ETV Bharat / state

একেনিশাই ধনী হোৱাৰ সপোনে পানীত পেলোৱালে কোটি কোটি টকা - YBY trading app

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:27 PM IST

Online fraudster in Assam : পুনৰ খাটিখোৱাক ৰামঠগন অনলাইন এপৰ ৷ প্ৰৱঞ্চনাৰ জাল পেলাই লুটি নিলে কোটি কোটি টকা ৷ ৰাজ্যৰ ভিন্নস্থানত বিনিয়োগকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতি ৷

Online fraudster in Assam
একেনিশাই ধনী হোৱাৰ সপোনত চেঁচাপানী YBYৰ (ETV Bharat Assam)

জোনাই, ১১ আগষ্ট : হঠাতে অসম মুলুকত ভুমুকি মাৰিলে এটা বিশেষ এপে ৷ আলাদিনৰ চাকি হিচাপে বহুলোকে গ্ৰহণ কৰিলে এপটো ৷ প্ৰথমে লাভান্বিতও হৈছিল বহুলোক ৷ যিহেতু এপটোৰ জৰিয়তে ধন বিনিয়োগ কৰিলে এদিনতে ৬ শতাংশপৰ্যন্ত অতিৰিক্ত ধন লাভ কৰিব পাৰি ৷

খাটিখোৱা অসমীয়াক সেয়া যে এটা প্ৰকাণ্ড টুপী পিন্ধোৱা হৈছিল, সেই কথা অনুমানেই কৰিব নোৱাৰিলে যেনেতেনে ভাতমুঠি মুকলি কৰি থকাজনৰ পৰা ব্যৱসায়ী, চাকৰিয়ালসকলেও ৷ ৰাইজক আভুৱা ভাৰিবলৈকে এপটোৰ তৰফৰ পৰা সাহাৰ্যও প্ৰদান কৰা হৈছিল দুৰ্গতক ৷ তাকে দেখি এপটোত কমেও ৬ হাজাৰৰ পৰা লাখ টকাপৰ্যন্ত বিনিয়োগ কৰিবলৈ ধৰিলে অসমৰ ভিন্নপ্ৰান্তৰ লোকে ৷

কিন্তু হঠাতে চেঁচাপানী পৰিল লাখপতি, কোটিপতি হোৱাৰ সপোনত ৷ YBY নামৰ এপটোৱে পেলোৱা প্ৰৱঞ্চনাৰ জালখন পোহৰলৈ আহিল, যেতিয়াই 6 হাজাৰ টকা পুনৰ জমা কৰি KYC দিবলৈ কোৱা হ’ল ৷ লগেলগে বন্ধ হৈ পৰিল খাটিখোৱা জনতাই জমা কৰা কোটিকোটি টকা উলিওৱাৰ বাট ৷

YBYই পেলোৱা প্ৰৱঞ্চনাৰ জালখনত সোমাই পৰিল জোনাইৰ জনতাও ৷ লাখপতি হোৱাৰ সপোন ৰচি জোনাইৰ বহুলোকে YBYত বিনিয়োগ কৰিছিল ৬০০০ৰ পৰা ২০,০০০ টকা পৰ্যন্ত ৷ কিন্তু নিশাটোৰ ভিতৰত অন্তৰ্ধান হ’ল সপোন দেখুওৱা YBY. ফলত বিনিয়োগকাৰীসকলৰ সপোন সপোন হৈয়েই ৰ’ল, পানীত পৰিল সৰ্বমুঠ বহুলক্ষ টকা ৷

হাজাৰ হাজাৰ লোকৰ সপোনত চেঁচাপানী ঠলা অনলাই ট্ৰেডিং এপ YBYৰ ৰামঠগন এতিয়া ৰাজ্যৰ সৰ্বত্ৰে চৰ্চিত হৈ আছে ৷ তীব্ৰ চৰ্চা চলিছে সামাজিক মাধ্যমতো ৷ কাৰ কিমান টকা পানীত পৰিল তাক লৈ চলিছে হিচাপ-নিকাচ ৷ উল্লেখ্য যে কেৱল YBYই নহয়, ইয়াৰ পূৰ্বেও এনে বহু অনলাইন এপ্লিকেশ্যনে সৰ্বস্বান্ত কৰি থৈছে অসমৰ বহুলোকক ৷ সেইসমূহ ঘটনায়ো কোনোধৰণৰ সচেতনতা বৃদ্ধি কৰিব নোৱৰাৰ ফলত পুনৰ ৰাজ্যত সংঘটিত হ’ল এনে প্ৰৱঞ্চনাৰ ঘটনা ৷

একেনিশাই ধনী হোৱাৰ প্ৰলোভনত ভোল নাযাবলৈ বিভিন্ন পক্ষই আহ্বান জনাইছে ৰাইজক ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মায়ো জনাইছে একেই আহ্বান ৷ তেওঁ কয়, ‘‘সমগ্ৰ অসমত কিছুমান ভুৱা ট্ৰেডিং এপে গা কৰি উঠিছে ৷ আমি থলুৱা খাটিখোৱা জনগণক সজাগ হ’বলৈ অনুৰোধ জনাইছো ৷ এনেধৰণৰ কোনো আলাদিনৰ চাকি নাই, যিয়েই ২০ দিনত টকা দুগুণ কৰি দিব পাৰে ৷ প্ৰলোভনেৰে অসমৰ দুখীয়া, খাটিখোৱা লোকৰ কষ্টোপাৰ্জিত ধন সংগ্ৰহ কৰি থকা দেখা গৈছে ৷ এই ব্যৱসায়টো অসমলৈ অনাসকলো জগৰীয়া ৷ এই ক্ষেত্ৰত প্ৰশাসনো সজাগ হ’ব লাগে ৷’’

লগতে পঢ়ক : লোভত পৰি হেৰুৱালে লাখে-লাখে টকা, শিক্ষকৰ বিৰুদ্ধে যোৰহাটত গোচৰ

বিপদজনক হ’ব পাৰে অনলাইনত চাকৰিৰ সন্ধান : ব্য়ক্তিগত তথ্য় হেকাৰৰ হাতত পৰা সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.