ETV Bharat / state

অসম আৰক্ষীৰ জালত ৪ বাংলাদেশৰ অনুপ্ৰৱেশকাৰী: ক্ষীপ্ৰতাৰে বাংলাদেশক হস্তান্তৰ - Bangladeshi nationals apprehended - BANGLADESHI NATIONALS APPREHENDED

Bangladeshi Nationals in Assam : ১৯ আগষ্টৰ নিশা অসম আৰক্ষীয়ে ত্ৰিপুৰাৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে । ধৃত লোককেইজন বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ, তেওঁলোকৰ নাম মঃ আবু ছাইদ, আছাদুল ইছলাম, আৰু মঃ সৰৱাৰ । লগতে ধুবুৰীৰ পৰা আন এগৰাকী বাংলাদেশী মহিলাক আটক কৰে আৰক্ষীয়ে ৷

Bangladeshi Nationals Enter Indian Border in Assam
অসম আৰক্ষীৰ জালত পৰিল ৪ বাংলাদেশৰ অনুপ্ৰৱেশকাৰী (Assam CM's Twitter)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 11:58 AM IST

ধুবুৰী/ গুৱাহাটী, ২০ আগষ্ট : বাংলাদেশৰ পৰিস্থিতি অশান্ত হৈ থকাৰ সময়তে যোৱা ২৪ ঘন্টাত অসমত অনুপ্ৰৱেশ কৰা চাৰিজন বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰিছে । অসম আৰক্ষীয়ে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আৰু ধুবুৰীত এগৰাকী বাংলাদেশী মহিলাক আটক কৰে । আটক কৰা বাংলাদেশী নাগৰিককেইজনক বাংলাদেশ কৰ্তৃপক্ষক ঘূৰাই দিয়া হয় ।

অসম আৰক্ষীৰ জালত বাংলাদেশৰ অনুপ্ৰৱেশকাৰী (ETV Bharat Assam)

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত আজি পুৱা কয়, "কালি নিশাৰ কথা ৷ অসম আৰক্ষীয়ে ধুবুৰীত আটক কৰা ঢাকা ডিভিজনৰ লিপি আখতাৰক বাংলাদেশ কৰ্তৃপক্ষক ঘূৰাই দিয়া হয় । অনুসন্ধানত প্ৰকাশ পাইছে যে লিপি আখতাৰে ২৪ ঘণ্টাতকৈ অধিক কাল বাছ আৰু নাৱেৰে যাত্ৰা কৰাৰ পাছত ১৮ আগষ্টৰ পুৱতি নিশা দক্ষিণ শালমাৰাৰ সুখচৰত খোজকাঢ়ি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল । সুখচৰৰ এটা ঘৰত আশ্ৰয় লোৱাৰ অন্তত নাৱেৰে ধুবুৰীলৈ গৈছিল, য'ত অসম আৰক্ষীৰ হাতত ধৰা পৰে ৷"

তেওঁ লগতে কয়, "আকৌ যোৱা নিশা অসম আৰক্ষীয়ে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে । লোককেইজন হৈছে ৰাজশ্বাহী জিলাৰ আখিলা গাঁৱৰ আব্দুল আদুদৰ পুত্ৰ আবু ছাইদ, ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ প্ৰয়াত আতাবুৰ ৰহমানৰ পুত্ৰ আছাদুল ইছলাম আৰু ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ সতাবুৰ ৰহমানৰ পুত্ৰ মহম্মদ সৰৱাৰ । তেওঁলোকে চেন্নাইলৈ যোৱাৰ উদ্দেশ্য লৈছিল । অসম আৰক্ষীৰ প্ৰচেষ্টাত তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয় ।"

লগতে পঢ়ক : বাংলাদেশ সংকট: আঞ্চলিক সাম্প্ৰদায়িক শান্তিৰ বাবে প্ৰত্যাহ্বান - Bangladesh Crisis

উল্লেখ্য যে, যোৱা ১২ আগষ্ট নিশা প্ৰায় ১.৩০ বজাত কৰিমগঞ্জ আৰক্ষীয়ে অসম-বাংলেদেশ সীমান্তৰ মাজেৰে কৰিমগঞ্জ জিলাত প্ৰৱেশৰ চেষ্টা চলোৱা চাৰিজন বাংলাদেশী নাগৰিকৰ প্ৰৱেশ আৰক্ষীয়ে প্ৰতিহত কৰে ।

ইফালে ধুবুৰীত আটক হোৱা মহিলাগৰাকীৰ ভাষ্য অনুসৰি, তেওঁ বাংলাদেশৰ ঢাকাৰ পৰা স্বামীৰ সৈতে দুটা দালালৰ সহযোগত ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ ধুবুৰীত উপস্থিত হৈছিল ৷ দালাল চক্ৰটোত থকা দালাল দুটা জনৈক আলী আৰু হালিম ৷ তেওঁলোক বাংলাদেশৰ ঢাকাৰ বুলি সাংবাদিকৰ আগত উল্লেখ কৰিছে ধৃত বাংলাদেশী মহিলাগৰাকীয়ে ।

লগতে পঢ়ক : সংখ্যালঘু নহয়, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ বিৰুদ্ধেও হিংসা হৈছে : বাংলাদেশী কূটনীতিবিদ হুমায়ুন কবীৰ - Bangladesh Political Crisis

মাথোঁ ২৫০০ টকাত (বাংলাদেশী মুদ্ৰা) বাংলাদেশৰ পৰা ভাৰতলৈ অহা বুলি সদৰী কৰাৰ সমান্তৰালকৈ ধৃত মহিলাগৰাকীয়ে তেওঁৰ স্বামীসহ মুঠ ১৭ জনীয়া বাংলাদেশী নাগৰিকৰ দল এটা অসমলৈ প্ৰৱেশ কৰা বুলি বিস্ফোৰক ভাষ্যও প্ৰদান কৰে ।

উল্লেখ্য যে, সোমবাৰে পুৱাৰে পৰা বিয়লি ভাগলৈ ধুবুৰীৰ যোগমায়া পাৰঘাটত ঘূৰাফূৰা কৰি থকাৰ সময়তে তেওঁক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৷ ফলত সন্দেহ ওপজাত তেওঁক সোধা-পোছা কৰাৰ পিছত উৰহী গছৰ ওৰ ওলায় পৰে ।

লগতে পঢ়ক : আগৰতলা ৰে’ল ষ্টেচনত ১৬ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ - Bangladeshi nationals arrested

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.