ETV Bharat / state

মাজুলীলৈ দলং নিৰ্মাণৰ কাম আকৌ আৰম্ভ হ’ব; সেউজ সংকেত গাডকাৰীৰ - MAJULI BRIDGE ISSUE

যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য পুনৰ কেতিয়া আৰম্ভ হ'ব ক'লে নীতিন গাডকাৰীয়ে ।

Jorhat Majuli Bridge Construction
নীতিন গাডকাৰীক সাক্ষাৎ অসমৰ প্ৰতিনিধিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 1:42 PM IST

মাজুলী: মাজুলীৰ দুই লাখ জনসাধাৰণৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী এখন দলং হওক । কিয়নো মাজুলীৰ দক্ষিণ পাৰৰ লগত সংযোগৰ একমাত্ৰ সম্বল ফেৰীকেইখন । মাজুলীবাসীৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলংখনৰ খুঁটাৰ কামৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল ।

এই দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনে । ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলংখনৰ দৈৰ্ঘ্য় ৮ কিলোমিটাৰ । দলংখনৰ মুঠ খুঁটাৰ সংখ্যা ৭২ টা ৷ ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনৰ পৰা এই দলংখনৰ নিৰ্মাণৰ কাম উপ-ঠিকা হিচাপে লৈ ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম কৰি আছিল । যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ বাবে যোৱা ৬ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণ কাৰ্য ।

নীতিন গাডকাৰীক সাক্ষাৎ অসমৰ প্ৰতিনিধিৰ (ETV Bharat Assam)

দলং নিৰ্মাণস্থলীত নিমাও মাও পৰিবেশ বিৰাজ কৰি থকাৰ সময়তে মাজুলিবাসীৰ বাবে আহিছে আশাৰ বতৰা । মাজুলী-যোৰহাট সংযোগী দলঙৰ বন্ধ হৈ থকা নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰা সম্পৰ্কে মাজুলীৰ বিধায়ক ভুৱন গামৰ নেতৃত্বত এটা দলে যোৱা মঙলবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক । বিধায়ক গামৰ লগত সাক্ষাৎকালত উপস্থিত থাকে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী, মাজুলীৰ জিলা বিজেপিৰ সভাপতি বীৰেন শইকীয়া, সাংসদ প্ৰদান বৰুৱা আৰু ৰামেশ্বৰ তেলী ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তত্বাৱধানত কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক তেওঁলোকে সাক্ষাৎ কৰে । পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে অহা সপ্তাহত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে । দিল্লীৰ পৰাই মাজুলীবাসীক এই ভাল খবৰটো জনালে বিধায়কগৰাকীয়ে । এই খবৰ লাভ কৰাৰ লগে লগেই উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী ।

লগতে পঢ়ক:শীৰ্ঘেই পুনৰ আৰম্ভ হ'ব যোৰহাট মাজুলী দলং নিৰ্মাণৰ কাম

স্থবিৰ হৈ ৰৈছে যোৰহাট-মাজুলী দলং নিৰ্মাণ; পুনৰ নিবিদাৰ আহ্বানৰ ইংগিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী গাডকাৰীৰ - Majuli Bridge issue

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.