ETV Bharat / state

লক্-আপৰ ভিতৰত শোৱাৰ সুন্দৰ ব্যৱস্থা ! চুমী-তাৰ্কিক প্ৰসংগত বিস্ফোৰক অভিযোগ - Assam Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 5:48 PM IST

Updated : Sep 13, 2024, 6:12 PM IST

Oppositions on Sumi-Tarkik : লক্-আপৰ ভিতৰত চুমী-তাৰ্কিক বৰাক বিচনা পাৰি শুবলৈ দিয়া হৈছে ৷ এনে ৰাজআতিথ্য দিয়াৰ অভিযোগ বিৰোধী ঐক্য মঞ্চৰ ৷ ইফালে ৰ’জভেলী, সাৰদা কেলেংকাৰীৰ প্ৰসংগ পুনৰ উত্থাপন কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই ৷ যিসমূহৰ তদন্ত এতিয়াও চলি থকা বুলি মন্তব্য কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰিলে সাংসদ ভূঞাই ৷

Oppositions on Sumi-Tarkik
চুমী-তাৰ্কিকৰ প্ৰসংগত বিৰোধী ঐক্য মঞ্চ (ETV Bharat)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : অনলাইন টেৰ্ডিঙৰ ২০০০ কোটি টকাৰ কেলেংকাৰীত সাঙোৰ খাই অৱশেষত আৰক্ষীৰ জালত পৰা চুমী-তাৰ্কিকক মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে নেকি ? এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷

চুমী-তাৰ্কিকৰ প্ৰসংগত বিৰোধী ঐক্য মঞ্চ (ETV Bharat Assam)

গুৱাহাটীত বৃহস্পতিবাৰে বিৰোধী ঐক্য মঞ্চৰ‌ হৈ সংবাদমেল সম্বোধন কৰি লুৰীণজ্যোতি গগৈয়ে এই প্ৰশ্ন কৰি কয়, ‘‘চুমি-তাৰ্কিকলৈ মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্য আৰু চুমী-তাৰ্কিকে ধৰা দিয়াৰ যি চিত্ৰনাট্য ৰচনা কৰা হ'ল, তাত ৰাজনৈতিক ব্যক্তি জড়িত থকাৰ কথা স্পষ্ট হৈছে ৷ মুখ্যমন্ত্ৰীৰ কথা-বতৰাত এই কথা স্পষ্ট হৈছে ৷ চুমী-তাৰ্কিকক তথাকথিত আটক কৰা হৈছে ৷ তেওঁলোকক লক্-আপৰ ভিতৰত বিচনা পাৰি শুবলৈ দি‌য়া হৈছে ।’’

লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘চুমী-তাৰ্কিকক মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে নেকি প্ৰশ্ন হয় । এই ধন ২০২৬ লৈ নেকি ? অনলাইন ট্ৰেডিং কেলেংকাৰীৰ এই ৰাইজৰ ধন ৰাজনৈতিকভাৱে ব্যৱহাৰ হ’ব নেকি ? চুমী-তাৰ্কিকক ৰাজসাক্ষী কৰিব নেকি ? এই তদন্ত সাৰদা কেলেংকাৰীৰ দৰে পুনৰাবৃত্তি হ’ব নেকি ?’’

তেওঁ কয়, ‘‘৭০০০ কোটি টকাৰ কেলেংকাৰী কৰা দীপাংকৰ বৰ্মনৰ কোম্পানীৰ কাৰ্যালয় ডি জি পি অফিচৰ কাষতে আছিল । আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱৰা দীপাংকৰৰ সম্পত্তি কিয় বাজেয়াপ্ত কৰা নাই ? এই সকলো ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত কৰিব লাগে । এয়া আমাৰ দাবী ।’’

সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞাই কয়, ‘‘এই অনলাইন ট্ৰেডিং কেলেংকাৰী আৰক্ষীৰ তদন্তত ৰহস্যময় হৈছে । ইয়াত কাৰ স্বাৰ্থ আছে আৰু কোনে‌ বচাব বিচাৰিছে তাৰ তদন্ত হ’ব লাগে । দীপাংকৰ বৰ্মনৰ ৭০০০ কোটি টকাৰ তদন্ত এজন এছ আইক দিছে । আকৌ চুমী-তাৰ্কিকৰ ২০০০ কোটি টকাৰ তদন্ত দিছে এছ‌ আই টিক । ইয়াৰ পৰা কি ‌বুজা যায় ?’’

সংবাদমেলত অংশ লৈ সাংসদ ৰকিবুল হুছেইনে কয়, ‘‘এই অনলাইন কেলেংকাৰীৰ তদন্ত হ’ব লাগে ।‌ মুখ্যমন্ত্ৰীয়ে বিষয়টো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে । এই সকলো ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়ধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত কৰিব লাগে ।’’

লগতে পঢ়ক : লক্-আপৰ ফটো ভাইৰেল, বিপদত পৰাৰ দিশে ডিব্ৰুগড় আৰক্ষী

চুমী-তাৰ্কিকক প্ৰথমে জিমখানালৈ নিয়াৰ তদন্ত হ’ব : জনালে মুখ্যমন্ত্ৰীয়ে

তলা নথকা লক্আপত ফটোৰ বাবে প’জ ! চুমি-তাৰ্কিকক এনেদৰে কোনে কৰিলে ৰাজহুৱা ?

Last Updated : Sep 13, 2024, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.