গোলাঘাট, 9 মে’ : ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত প্ৰথমবাৰৰ বাবে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । এইবাৰ গোলাঘাট জিলাত ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ জয়যাত্ৰা ।
গোলাঘাটৰ অন্যতম অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 14 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
গোলাঘাটৰ কমাৰবন্ধা গোহাঁই গাঁৱৰ নম্ৰতা বৰাই 94.6 শতাংশ নম্বৰ লাভ কৰি জিলাখনৰ ভিতৰত কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । মহেন বৰা আৰু বৰ্ণালী গগৈৰ কন্যা নম্ৰতা ৷ এই খবৰৰ পিচতে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে ৷
ইয়াৰ উপৰিও বিদ্যালয়খনৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংশ্যন , 4 গৰাকীয়ে ষ্টাৰ, 1 গৰাকীয়ে প্ৰথম, 4 গৰাকীয়ে দ্বিতীয় আৰু 2 গৰাকীয়ে তৃতীয় বিভাগ উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে সমগ্ৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
ইয়াৰ উপৰিও জিলাখনৰ দেৰগাঁৱৰ আগশাৰী কনিষ্ঠ মহাবিদ্যালয় Radiant College ৰ বিজ্ঞান শাখাৰ ছাত্র অনুভূতি তামুলীয়ে সকলো বিষয়তে লেটাৰসহ দেৰগাঁৱৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ (92.2%) লাভ কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে । ছাত্রজনৰ এনে ফলাফলে কলেজখনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলক উৎফুল্লিত কৰি তুলিছে।
ফলাফল অনুসৰি Radiant College ত বিজ্ঞান শাখাত মুঠ 57 গৰাকী ছাত্র-ছাত্ৰীৰ ভিতৰত 49 জনে লেটাৰসহ প্ৰথম স্থান লাভ কৰে আৰু কলা শাখাত মুঠ 79 জনৰ ভিতৰত 41 জনে লেটাৰসহ প্ৰথম স্থান দখল কৰে । আৰু কলেজখনৰ কলা আৰু বিজ্ঞান দুয়োটা শাখাতে উত্তীৰ্ণৰ হাৰ 100% ৷
লগতে পঢ়ক: সুখ্যাতিৰে পৰীক্ষাত উৰ্ত্তীণ হ‘ল ৰমেন; কিন্তু জীয়াই নাথাকিল ফলাফল শুনিবলৈ - Assam HS Result 2024