ETV Bharat / state

প্ৰতিগৰাকী বিধায়কক শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আহ্বান ৰাজ্যপালৰ - Governor Gulab Chand Kataria - GOVERNOR GULAB CHAND KATARIA

Governor Gulab Chand Kataria : ৰাজগড়ত শৈক্ষিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান । এই অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ছাত্ৰ-ছাত্ৰীৰ সৈতে কৰিলে মত-বিনিময় ।

Educational Workshop in Dibrugarh
ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 8:08 PM IST

মৰাণ, ২৩ জুলাই: " ময়ো আগতে শিক্ষক আছিলো, সেয়ে এনে অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰিছো । " এই মন্তব্য় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ । মঙলবাৰে ৰাজগড়ত আয়েজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য় কৰি ৰাজ্যপাল গৰাকীয়ে প্ৰতিগৰাকী বিধায়কক ছাত্ৰ-ছাত্ৰীক লৈ শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ লগতে চৰাইদেউ জিলাৰ মৰাণ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ টিংখাং আৰু মৰাণৰ কেইবাটাও স্থানত ১২ দিনৰ কৰ্মশালাৰ অন্তত আজি ৰাজগড়ত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান । এই অনুষ্ঠানটোতেই ৰাজ্যপালগৰাকীয়ে এইদৰে আহ্বান জনায় ।

প্ৰতিগৰাকী বিধায়কক শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আহ্বান ৰাজ্যপালৰ (ETV Bharat)

সাতটা কেন্দ্ৰত মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত আৰু স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰাছৰুটৰ উদ্যোগত ১২ দিনীয়াকৈ অনুষ্ঠিত 'অন্বেষণ' নামৰ শৈক্ষিক কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই অংশগ্ৰহণ কৰে । ৰাজ্যপালগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি নিজৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী ।

১২ দিনৰ এই কৰ্মশালাত বিভিন্ন প্ৰশিক্ষকে শিক্ষার্থীসকলক সবল ব্যক্তিত্ব নির্মাণৰ কৌশল প্রদান, আত্মপ্ৰকাশৰ উপযুক্ত শাৰীৰিক আৰু মানসিক সামর্থ গঠন, ইংৰাজী কথনশৈলী আৰু দক্ষতা আয়ত্ব সম্পৰ্কীয় শিক্ষা প্ৰদান, বৃত্তি বা চাকৰিৰ বাবে আবেদন পত্ৰ, বায়’ডাটা , সংক্ষিপ্ত বিৱৰণ, শৈক্ষিক জীৱনৰ বিস্তৃত সাৰাংশ আদি লিখন কৌশলৰ শিক্ষা প্ৰদান কৰে ।

ৰাজ্যপালগৰাকীৰ সৈতে অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া, বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক তেৰছ গোৱালা, বিধায়ক বিনোদ হাজৰিকা, বিধায়ক পোনাকণ বৰুৱা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:টিংখাঙত শৈক্ষিক কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যপাল কাটাৰীয়াই - Governor Gulab Chand Kataria

সৰুপথাৰত তিনি প্ৰসাদৰ সংগীতৰ প্ৰশিক্ষণ - Music Workshop

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.