ETV Bharat / state

মৎস্য উৎপাদনত স্বাৱলম্বী হোৱাৰ দিশে অসম : আঠ বছৰত উৎপাদন বৃদ্ধি - Fish Production In Assam

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 6:36 PM IST

Fish production increased in Assam: বিগত আঠ বছৰত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে মাছৰ উৎপাদন । বিগত বৰ্ষত মাছৰ ৪.৮০ লাখ টন চাহিদাৰ বিপৰীতে ৰাজ্যত উৎপাদন হৈছে ৪.৭৪ মেট্ৰিক টন । ২০১৮-১৯ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি কৰা মাছৰ পৰিমাণ হৈছে ১,১২,১৪২ মেট্রিক টন । ২০২৩-২৪ বৰ্ষত অসমৰ পৰা ৰপ্তানি কৰা হৈছে ১১৪১১ মেট্রিক টন মাছ ।

Fish production increased in Assam
অসমত মৎস্য উৎপাদন (Etv Bharat Assam)

গুৱাহাটী, ৩১ আগষ্ট : ৰাজ্যত শেহতীয়াকৈ বিশেষভাৱে চৰ্চালৈ অহা এটা প্ৰসংগ হৈছে 'মাছ'। মাছৰ যোগান বন্ধ কৰাকলৈ সৃষ্টি হোৱা বিতৰ্কই আনকি বিধানসভাকো স্পৰ্শ কৰে। শুকুৰবাৰে সামৰণি পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনতো মাছৰ প্ৰসংগ চৰ্চা হয় । মাছক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বিষয়টো সুকীয়া আৰু সেই সুকীয়া বিষয়টোৰ বিপৰীতে এটা ভাল খবৰ যে মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল হোৱাৰ দিশে ধাৱমান হৈছে অসম ।

Fish production increased in Assam
অসমত মৎস্য উৎপাদন (Etv Bharat Assam)

ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, পি এম এম এছ ৱাই আদিকে ধৰি বহুকেইখন আঁচনিৰ ফলপ্ৰসূ ৰূপান্তৰৰ জৰিয়তে ৰাজ্যৰ মীন বিভাগে ৰাজ্যখনত মৎস্য উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ গতি লাভ কৰিছে । পূর্বে অসমত মাছৰ উৎপাদন হ্ৰাস পোৱাত অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ আদিৰ পৰা অহা চালানী মাছে ৰাজ্যৰ বজাৰ দখল কৰিছিল । কিন্তু এতিয়া ৰাজ্যৰ চৌদিশে থলুৱা মাছ উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে । মাছৰ চাহিদা পূৰণৰ বাবে অন্ধ্ৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আদিৰ দৰে ৰাজ্যৰ ওপৰত অসম নিৰ্ভৰশীল হৈ থাকিবলগীয়া পূৰ্বৰ পৰিৱেশ ক্ৰমাৎ সলনি হ'বলৈ ধৰিছে ।

অসমত মাছৰ চাহিদা :

মাছৰ বিশেষ চাহিদা থকা অসমত প্ৰায় ৯৫ শতাংশ লোকে মাছ খায় । এই তথ্য ৰাজ্যৰ মীন বিভাগৰ । শেহতীয়াকৈ ৰাজ্যখনত মাছৰ জনমূৰি গ্ৰহণ বছৰি ১১ কিলোগ্ৰামৰ পৰা বৃদ্ধি হৈ ১৩ কিলোগ্রাম হৈছে । কিন্তু ৰাজ্যৰ মীন বিভাগে ৰাষ্ট্রীয় স্বাস্থ্য সংস্থাই বান্ধি দিয়া জনমূৰি গ্ৰহণ বছৰি ১৫ কিলোগ্ৰামৰ লক্ষ্যত উপনীত হ'বলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে । এই লক্ষ্যত উপনীত হ'বলৈ বিভাগটোৱে অনাগত দিনত ৰাজ্যখনত বছৰি ৫.১৬ লাখ মেট্রিক টন মাছ উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

Fish production increased in Assam
অসমত মৎস্য উৎপাদন (Etv Bharat Assam)

অসমত মাছ উৎপাদনৰ ক্ষেত্র :

বর্তমান অসমৰ কেইবা হেক্টৰ পানীকালিত থকা ৫,৫০,৪৬২টা পুখুৰী, (ব্যক্তিগত আৰু চৰকাৰী)৮,৯২৫টা ৰাজহুৱা পুখুৰী আৰু ৬৩২খন বিভাগৰ ফাৰ্মত মীন বিভাগে উন্নত কৌশলেৰে মাছ পালন আৰু উৎপাদন কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । সেই অনুসৰি শেহতীয়া বছৰসমূহত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে মাছৰ উৎপাদন । সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতেই সৰ্বাধিক হাৰত মাছৰ উৎপাদন হয় । উত্তৰ-পূবত উৎপাদিত ৬.০৪ লাখ টন মাছৰ ভিতৰত অসমত উৎপাদন হয় ৪.৪৩ লাখ টন মাছ ।

আঠ বছৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে মাছৰ উৎপাদন :

বিগত আঠ বছৰত অসমত মাছৰ উৎপাদন ক্ৰমান্বয়ে বৃদ্ধি পাইছে । মীন বিভাগে দিয়া তথ্য অনুসৰি অসমত ২০১৫-১৬ বৰ্ষত ২.৯৪ লাখ মেট্রিক টন মাছ উৎপাদন হোৱাৰ বিপৰীতে ২০১৭-১৮ বৰ্ষত ৩.২৭ লাখ মেট্রিক টন, ২০১৮-১৯ বৰ্ষত ৩.৩১ লাখ মেট্রিক টন, ২০১৯-২০ বৰ্ষত ৩.৭৩ লাখ মেট্রিক টন, ২০২০-২১ বৰ্ষত ৩.৯৩ লাখ মেট্রিক টন, ২০২১-২২ বৰ্ষত ৪.১৭ লাখ মেট্রিক টন, ২০২২-২৩ বৰ্ষত ৪.৪৩ লাখ মেট্রিক টন আৰু ২০২৩-২৪ বৰ্ষত ৪.৭৪ লাখ মেট্রিক টন মাছ উৎপাদন হৈছে ।

অসমত কি মাছৰ উৎপাদন বেছি :

কেন্দ্রীয় মীন মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি অসমত উৎপাদিত মাছৰ সৰহসংখ্যকেই হৈছে বাহু,ৰৌ আৰু মিৰিকা মাছ । ২০২০-২১ বিত্তীয় বৰ্ষত উৎপাদিত ৩.৯৩ লাখ মেট্রিক টন মাছৰ ভিতৰত ১.০১ লাখ মেট্রিক টন বাহু, ৰৌ আৰু মিৰিকা মাছ উৎপাদন হৈছিল ।

মাছৰ আমদানি আৰু ৰপ্তানি :

ৰাজ্যখনলৈ মাছৰ আমদানি ক্ৰমাৎ হ্ৰাস পাই ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হৈছে। মীন বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনলৈ ২০১৯-২০ বৰ্ষত ২০০৭৩ মেট্রিক টন, ২০২০-২১ বৰ্ষত ১২৮২৯ মেট্রিক টন, ২০২১-২২ বৰ্ষত ২২৭৩১ মেট্রিক টন, ২০২২-২৩ বৰ্ষত ২৬৪৩০ মেট্রিক টন আৰু ২০২৩-২৪ বৰ্ষত ১৮২৪০ মেট্রিক টন মাছ আমদানি কৰা হৈছে । কিন্তু ইয়াৰ বিপৰীতে ২০১৯-২০ বৰ্ষত ৯৭৩৭ মেট্রিক টন, ২০২০-২১ বৰ্ষত ১১৬৯৪ মেট্রিক টন, ২০২১-২২ বৰ্ষত ২৭৩৩১ মেট্রিক টন, ২০২২-২৩ বৰ্ষত ২০০৭৭মেট্রিক টন আৰু ২০২৩-২৪ বৰ্ষত ১১৪১১ মেট্রিক টন মাছ ৰপ্তানি কৰা হৈছে ।

চাহিদাৰ বিপৰীতে মাছৰ উৎপাদন :

এসময় আছিল যেতিয়া চাহিদা অনুপাতে অসমত মাছৰ উৎপাদন হোৱা নাছিল । যাৰ বাবে বহিঃৰাজ্যৰ মাছে অসমৰ বজাৰ দখল কৰিছিল । কিন্তু ব্যৱসায়ীক ভিত্তিত মাছৰ উৎপাদন আৰম্ভ হোৱাৰ পাছত চাহিদা পূৰণৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য । ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজ্যখনত উৎপাদিত মাছৰ পৰিমাণ আছিল ক্ৰমে ৪.৪৩ লাখ মেট্রিক টন আৰু ৪.৭৪ লাখ মেট্রিক টন । ইয়াৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ৰাজ্যত মাছৰ চাহিদা ৪.৫০ লাখ মেট্রিক টন আছিল আৰু ২০২৩-২৪ বৰ্ষত এই চাহিদা আছিল ৪.৮০ লাখ মেট্রিক টন ।

অসমলৈ মাছৰ আমদানি :

বিধানসভাত মীন মন্ত্রী কেশৱ মহন্তই দিয়া তথ্য অনুযায়ী ২০১৮-১৯ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি কৰা মাছৰ পৰিমাণ হৈছে ১,১২,১৪২ মেট্রিক টন । ২০১৮-১৯ বৰ্ষত ১২,৬৪১ মেট্রিক টন, ২০১৯-২০ বৰ্ষত ২০,০৭২ মেট্রিক টন,২০২০-২১ বৰ্ষত ১২,৮২৮ মেট্রিক টন, ২০২১-২২ বৰ্ষত ২২,৮৩১ মেট্রিক টন, ২০২২-২৩ বৰ্ষত ২৬,৪৩০ মেট্রিক টন আৰু ২০২৩-২৪ বৰ্ষত ১৮,২৪০ মেট্রিক টন মাছ অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ,পশ্চিমবংগ আৰু বিহাৰৰ পৰা অসমলৈ আমদানি কৰা হয় ।

মৎস্য উৎপাদন বৃদ্ধিত মীন বিভাগৰ পদক্ষেপ :

ৰাজ্যখনক মৎস উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী কৰাৰ বাবে মীন বিভাগে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। ফিছফেডৰ পৰিচালন সঞ্চালক ড৹ ধ্ৰুৱজ্যোতি শৰ্মাই সদৰী কৰা অনুসৰি মীন বিভাগে উৎপাদন কৰা মাছে অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয় আৰু মিজোৰামৰ বজাৰো দখল কৰিছে । আনহাতে, ফিছফেডৰ উদ্যোগত গুৱাহাটীকে আদি কৰি ৰাজ্যৰ বিভিন্ন ঠাইত স্বাস্থ্যকৰ মাছৰ বিপণন আৰম্ভ কৰাৰ লগতে যুক্তিসংগত মূল্যত এচি ৰিটেইল আউটলেট আৰু মোবাইল বাহনৰ জৰিয়তে গ্ৰাহকক মাছ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে ।

ৱেবছাইট আৰু ফিছফেড মাৰ্টৰ জৰিয়তে গ্ৰাহকৰ দুৱাৰমুখলৈকে মাছ যোগানৰ ব্যৱস্থা আৰম্ভ হৈছে । নগাঁও, শিলচৰ আৰু মীন সঞ্চালকালয়ৰ চৌহদত গ্ৰাহকৰ সুবিধাৰ বাবে স্বাস্থ্যকৰ খুচুৰা বিপণী গঢ়ি তোলা হৈছে । তদুপৰি প্ৰাকৃতিক জলাশয়ত উপলব্ধ বিভিন্ন প্ৰজাতিৰ জীৱিত মৎস্য, মাছৰ পৰা প্ৰস্তুত মান সংযোজিত আৰু ৰূচিব্যঞ্জক খাদ্যসম্ভাৰ আৰু অলৱণীয় জলৰ মুকুতা বিপণনৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে । লক্ষণীয় বিষয় যে নদী-নদী, জলাশয়েৰে ভৰি থকা অসমত পর্যাপ্ত মৎস্য উৎপাদনৰ অপাৰ সম্ভাৱনা আছে । সেই সম্ভাৱনীয়তাক বহু পলমকৈ চিনাক্ত কৰা হৈছে । যাৰ বাবে এতিয়া লাহে লাহে ৰাজ্যখনত মাছৰ উৎপাদন বৃদ্ধি পাইছে ।

লগতে পঢ়ক:নগাঁৱৰ মীনপালক সন্থাৰ দম্ভালিক প্ৰত্যাহ্বান সৰুপথাৰৰ স্থানীয় ব্যৱসায়ীৰ - Nagaon Fish controversy

অৰুণোদয় আঁচনি নহয়, খিলঞ্জীয়া অসমীয়া মীনপালকক গুৰুত্ব দিয়ক: চৰকাৰলৈ আহ্বান এগৰাকী খিলঞ্জীয়া মীনপালকৰ - Nagaon fish farmers row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.