ETV Bharat / state

নিউ বঙাইগাঁও জংচনৰ ৱৰ্কশ্বপ পৰিদৰ্শন এনএফ ৰে'লৱেৰ মহা প্ৰবন্ধকৰ - NF Railway General Manager

NF Railway General Manager: নিউ বঙাইগাঁও জংচনত থকা ৰে'লৱে ৱৰ্কশ্বপ পৰিদৰ্শন কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে । কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিষয়াসকলৰ সৈতে বৈঠকতো তেওঁ মিলিত হয় ।

NF Railway General Manager
নিউ বঙাইগাঁও জংচনৰ ৱৰ্কশ্বপ পৰিদৰ্শন এনএফ ৰে'লৱেৰ মহা প্ৰবন্ধকৰ (ANI)
author img

By ANI

Published : Aug 8, 2024, 12:35 PM IST

নিউজ ডেস্ক,৮ আগষ্ট : উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে বুধবাৰে অসমৰ বঙাইগাঁৱৰ নিউ বঙাইগাঁও জংচনত ৰে'লৱে ৱৰ্কশ্বপ পৰিদৰ্শন কৰে । তেওঁ নিউ বঙাইগাঁৱৰ উন্নয়নমূলক কাম আৰু ৰে'লৰ সুবিধাসমূহো পৰিদৰ্শন কৰে । উত্তৰ-পূব সীমান্ত ৰে'লৱেই এক বিজ্ঞপ্তিত কয় যে ৰঙিয়াৰ বিভাগীয় ৰে'ল প্ৰবন্ধক নীৰজ গুপ্তা আৰু মুখ্য কাৰ্যালয় আৰু বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ।

নিউ বঙাইগাঁও জংচনৰ ৱৰ্কশ্বপত মহা প্ৰবন্ধক :

নিউ বঙাইগাঁও ৱৰ্কশ্বপত তেওঁ ৰে'লৰ মেৰামতি, ৱাগন মেৰামতি, এলএইছবি কম্পোনেন্ট মেৰামতি, এলএইছবি বগী, বেয়াৰিং, ৰেল লাইটিং আৰু এয়াৰ কণ্ডিচনিং মেৰামতিৰ ৱৰ্কশ্বপ আদিও পৰিদৰ্শন কৰে । তেওঁ ৰোলিং ষ্টকৰ উন্নত তত্বাৱধানৰ বাবে ৱৰ্কশ্বপত চলি থকা আন্তঃগাঁথনি উন্নীতকৰণৰ কামবোৰো পৰ্যালোচনা কৰে আৰু ৰোলিং ষ্টকৰ উন্নত মাৰ্শ্বেলিঙৰ বাবে য়াৰ্ড ৰিমডেলিঙৰ ওপৰত বিষয়াসকলৰ সৈতে আলোচনা কৰে ।

NF Railway General Manager
নিউ বঙাইগাঁও জংচনৰ ৱৰ্কশ্বপ পৰিদৰ্শন এনএফ ৰে'লৱেৰ মহা প্ৰবন্ধকৰ (ANI)

পৰৱৰ্তী সময়ত মহা প্ৰবন্ধকগৰাকীয়ে ৱৰ্কশ্বপৰ সমীপত থকা চুপাৰভাইজাৰৰ প্ৰশিক্ষণ কেন্দ্ৰটোও পৰিদৰ্শন কৰে । তাত তেওঁ প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰা বিভিন্ন প্ৰশিক্ষণ প্ৰণালীবোৰৰ বুজ লয়, যিসকলে সুৰক্ষিত ৰে'ল পৰিচালনাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

মহা প্ৰবন্ধকগৰাকীয়ে লোকো পাইলট আৰু সহকাৰী লোকো পাইলটসকলক উপলব্ধ কৰা সুবিধাসমূহ পৰ্যালোচনাৰ বাবে নিউ বঙাইগাঁও ষ্টেচনৰ ক্ৰু লবীও পৰিদৰ্শন কৰে । পিচত ভাৰতীয় ৰে'লৰ দ্ৰুত আধুনিকীকৰণৰ সৈতে সংগতি ৰাখি ৱৰ্কশ্বপটোত ভৱিষ্যতে সাজু কৰাৰ বাবে অন্যান্য বিভিন্ন উন্নয়নমূলক দিশৰ ওপৰত বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

মহা প্ৰবন্ধকগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতি পৰ্যালোচনা কৰা, বিভিন্ন স্থানত সুবিধাসমূহৰ মূল্যাঙ্কন কৰা, বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰা আৰু আন্তঃগাঁথনিগত বিকাশৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা । চলিত কামৰ বিষয়ে তেওঁৰ ইতিবাচক মূল্যায়নে যাত্ৰীসকলৰ বাবে সুৰক্ষিত, দক্ষ আৰু আৰামদায়ক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰতিশ্ৰুতিৰ নিষ্ঠা আৰু প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে উল্লেখ কৰে ।

লগতে পঢ়ক :কাজিৰঙাত নতুন সংযোজন : ২০ খন ৰাবাৰ ব’টেৰে নিৰীক্ষণ কৰিব চোৰাং চিকাৰ-বেদখল - Kaziranga National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.