নগাঁও: দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে নগাঁৱত উপস্থিত হোৱা ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বৃহস্পতিবাৰে মহামৃত্যুঞ্জয় মন্দিৰৰ লগতে বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশিস গ্ৰহণ কৰে । ৰাজ্যপাল আচাৰ্যই বৃহস্পতিবাৰে প্ৰথমে বঢ়মপূৰ সমষ্টিৰ অন্তৰ্গত ভেৰভেৰী গাঁওস্থিত মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আৰ্শীবাদ গ্ৰহণ কৰে ।
ইয়াৰ পিছতে ৰাজ্যপালগৰাকীয়ে ১৯৫৫ চনতে স্থাপিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অন্ধ বিদ্যালয় বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, পৰিচালনা সমিতি, শংকৰ মিশ্যনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানত প্ৰাৰ্থনা, গীত পৰিৱেশনৰ লগতে ৰাজ্যপালগৰাকীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ।
![Governor laxman prasad acharya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-12-2024/as-ngn-03-5dcmbr-governor-nagaon-tour-image_05122024195153_0512f_1733408513_157.jpg)
ছাত্ৰ-ছাত্ৰীসকলৰ গীত-মাত আদিত আপ্লুত হৈ ৰাজ্যপালে তেওঁৰ ভাষণত কয়- "এই দিব্যাংগ শিশুসকল আমাৰ সমাজৰ এক অবিচ্ছেদ্য অংশ । তেওঁলোকৰ দিব্য অন্তৰ্দৃষ্টিৰে আমাৰ সমাজখন জিলিকাই ৰাখিছে আৰু আমি সকলোৱে তেওঁলোকক আমাৰ পৰিয়ালৰ এজন বুলি স্নেহ আৰু জ্ঞান কৰিব লাগে ।" ৰাজ্যপালগৰাকীয়ে এই দিব্যাংগসকলক সম-মৰ্যাদা আৰু সম-বিকাশত আগভাগ লবলৈ উপস্থিত সকলোৰে প্ৰতি আহ্বান জনায় । এই অনুষ্ঠানতে ৰাজ্যপালে কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ মাজত তেওঁলোকৰ ব্যৱহাৰৰ বাবে কেইপদমান সামগ্ৰী বিতৰণ কৰে ।
![Governor laxman prasad acharya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-12-2024/as-ngn-03-5dcmbr-governor-nagaon-tour-image_05122024195153_0512f_1733408513_1051.jpg)
এই অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, শংকৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাস, সম্পাদক মুনিন্দ্ৰ শইকীয়া, বঢ়মপুৰ অন্ধ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গিৰিশ কলিতা আৰু প্ৰধান শিক্ষয়ত্ৰী গুণ বৰাৰ লগতে বিভিন্ন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । বৃহস্পতিবাৰে ৰাজ্যপালে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো উপস্থিত হৈ গুৰুজনাৰ আশিস গ্ৰহণ কৰাৰ লগতে নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ইয়াৰ কামৰ অগ্ৰগতিৰ বুজ লয় ।
![Governor laxman prasad acharya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-12-2024/as-ngn-03-5dcmbr-governor-nagaon-tour-image_05122024195153_0512f_1733408513_871.jpg)
নগাঁও ভ্ৰমণৰ দ্বিতীয় দিনা ৰাজ্যপালগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতো এক পৰ্যালোচনা বৈঠকত মিলিত হয় । নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আঁত ধৰা বৈঠকখনত দৃশ্য-শ্ৰব্য মাধ্যমৰ জৰিয়তে জিলাখনত বিভিন্ন বিভাগে ৰূপায়ণ কৰি থকা চৰকাৰী আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে । বৈঠকত ৰাজ্যপালগৰাকীয়ে জিলাখনত শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়সমূহত সঘনাই নিৰীক্ষণ আৰু পৰিদৰ্শন কৰিবলৈ আৰু অনাথ, দৰিদ্ৰ, বিদ্যালয় আধাতে এৰা আৰু কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অধিক অগ্ৰাধিকাৰ দিবলৈ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকক আহ্বান জনায় ।
জিলাখনত ৰূপায়ণ হৈ থকা এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ), অমৃত সৰোবৰ আদি আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক তীক্ষ্ন দৃষ্টি ৰাখিবলৈ ৰাজ্যপালে আহ্বান জনায় । য়ে সভাত উপস্থিত জিলাখনৰ মুৰব্বী বিষয়াসকলক জনতাৰ সেৱক হিচাপে জনসাধাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা সকলো জনমুখী আঁচনি যাতে যোগ্য হিতাধিকাৰীয়ে লাভ কৰে তাৰ ওপৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আৰু জিলাখনক উন্নতিৰ শিখৰলৈ আগুৱাই নিবলৈ আহ্বান জনায় ।
![assam Governor laxman prasad acharya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-12-2024/as-ngn-03-5dcmbr-governor-nagaon-tour-image_05122024195153_0512f_1733408513_743.jpg)
এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিবেক শ্যাম,কলিয়াবৰ সম-জিলাৰ সম-আয়ুক্ত লিজা তালুকদাৰ, ৰহা সম-জিলাৰ সম-আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া দলে, জিলাৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল আৰু জিলাৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক: ৰাজ্যপালৰ পৰা বাঃ বাঃ লোৱাৰ চেষ্টা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ !