ETV Bharat / state

গুণোৎসৱৰ পৰা শিক্ষাৰ্থীয়ে বছৰেকীয়া পৰীক্ষাত লাভ কৰিব সর্বোচ্চ ১০ নম্বৰ - SEBA guideline - SEBA GUIDELINE

SEBA guideline: ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ নম্বৰ পদ্ধতিক লৈ ছেবাৰ নির্দেশনা । গোট পৰীক্ষাৰ পৰা ১০ নম্বৰ, ছয়মাহিলীৰ পৰা ৩০ নম্বৰ, বছৰেকীয়া পৰীক্ষাৰ পৰা সৰ্বোচ্চ ৪০ নম্বৰ সংযুক্ত হ'ব শিক্ষাৰ্থীৰ মূল নম্বৰ তালিকাত । গুণোৎসৱৰ আওতালৈ নহা শিক্ষানুষ্ঠাৰ শিক্ষাৰ্থীয়ে বছৰেকীয়া পৰীক্ষাৰ পৰা মূল নম্বৰ তালিকাত লাভ কৰিব সৰ্বোচ্চ ৫০ নম্বৰ ।

SEBA guideline
গুণোৎসৱৰ পৰা শিক্ষাৰ্থীয়ে বছৰেকীয়া পৰীক্ষাত লাভ কৰিব সর্বোচ্চ ১০ নম্বৰ
author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 3:47 PM IST

গুৱাহাটী,২৬ মার্চ : গুণোৎসৱৰ পৰা বছৰেকীয়া পৰীক্ষাত শিক্ষার্থীয়ে লাভ কৰিব সর্বোচ্চ ১০ নম্বৰ । গুণোৎসৱৰ ফলাফল সন্দৰ্ভত নৱম আৰু দশম শ্ৰেণীৰ নম্বৰ পদ্ধতিক লৈ নতুন নির্দেশনা প্রদান কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই । এতিয়াৰে পৰা গুণোৎসৱৰ সৰ্বোচ্চ ১০ নম্বৰ সংযুক্ত হ'ব বছৰেকীয়া পৰীক্ষাৰ মূল নম্বৰ তালিকাত । ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম ।

উল্লেখ্য যে ২০১৭ চনৰ পৰা ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত হৈ আহিছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে গুণোৎসৱত শিক্ষার্থীয়ে লাভ কৰা নম্বৰ সংযুক্ত হ'ব মূল নম্বৰ তালিকাত । গুণোৎসৱৰ ১০০ নম্বৰৰ ১০ শতাংশ অর্থাৎ সর্বোচ্চ ১০ নম্বৰ ছাত্ৰ-ছাত্ৰীৰ মূল নম্বৰ তালিকাত সংযুক্ত হ'ব ।

লক্ষণীয়ভাৱে ছেবাই আৰম্ভ কৰা নৱম-দশম শ্ৰেণীৰ বছৰজোৰা মূল্যায়ন পদ্ধতিৰ অংশৰূপে গুণোৎসৱৰ সৰ্বোচ্চ ১০ নম্বৰ মূল তালিকাত সংযুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । বছৰজোৰা চলা মূল্যায়ন পদ্ধতিৰ অংশস্বৰূপে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ্থীয়ে বছৰেকীয়া পৰীক্ষাত লাভ কৰা সর্বোচ্চ ৪০ নম্বৰ সংযুক্ত হ'ব মূল নম্বৰ তালিকাত । আনহাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত নহয় বাবে এইসমূহ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ বছৰেকীয়া পৰীক্ষাৰ পৰা মূল নম্বৰ তালিকাত সংযুক্ত হ'ব সৰ্বোচ্চ ৫০ নম্বৰ ।

ইফালে প্ৰথম আৰু দ্বিতীয় গোট পৰীক্ষাৰ প্ৰত্যেকৰে পৰা শিক্ষাৰ্থীৰ মূল নম্বৰ তালিকাত সংযুক্ত হ'ব সৰ্বোচ্চ ১০ নম্বৰকৈ । ছেবাৰ নিৰ্দেশনা মতে ৫০ নম্বৰকৈ থকা গোট পৰীক্ষা দুটাত শিক্ষার্থীয়ে লাভ কৰা নম্বৰৰ ২০ শতাংশ মূল নম্বৰ তালিকাত অন্তর্ভুক্ত হ'ব । ইয়াৰ অৰ্থ হৈছে প্ৰতিটো গোট পৰীক্ষাৰ পৰা নিৰ্দিষ্ট শিক্ষার্থী এগৰাকীয়ে সর্বোচ্চ ১০ নম্বৰ লাভ কৰিব ।

একেদৰে ছয়মাহিলী পৰীক্ষাৰ পৰা শিক্ষার্থীয়ে লাভ কৰিব সর্বোচ্চ ৩০ নম্বৰ । ছয়মাহিলী পৰীক্ষাৰ বাবে নিৰ্ধাৰিত ১০০ নম্বৰৰ ৩০ শতাংশ শিক্ষাৰ্থীৰ বছৰেকীয়া মূল্যায়নৰ মূল নম্বৰ তালিকাত সংযুক্ত হ'ব । মুঠতে সামগ্ৰিকভাৱে বছৰজোৰা মূল্যায়নৰ বিভিন্ন পৰ্যায়ৰ পৰা নিৰ্ধাৰিত মুঠ ১০০ নম্বৰৰ ভিতৰত শিক্ষার্থীগৰাকীৰ বাৰ্ষিক মূল্যায়ন কৰা হ'ব ।

লক্ষণীয় বিষয় আগন্তুক বৰ্ষৰ পৰা ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয় বুলি ইতিমধ্যে চৰকাৰীভাৱে ঘোষণা কৰা হৈছে । সেয়ে দশম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাই হাইস্কুল শিক্ষান্ত পৰীক্ষা হিচাপে বিবেচিত হ'ব বুলি চৰ্চা হৈছে । এনে পৰিস্থিতিত ছেবাই গ্ৰহণ কৰা বছৰজোৰা মূল্যায়নৰ এই পদ্ধতি তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে । লক্ষণীয়ভাৱে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত বছৰজোৰা মূল্যায়ন পদ্ধতিক সর্বশিক্ষা অভিযানৰ নীতি অনুসৰি মানি চলে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে ।

লগতে পঢ়ক :গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এবিভিপিক নিষিদ্ধ ঘোষণা - GU Students ABVP Clash

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.