ETV Bharat / state

বোমাকাণ্ডৰ বুজ ল’বলৈ নলবাৰীত আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱা - ULFA I Bomb Plant

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 6:46 PM IST

ULFA I bomb plans failed : বোমাৰ আতংকৰ পিছত তদন্ত তথা ঘটনাৰ বুজ ল’বলৈ নলবাৰীত উপস্থিত অসম আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱা ৷ নলবাৰীত উদ্ধাৰ হোৱা সন্দেহজনক সামগ্ৰিখিনি এতিয়ালৈকে বোমা হয় নে নহয় নিশ্চিত কৰিব পৰা নাই বুলি মন্তব্য শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ ৷

ULFA I BOMB PLANS FAILED
নলবাৰীত উপ-মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱা (ETV Bharat Assam)

নলবাৰী, 17 আগষ্ট : 'ৰাইজক সুৰক্ষা দিয়াই আৰক্ষীৰ কাম ৷ ৰাইজক সুৰক্ষা দিয়াৰ বাবেইতো আমাক দৰমহা দি আছে ৷' নলবাৰীত এই মন্তব্য অসম আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাৰ ৷ বোমাসদৃশ সামগ্ৰী উদ্ধাৰৰ পিছতেই আজি নলবাৰীত উপস্থিত হৈ এই মন্তব্য কৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷

নলবাৰীত উপস্থিত আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱা (ETV Bharat Assam)

উল্লেখ্য যে, 15 আগষ্টত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ই ৰাজ্যৰ 25 টা স্থানত বোমা সংস্থাপন কৰা আছে বুলি কোৱাৰ পিছতে মহানগৰীকে ধৰি নলবাৰীতো উদ্ধাৰ হৈছিল বোমাসদৃশ এটি টোপোলা ৷ আলফা (স্বা)ই কোৱাৰ দৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি হাস্পতাললৈ যোৱা পুৰণি পথটোৰে সোমাই এখন পৰিত্যক্ত 108 এম্বুলেঞ্চৰ ভিতৰত উদ্ধাৰ হৈছিল বোমাসদৃশ টোপোলাটো ৷ তাৰ পিছতে সন্দেহজনক এই টোপোলাটো পাগলাদিয়া নদীৰ পাৰলৈ নিস্ক্ৰিয় কৰিবলৈ নিয়া হৈছিল ৷ কিন্তু ঘটনাৰ দুটা দিন অতিক্ৰম কৰি যোৱাৰ পিছতো এতিয়ালৈকে আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই সেয়া আচলতে কি ৷ যাৰ বাবে এই সামগ্ৰীখিনি গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাই ৷

নলবাৰীৰ বোমাৰ আতংকৰ ঘটনাৰ বুজ লবলৈ তথা তদন্ত প্ৰক্ৰিয়া কিদৰে চলি আছে তাক চাবলৈ আজি নলবাৰীত উপস্থিত হয় বুলি মন্তব্য কৰে ইন্দ্ৰাণী বৰুৱাই ৷ আনহাতে এই ঘটনাৰ লগত জড়িতসকল অতি সোনকালে ধৰা পৰিব বুলিও সদৰী কৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷ ইতিমধ্যে এখন চাৰিজনীয়া তদন্ত সমিতিও গঠন কৰি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক মূল দায়িত্ব দিয়াৰ লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে সকলো দিশ নিৰীক্ষণ কৰিব বুলি জনায় তেওঁ ৷

লগতে পঢ়ক : চৰকাৰক শক্তিৰ উমান দিবলৈহে একেলগে ২৫ টা বোমা : আৰু কি কি ক’লে পৰেশ বৰুৱাই ? - ULFA I Bomb Plant

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.