ETV Bharat / state

ৰাইজৰ ক্ষতি কৰিবলৈ কোনোবা ওলালে আমি একশ্যন ল’ম : অসম আৰক্ষীৰ বিশেষ ডিজিপি হৰমিত সিং - ULFA I Bomb Plant

Special DGP Harmeet Singh : বোমা য’ত য’ত উদ্ধাৰ হৈছে, সেইসমূহ গোচৰহে ৰুজু কৰিছে অসম আৰক্ষীয়ে ৷ ৰাইজৰ ক্ষতি কৰিব বিচৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানৰ ৷ ইতিমধ্যে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী গোট ৷

Special DGP Harmeet Singh
SIT গঠন অসম আৰক্ষীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 3:52 PM IST

ডিব্ৰুগড়, ১৮ আগষ্ট : আলফা (স্বাঃ)ৰে চৰকাৰৰ যোগাযোগ চলি থকাৰ মাজতে স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ২৫টা স্থানত বোমা স্থাপন কৰি নিজৰ অস্তিত্ব প্ৰমাণিত কৰিলে নিষিদ্ধঘোষিত সংগঠনটোৱে ৷ ৰাজ্যজুৰি আলফা স্বাধীনৰ বিশেষ তৎপৰতাৰ পিচতে অধিক তৎপৰ হৈছে অসম আৰক্ষী ৷

অসম আৰক্ষীৰ বিশেষ ডিজিপি হৰমিত সিং (ETV Bharat Assam)

আলফা স্বাধীনে সংস্থাপন কৰা বোমা বিচৰাৰ সমান্তৰালভাৱে সংগঠনটোৰ শেহতীয়া কাৰ্যকলাপ ৰোধ কৰাৰ বাবে জিলাই জিলাই আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হৈছে ৷ শনিবাৰে শিৱসাগৰত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিচত দেওবাৰে ডিব্ৰুগড় আৰক্ষীৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে ।

দেওবাৰে পুৱা ডিব্ৰুগড়ৰ দৌলত সিং নেগী গেষ্ট হাউছৰ সভাকক্ষত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিত বহু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ আলোচনা অনুষ্ঠিত হয় ৷ ইয়াৰ পিচতে লেপেটকতাস্থিত BCPLৰ প্ৰশাসনিক ভৱনত উজনি অসমৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকী ৷

উক্ত বৈঠকত সিঙৰ লগতে, আইজিপি (প্ৰশাসন) পাৰ্থসাৰথি মহন্ত, আই জি পি (উত্তৰ-পূব অঞ্চল) সত্যৰাজ হাজৰিকাৰ উপৰিও ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু শদিয়া জিলাৰ আৰক্ষী অধীক্ষক আৰু এছপি-ইন-চাৰ্জসকল উপস্থিত থাকে । আলফা স্বাধীনে অসমৰ বিভিন্ন স্থানত সংস্থাপন কৰা বিস্ফোৰক উদ্ধাৰৰ ক্ষেত্ৰত অসম আৰক্ষীৰ তদন্তৰ বিষয়ে পৰ্যালোচনা কৰা বুলি জানিব পৰা গৈছে ।

উক্ত সভাত অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ বিশেষ ডি জি পি হৰমিত সিঙে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সন্মুখত । বিশেষ ডিজিপি হৰমিত সিঙে কয়, ‘‘অসমৰ য’ত য’ত বোমাসদৃশ বস্তু পোৱা গৈছে, তাতে এছ আই টি গঠন কৰা হৈছে ৷ জিলাসমূহৰ এই ঘটনা জিলা আৰক্ষী অধীক্ষকসকলে তদাৰক কৰাৰ লগতে গুৱাহাটীত ডি চি পি আৰু এচি পিয়ে তদাৰক কৰিছে । আজি এই সমগ্ৰ ঘটনাক লৈ তদন্ত বিষয়ক লৈ আলোচনা কৰা হ’ল । ৰাইজক নিৰাপত্তা আৰু সুৰক্ষা দিয়াৰ বাবে কি কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হ'ল ৷’’

সিঙে কয়, ‘‘অমুকে কৈছে বোমা আছে, তমুকে কৈছে বোমা নাই, তেনেকৈ নহ’ব । বোমা য’তেই উদ্ধাৰ হৈছে, তাতেই কেছ লোৱা হৈছে ৷ ৰাইজক নিৰাপত্তা দিয়াটো আমাৰ কাম । ৰাইজক ক্ষতি কৰিবলৈ কোনোবা ওলালে আমি একশ্যন ল’ম ।’’

লগতে পঢ়ক : বোমাকাণ্ডৰ বুজ ল’বলৈ নলবাৰীত আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱা

বোমা সংস্থাপন: ভাৰতীয় সেনাৰ সৈতে বৈঠক মিলিত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া

লিংকমেনৰ সন্দেহ : নলবাৰীত প্ৰাক্তন আলফা পদ্মলোচন দাস ওৰফে উদ্গৰীণ অসমক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.