গুৱাহাটী, ২৩ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে অসম চৰকাৰ আৰু অসম আৰক্ষীৰ দুৰ্নীতি বিৰোধী অভিযান । শাসনলৈ আহি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল । সেই অনুসৰি ৰাজ্যত অব্যাহত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান ৷
![Assam Police failed to produce evidence of corruption in court against arrested employees](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-04-2024/as-ghy-03-assam-police-failed-to-produce-evidence-of-corruption-in-court-against-arrested-employees-7209925_12042024200401_1204f_1712932441_221.jpeg)
ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দুর্নীতি বিৰোধী স্থিতিৰ বাবেই প্রান্তে প্রান্তে দুর্নীতিগ্রস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাটো এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে । বিগত প্রায় তিনিটা বছৰত অসমত দুই শতাধিক দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে । কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে গ্ৰেপ্তাৰ হোৱাসকলৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষীয়ে আদালতত সময়মতে তথ্য-প্রমাণ দাখিল কৰিবলৈ সক্ষম হোৱা নাই । যাৰ ফলস্বৰূপে তেওঁলোকৰ মুক্তিৰ পথ প্ৰশস্ত হৈ পৰিছে ।
![Assam Police failed to produce evidence of corruption in court against arrested employees](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-04-2024/as-ghy-03-assam-police-failed-to-produce-evidence-of-corruption-in-court-against-arrested-employees-7209925_12042024200401_1204f_1712932441_941.jpeg)
গৃহ বিভাগৰ তথ্য মতে, ২০২১ চনৰ মে' মাহৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈ ২৪০জন দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল । দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষকৈ দুর্নীতি নিবাৰক আৰু চি আই ডিয়ে অভিযান চলায় । এই দুয়োটা শাখাই গ্ৰেপ্তাৰ কৰা ২৪০জন দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰীৰ ভিতৰত দুৰ্নীতি নিবাৰক শাখাই ১৮৮ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ৫২ জনক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল ।
![Assam Police failed to produce evidence of corruption in court against arrested employees](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-04-2024/as-ghy-03-assam-police-failed-to-produce-evidence-of-corruption-in-court-against-arrested-employees-7209925_12042024200401_1204f_1712932441_673.jpeg)
তাৎপৰ্যপূৰ্ণ কথা এয়ে যে আৰক্ষীৰ এই দুয়োটা তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰা ৯৫ শতাংশ কৰ্মচাৰীয়ে এতিয়া মুকলি আকাশৰ তলত । তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীৰ বিপৰীতে সময়মতে কেছ ডায়েৰী দাখিল কৰিব নোৱৰা, সময়মতে অভিযোগনামা দাখিল কৰিব নোৱৰা অথবা সময়মতে দুৰ্নীতিৰ তথ্যপ্রমাণ দাখিল কৰিব নোৱৰাৰ বাবেই বর্তমানে এইসকল চৰকাৰী কৰ্মচাৰীয়ে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে ।
লক্ষণীয় বিষয় যে অসম আৰক্ষীৰ দুয়োটা তদন্তকাৰী শাখাই বিগত সময়ছোৱাত আৰক্ষী বিষয়াকে ধৰি বিভিন্ন বিভাগৰ অভিযন্তা, কনিষ্ঠ অভিযন্তা, মহাপ্রবন্ধক, বিদ্যালয় শিক্ষক, বনৰক্ষী বিষয়া, অধীক্ষক, লাটমণ্ডল আদিক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল । বিগত সময়ছোৱাত গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীৰ ভিতৰত সৰ্বাধিকসংখ্যক লাটমণ্ডলে উৎকোচ গ্রহণ কৰাৰ সময়ত হাতে-লোটে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল । কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এনে দুর্নীতিগ্ৰস্ত কৰ্মচাৰীসকলৰ অধিকাংশই এতিয়া জামিনত মুকলি হ'বলৈ সক্ষম হৈছে ।
অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই বিগত দুই বছৰ আঠটা মাহত গ্ৰেপ্তাৰ কৰা মুঠ ১৮৮ জন কৰ্মচাৰীৰ ভিতৰত ১৮১ জনেই এতিয়া মুকলি আকাশৰ তলত । তথ্য অনুসৰি এই বৃহৎ সংখ্যক বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিলেও বৰ্তমানলৈকে তদন্তকাৰী সংস্থাটোৱে মাত্র ৯৩ জন কৰ্মচাৰীৰ বিৰুদ্ধেহে এতিয়ালৈ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে । বাকী ৯৫ জন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়াও তদন্ত অব্যাহত বা তদন্ত স্তব্ধ হৈ আছে ।
ইফালে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰা ৫২ জন চৰকাৰী কৰ্মচাৰীৰ ভিতৰত ১৪ জন বিষয়াক নিলম্বন আৰু ৫ জনক বৰ্খাস্ত কৰা হৈছে । লগতে ১৩ জনৰ নিলম্বন বা বৰ্খাস্তৰ আদেশ প্রত্যাহাৰ কৰা হৈছে । অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত কেইবাজনে আজিৰ তাৰিখত পুনৰ কাৰ্যালয়ত যোগদান কৰি তেওঁলোকৰ সেৱা অব্যাহত ৰাখিছে ।
অসম আৰক্ষীৰ দুয়োটা তদন্তকাৰী সংস্থাই উৎকোচ লোৱাৰ অপৰাধত মুঠ ২৪০ জন বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি চমক সৃষ্টি কৰিলে যদিও এইসকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় ব্যবস্থা বা শাস্তিমূলক ব্যৱস্থা লোৱাৰ তথ্য তেনেই নগণ্য । বিষয়া-কৰ্মচাৰী সকলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাতেই যেন আৰক্ষীৰ দায়িত্ব শেষ ।
সময়মতে অভিযোগনামা দাখিলত অসম আৰক্ষী ব্যৰ্থ হোৱা বাবেই এইসকল বিষয়া-কৰ্মচাৰী জামিনত মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছে । আৰক্ষীৰ এনে দুৰ্বল ভূমিকাৰ বাবেই দুৰ্নীতি কৰা সকল শংকিত নহৈ দুৰ্নীতিত লিপ্ত হৈ আছে । এনে পৰিস্থিতিত দুৰ্নীতি বিৰোধী অভিযানৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো কাৰ্যত ভেকোভাওনাত পৰিণত হৈছে ।
লগতে পঢ়ক : শিক্ষাৰ্থীক অসমীয়া পৰম্পৰাৰ সৈতে পৰিচয় কৰাৰ দিয়াৰ প্ৰয়াস এখন বিদ্যালয়ৰ - RONGALI BIHU 2024