ETV Bharat / state

জিলাই জিলাই নতুন অভিভাৱক পাতিলে ড৹ শৰ্মাই - Guardian Ministers of Assam

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 10:40 PM IST

Guardian ministers list of Assam Government: সলনি হ'ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী । ৰাজ্য চৰকাৰে মঙলবাৰে জাৰি কৰিছে জাননী ৷ কোন মন্ত্রীয়ে পালে কোন জিলাৰ দায়িত্ব, জানিবলৈ পঢ়ক...

List Guardian Ministers of Assam Government
জিলাই জিলাই নতুন অভিভাৱক পাতিলে ড৹ শৰ্মাই (Etv Bharat Assam)

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: পুনৰ সাল-সলনি কৰা হৈছে অভিভাৱক মন্ত্ৰীৰ দায়িত্ব । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব সলনি কৰা হৈছে । এই সন্দৰ্ভত আজি অৰ্থাৎ মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে জাননী । সেই অনুসৰি মন্ত্রী ৰণজিৎ কুমাৰ দাসক কৰিমগঞ্জ, ধুবুৰী আৰু বঙাইগাঁৱৰ দায়িত্ব দিয়া হৈছে । সেইদৰে মন্ত্রী অতুল বৰাক কামৰূপ মহানগৰ আৰু নলবাৰীৰ দায়িত্ব দিয়া হৈছে । মন্ত্রী অশোক সিংহলক গোৱালপাৰা আৰু বিশ্বনাথৰ দায়িত্ব দিয়া হৈছে ।

মৰিগাঁও, দৰং আৰু দক্ষিণ শালমৰাৰ দায়িত্ব দিয়া হৈছে মন্ত্রী কেশৱ মহন্তক । মন্ত্রী অজন্তা নেওগক যোৰহাট আৰু নগাঁৱৰ দায়িত্ব দিয়া হৈছে । বৰপেটা, বজালী আৰু কামৰূপৰ দায়িত্ব দিয়া হৈছে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীক । আনহাতে মন্ত্রী ডাঃ ৰণোজ পেগুক শিৱসাগৰ, লখিমপুৰ আৰু মাজুলীৰ দায়িত্ব দিয়া হৈছে । মন্ত্রী সঞ্জয় কিষাণক গোলাঘাট আৰু ডিমা হাছাওৰ দায়িত্ব দিয়া হৈছে । মন্ত্রী পীযুষ হাজৰীকাক শোণিতপুৰ, ওদালগুৰি আৰু হোজাইৰ দায়িত্ব দিয়া হৈছে ।

মন্ত্রী যোগেন মহনক দিয়া হৈছে ডিব্ৰুগড় আৰু ধেমাজিৰ দায়িত্ব । তিনিচুকীয়া আৰু চৰাইদেউৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী বিমল বৰাক । সেইদৰে কাছাৰ, হাইলাকান্দি, বাক্সা আৰু তামুলপুৰৰ দায়িত্ব দিয়া হৈছে মন্ত্রী জয়ন্ত মল্লবৰুৱাক । মন্ত্রী নন্দিতা গার্লোছাক পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ দায়িত্ব দিয়া হৈছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সলনি কৰা হৈছিল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী । সেই সময়ত একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । যাৰ বাবে মুখ্যমন্ত্রীয়ে দায়িত্ব সলনি কৰিছিল । সেইবাৰ মন্ত্রী অতুল বৰাক কামৰূপ মহানগৰ আৰু উত্তৰ লখিমপুৰৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা । আনহাতে মন্ত্রী ৰণজিৎ কুমাৰ দাসক বঙাইগাঁও, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব দিয়া হৈছিল । ইয়াৰ পূৰ্বে বঙাইগাওঁ, ধুবুৰী আৰু বৰপেটা জিলা তেওঁৰ দায়িত্বত আছিল । দুখন জিলা সলনি কৰা হয় ।

সেইদৰে মন্ত্রী পীযুষ হাজৰীকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জ জিলাৰ দায়িত্ব দিয়া হৈছিল । তাৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল শোণিতপুৰ, বিশ্বনাথ আৰু নগাওঁ জিলা । মন্ত্রী কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দায়িত্ব দিয়া হৈছিল । ইয়াৰ আগতে তেওঁ গোলাঘাট আৰু মৰিগাওঁ জিলাৰ অভিভাৱক মন্ত্রী আছিল যদিও নতুনকৈ আৰু এখন জিলাৰ দায়িত্ব দিয়া হৈছিল । সেইদৰে বৰ্তমানৰ সাংসদ পৰিমল শুক্লবৈদ্য নগাঁও আৰু হোজাই জিলাৰ দায়িত্বত আছিল । তাৰ পূৰ্বে তেওঁ হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাৰ দায়িত্বত আছিল ।

ইফালে মন্ত্রী অজন্তা নেওগক যোৰহাট আৰু নলবাৰীৰ দায়িত্ব দিয়া হৈছিল । তাৰ আগতে তেওঁ নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ দায়িত্বত আছিল । মন্ত্রী ডাঃ ৰণোজ পেগুক শিৱসাগৰ, মাজুলী আৰু বৰপেটাৰ দায়িত্ব দিয়া হৈছিল । পূৰ্বে তেওঁ শিৱসাগৰ আৰু যোৰহাট জিলাৰ দায়িত্বত আছিল । মন্ত্রী অশোক সিংহলক কোকৰাঝাৰ আৰু গোৱালপাৰাৰ দায়িত্ব দিয়া হৈছিল । তাৰ পূৰ্বে তেওঁ কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ দায়িত্বত আছিল ।

মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ আৰু দৰং জিলাৰ দায়িত্ব দিয়া হৈছিল । তাৰ আগতে তেওঁৰ দায়িত্বত আছিল দৰং, কামৰূপ আৰু কামৰূপ মেট্ৰ' জিলা । কামৰূপ মহানগৰ জিলাৰ দায়িত্ব তেওঁৰ পৰা আঁতৰাই মন্ত্রী অতুল বৰাক দিয়া হৈছিল । আনহাতে মন্ত্রী যোগেন মহনক কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্ব দিয়া হৈছিল । তাৰ পূৰ্বে তেওঁ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্বত আছিল । মন্ত্রী বিমল বড়াক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ দায়িত্ব দিয়া হৈছিল । তাৰ আগতে তেওঁ মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্বত আছিল ।

মন্ত্রী ইউ জি ব্ৰহ্মক চিৰাং আৰু তামুলপুৰ জিলাৰ দায়িত্ব দিয়া হৈছিল । তাৰ পূৰ্বে তেওঁ বাক্সা আৰু চিৰাং জিলাৰ দায়িত্বত আছিল। মন্ত্রী সঞ্জয় কিষাণক ধেমাজি জিলাৰ দায়িত্ব দিয়া হৈছিল । তাৰ পূৰ্বে সঞ্জয় কিষাণ ধেমাজি আৰু লখিমপুৰ জিলাৰ দায়িত্বত আছিল । আনহাতে সেইবাৰ অভিভাৱক মন্ত্রীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা । মন্ত্রী জয়ন্ত মল্ল বৰুৱাক কাছাৰ, ধুবুৰী আৰু হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছিল । আনহাতে মন্ত্রী নন্দিতা গাৰ্লোচাক বাক্সা আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছিল ।

বিগত ছেপ্টেম্বৰ মাহত অভিভাৱক মন্ত্রীৰ দায়িত্বৰ ক্ষেত্রত ব্যাপক সালসলনি ঘটোৱা হৈছিল । পুনৰ আজি অভিভাৱক মন্ত্রীৰ দায়িত্ব সাল-সলনি কৰা হয় । উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত কেবিনেট সিদ্ধান্তমৰ্মে মন্ত্রীসকলক অভিভাৱক মন্ত্রী হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ।

লগতে পঢ়ক: অভিভাৱক মন্ত্ৰী হিচাপে ডিব্ৰুগড়ৰ দায়িত্ব প্ৰদান যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক

অভিভাৱক মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.