ETV Bharat / state

জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলনত কি আলোচনা হ'ল, কি নিৰ্দেশ দিয়া হ'ল : ক'লে মুখ্যমন্ত্রীয়ে - Assam cabinet

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 10:35 PM IST

Assam cabinet meeting decisions : যুৱক-যুৱতীক অসম চৰকাৰে দিব দুই লাখকৈ টকা ৷ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰিব কেতিয়া ? ৰেচন-আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা ৷ আৰু কি কি সিদ্ধান্ত অসম চৰকাৰৰ ?

ASSAM CABINET
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ৩১ জুলাই : দিছপুৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ সন্মিলনত আলোচনা হ'ল বহুকেইটা বিষয় ৷ সোমবাৰ আৰু মঙলবাৰে দৈনিক প্ৰায় ১৪ ঘণ্টাকৈ হোৱা সন্মিলনত জিলা আয়ুক্তসকলক কি নিৰ্দেশনা দিয়া হ’ল ? লগতে কি কি বিষয়ত আলোচনা হ’ল ? এই সন্দৰ্ভত বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে ।

যুৱক-যুৱতীলৈ ২ লাখকৈ টকা :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত স্ব-নিয়োজনৰ বাবে যুৱক-যুৱতীসকলক ২ লাখকৈ টকা দিয়া হ’ব । প্ৰথম পৰ্যায়ত ৩০ হাজাৰ আৰু দ্বিতীয় পৰ্যায়ত ৭০ হাজাৰ যুৱক-যুৱতীক এই সহায় আগবঢ়োৱা হ’ব । ইয়াৰ বাবে জিলা পৰ্যায়ত ১৬ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব ৷ ৩০ ছেপ্তেম্বৰত ৩০ হাজাৰক ২ লাখকৈ টকা দিয়া হ’ব ৷ এই সন্দৰ্ভত জিলা আয়ুক্তসকলৰে বিশদ আলোচনা কৰা হয় ।’’

স্বচ্ছ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ একো একোটা পৰীক্ষাত ১১ লাখপৰ্যন্ত প্ৰাৰ্থী অৱতীৰ্ণ হ’ব । এই পৰীক্ষাসমূহ সুকলমে অনুষ্ঠিত কৰা সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে আলোচনা কৰা হয় । যাতে পূৰ্বৰ দৰেই স্বচ্ছ আৰু ত্ৰুটিবিহীন ভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয় ।’’

৭-৮ আগষ্টত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ :

নিযুত মইনা আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ ৭-৮ আগষ্টত বিতৰণ কৰা হ’ব ৷ ৩ লাখ ছাত্ৰীয়ে সুবিধা লাভ কৰিবলগীয়া এই আঁচনি সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয় ৷’’

অৰুণোদয়ৰ বাবে ৰেচন-আধাৰ কাৰ্ড বাধ্যতামূলক :

অৰুণোদয়-৩ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ ছেপ্তেম্বৰৰ পৰা অৰুণোদয়-৩ৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব । ইয়াৰ দ্বাৰা অৰুণোদয় লাভ কৰা পৰিয়ালৰ সংখ্যা ৪৭ লাখলৈ বৃদ্ধি পাব । আগতে অৰুণোদয়ৰ বাবে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড বাধ্যতামূলক নাছিল ৷ অৰুণোদয়-৩ৰ ক্ষেত্ৰত ৰেচন কাৰ্ড আৰু আধাৰকাৰ্ড বাধ্যতামূলক হ’ব ৷ অৰুণোদয়ৰ নতুন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিচত সকলোৰে বাবে ৰেচন আৰু আধাৰ কাৰ্ড বাধ্যতামূলক হ'ব । ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলে পুৰণিসকলেও অৰুণোদয় নাপাব পাৰে । আনহাতে নিয়মত নপৰিলে ৰেচন কাৰ্ড থাকিলেই অৰুণোদয় নাপাব পাৰে । এই বিষয়ত জিলা আয়ুক্তৰ সন্মিলনত বিশদ আলোচনা কৰা হয় ।’’

ঘৰৰ পৰাই ক্ৰয় কৰা হ’ব ধান, সৰিয়হ, মেজ :

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘ ধান আৰু সৰিয়হৰ পিচত এইবাৰ চৰকাৰে কৃষকৰ পৰা মেজ ক্ৰয় কৰিব ৷ এইবাৰ ৩.৬০ লাখ মেট্ৰিক টন ধান আৰু ১১ হাজাৰ মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰা হৈছে । অহা বছৰত ৩০ হাজাৰ মেট্ৰিক টন সৰিয়হ ক্ৰয়ৰ লক্ষ্য লোৱা হৈছে । আনহাতে এইবাৰৰ পৰা কৃষকৰ ওচৰলৈ গৈ ধান, সৰিয়হ আৰু মেজ ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হ'ব । টোলফ্ৰী নম্বৰত ফোন কৰিলেই কৃষকৰ ওচৰলৈ গৈ ক্ৰয় কৰা হ'ব । এইবাৰ ফেব্ৰুৱাৰীৰ পৰা সৰিয়হ আৰু নবেম্বৰৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা কৰা হ'ব । এই বিষয়ে সন্মিলনত আলোচনা কৰা হয় ।

আনহাতে অমৃত বৃক্ষৰোপন অভিযানৰ অধীনত ২০ আগষ্টলৈ ৩ কোটি গছপুলি ৰোপণ কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে । তদুপৰি আয়ুক্ত সন্মিলনত ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ৷

৮০০০ নাচনীক লৈ ঝুমুৰ নাচ প্ৰদৰ্শন :

বিশাল পৰিসৰত ঝুমুৰ নাচ পৰিৱেশন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় - ‘‘ যোৱাবাৰ ১২ হাজাৰ নাচনী আৰু ঢুলীয়াৰে বিহু নাচৰ আয়োজন কৰা হৈছিল । এইবাৰ ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ ৮০০০ নাচনীক লৈ ঝুমুৰ নাচ প্ৰদৰ্শন কৰা হ’ব । গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ২০ নৱেম্বৰত এই ঝুমুৰ নাচ পৰিৱেশন কৰা হ’ব । ৰেকৰ্ডৰ বাবে কৰা হোৱা নাই যদিও কেবাটাও ৰেকৰ্ড হ’ব পাৰে । এই ক্ষেত্ৰত সন্মিলনত আলোচনা কৰা হয় ।’’

জন্মৰ পিচতে শিশুৱে লাভ কৰিব আধাৰ কাৰ্ড :

শিশুৰ জন্মৰ লগে লগে আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ মেডিকেল কলেজত শিশুৰ জন্ম হ’লে আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব । প্ৰথম পৰ্যায়ত এই ব্যৱস্থা পাইলট প্ৰজেক্ট হিচাপে ১৩ খন মেডিকেল কলেজত প্ৰযোজ্য কৰা হ’ব । পৰৱৰ্তী সময়ত জিলা হাস্পতালসমূহতো এই ব্যৱস্থা কৰা হ’ব ৷’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘ বিদ্যালয় একত্ৰীকৰণৰ ফলত পৰিত্যক্ত হৈ থকা বিদ্যালয়সমূহৰ সম্পত্তি পুথিভঁৰাল হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ আহিছে ৷ এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হৈছে । ডিজিটেল আৰু পৰম্পৰাগত লাইব্ৰেৰী কৰাৰ বিষয়টো চিন্তা-চৰ্চাৰ পৰ্যায়ত আছে । আনহাতে উপ-জিলাৰ সলনি এতিয়া সমজিলা তথা মহকুমা কৰা হৈছে । ২ অক্টোবৰৰ পৰা ইয়াৰ প্ৰশাসনীয় গোট আৰম্ভ হ’ব । এই সন্দৰ্ভত জিলা আয়ুক্তৰ সন্মিলনত আলোচনা কৰা হৈছে ।’’

ভি আই পি সংস্কৃতি কমোৱাৰ নিৰ্দেশ :

জিলা আয়ুক্তসকলক দিয়া নিৰ্দেশ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ প্ৰশাসনক ৰাইজৰ ওচৰলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে ৷ ভি আই পি কালছাৰ কমাই অনাৰ বাবে কোৱা হৈছে । এই বিষয়ত বিশদ আলোচনা কৰি জিলা আয়ুক্তসকলক কেতবোৰ নিৰ্দেশ দিয়া হৈছে । অহা মাহত আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ’ব । সেইদৰে ডিটিঅ', ডি এফ অ’কে ধৰি প্ৰত্যেকটো গুৰুত্বপূৰ্ণ বিভাগৰে বৈঠক অনুষ্ঠিত হ’ব ।’’

লগতে পঢ়ক : নাম সলনি হ’ব আৰু এটা বিমান বন্দৰৰ : কেবিনেটে জনালে অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.