ETV Bharat / state

পবিত্ৰ ৰমজানৰ ৰোজাৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোক

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 3:38 PM IST

Ramadan 2024: দেওবাৰে নিশা চৌদি আৰৱত অৰ্ধচন্দ্ৰ দেখা পোৱা যায় ৷ ইয়াৰ লগে লগে বিশ্বৰ প্ৰায় 1.8 বিলিয়ন মুছলমানৰ বাবে পবিত্ৰ ৰোজা মাহ ৰমজান আৰম্ভ হয় ৷ অসমতো এতিয়া মুছলমান ধৰ্মাৱলম্বী লোকসকলে আগ্ৰহেৰে বাট চাই আছে সোমবাৰে নিশা আকাশত ৰমজানৰ জোন দেখা দিয়ালৈ ৷ সোমবাৰে নিশা চন্দ্ৰ দেখাৰ অৰ্থ হ’ল মঙলবাৰে ৰাজ্যত ৰোজাৰ প্ৰথম দিন ৷

Ramadan 2024
পবিত্ৰ ৰমজানৰ ৰোজাৰ বাবে সাজু ইছলাম ধৰ্মালম্বী লোক

গুৱাহাটী, ১১ মার্চ: মঙলবাৰৰ পৰা আৰম্ভ হ’ব ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান । পৱিত্ৰ ৰমজান ৰোজাৰ চেহৰী আজিৰে পৰা আৰম্ভ হ'ব । সমগ্র দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল তথা অসমতো ইছলাম ধর্মাৱলম্বী লোকসকলে উপবাসে থাকি ৰোজা পালন কৰিব । ৰমজানক কেন্দ্ৰ কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ-উদ্দীপনা বৃদ্ধি পাইছে । মুছলমান সম্প্ৰদায়ে এই পবিত্ৰ মাহটোক এক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে । ই হৈছে প্ৰাৰ্থনা আৰু সংযম, দিনজোৰা উপবাস আৰু প্ৰিয়জনৰ সৈতে অতিবাহিত কৰা সময় ।

মছজিদ কম্পেক্স ট্ৰেডাৰ্চ ৱেলফেয়াৰ ছ’চাইটি (ইণ্ডিয়া)ৰ সাধাৰণ সম্পাদক নেকিব ইমান শইকীয়াই কয়, "সোমবাৰে সন্ধিয়া আকাশত ৰমজানৰ জোন দৃশ্যমান হ'লে আজিৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানৰ ৰোজা পালন কৰিব । অৱশ্যে আজি অসমৰ আকাশত শতকৰা ৯৯% ৰমজানৰ জোন দেখাৰ সম্ভাৱনা আছে ।"

ৰমজানৰ জোন দেখা দিলে ৰমজানৰ ৰোজা ৰখাৰ কথা কেন্দ্রীয় হিলাল কমিটী আৰু অসমৰ হিলাল কমিটিৰ আনুষ্ঠানিক ঘোষণা কৰালৈ ৰাইজে বাট চাই আছে বুলি মন্তব্য কৰি তেওঁ পৱিত্র জোন মাহত ভাতৃত্ববোধৰ এনাজৰীডাল অধিক মজবুত হ'ব বুলি আশা ব্যক্ত কৰে । ৰমজানক কেন্দ্ৰ কৰি খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ'ব বুলি নেকিব ইমান শইকীয়াই মন্তব্য কৰে ৷

আনহাতে কেন্দ্রীয় হিলাল কমিটীৰ তথ্য অনুসৰি মঙলবাৰে পুৱতি নিশা গুৱাহাটীৰ ইছলাম ধর্মাবলম্বী লোকসকলে ৪.১৯ বজাৰ পূৰ্বে চেহেৰী কৰিব আৰু সন্ধিয়া ৫.৩১ বজাত ইফতাৰ কৰিব । অৱশ্যে ৰাজ্যৰ অন্য স্থানত চেহেৰী আৰু ইফতাৰৰ সময়সূচী ভিন্ন বুলি কেন্দ্রীয় হিলাল কমিটীয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক: আজিৰে পৰা আৰম্ভ ৰমজান মাহ; অধিক মুনাফা লাভৰ উদ্দেশ্যৰে প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.