Chetia residence
অনুপ চেতিয়াৰ বাসগৃহত বোমা বিচাৰি অভিযান (ETV Bharat Assam)

তিনিচুকীয়া, ১৬ আগষ্ট : স্বাধীনতা দিৱসৰ দিনটোৰ পৰাই ৰাজ্যত অব্যাহত আছে বোমাৰ আতংক ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আলফা(স্বা)ই সংস্থাপন কৰা বোমা বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ দ্বিতীয়টো দিনত বোমা বিচাৰি অভিযান চলোৱা হ’ল প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বাসগৃহত ৷

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ পানীতোলাতো আলফা স্বাধীনে বোমা সংস্থাপন কৰা বুলি সংগঠনটোৱে উল্লেখ কৰিছে ৷ প্ৰথমটো দিনত পানীতোলাৰ স্পৰ্শকাতৰ অঞ্চলটোসমূহত অভিযান চলোৱাৰ পিছত শুকুৰবাৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ পানীতোলাস্থিত বাসগৃহত বোমা বিচাৰি আৰক্ষীয়ে অভিযান চলায় ৷

তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত তিনিচুকীয়া আৰু পানীতোলা আৰক্ষীয়ে অনুপ চেতিয়াৰ বাসগৃহত বহুপৰধৰি চলোৱা অভিযানকালত কোনোধৰণৰ বিস্ফোৰক সামগ্ৰী বিচাৰি পোৱা নগ’ল ৷ বাসগৃহটোৰ চৌহদকে আদি কৰি সমগ্ৰ অঞ্চলত মেটেল ডিটেক্টৰৰ জৰিয়তে চলোৱা হৈছিল অভিযান ৷ উল্লেখযোগ্য যে, আলফা স্বাধীনে ১৫ আগষ্টত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ তথ্য ই-মেইলযোগে ৰাজহুৱা কৰিছিল ।

নিষিদ্ধ সংগঠনটোৱে ৰাজ্যৰ ২৫ টা স্থানত বোমা সংস্থাপনৰ দাবীৰে তথ্য ৰাজহুৱা কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ কেবাটাও স্থানত বোমাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । স্বাধীনতা দিৱসৰ দিনটোৰ পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত বোমাকেইটা ফুটিব বুলি কোৱা হৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে সেয়া সম্ভৱ নহ’ল বুলি আলফা(স্বা)ই জানিবলৈ দিছিল ।

উক্ত ২৫ টা স্থানৰ ভিতৰত আছিল তিনিচুকীয়া জিলাৰ দুটা স্থান ৷ তিনিচুকীয়া আৰু পানীতোলাত আলফা(স্বা)ই বোমা সংস্থাপন কৰাৰ কথা জনাইছিল ৷ কিন্তু উল্লেখ কৰা নাছিল কোনো নিৰ্দিষ্ট স্থান । গতিকে এতিয়া বোমা বিচাৰি তিনিচুকীয়া আৰক্ষীয়ে প্ৰতিটো ক্ষণতে তিনিচুকীয়া আৰু পানীতোলাত অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : লখিমপুৰত দুপৰ নিশালৈকে বিচাৰিও আৰক্ষীয়ে নাপালে তৃতীয়টো বোমাৰ সন্ধান

ডিব্ৰুগড়ত বোমা বিচাৰি নাপালে আৰক্ষী-সেনাবাহিনীয়ে

নগাঁৱত উদ্ধাৰ হোৱা নাই বোমা: বোমাৰ সন্দেহত কি উদ্ধাৰ হ'ল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.