গুৱাহাটী, ৫ আগষ্ট: স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি 74 সংখ্যক পূণ্যতিথি ৷ সেই উপলক্ষে মহানগৰী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত পালন কৰা হয় লোক কল্যাণ দিৱস ৷
এই দিৱস উপলক্ষে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত পাৰদৰ্শিতা দেখুওৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বঁটা হিচাপে লোকসেৱা বঁটা 2024 আৰু কৰ্মশ্ৰী বঁটা 2024 আগবঢ়োৱা হয় ৷ ৰাজ্যিক ভিত্তিক 10 গৰাকীক আৰু জিলা ভিত্তিত 37 গৰাকী ব্যক্তিক লোকসেৱা বঁটাৰে সম্মানিত কৰা হয় ৷
আকৌ বিভিন্ন চৰকাৰী বিভাগৰ 18 গৰাকী ব্যক্তিক সন্মানিত কৰা হয় কৰ্মশ্ৰী বঁটাৰে ৷ ৰাজ্যিক ভিত্তিত লোকসেৱা বঁটা প্ৰাপকসকল হৈছে ক্ৰমে-
- মনোজ কুমাৰ দেউৰী, জ্যেষ্ঠ সহায়ক, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়
- সুজিত দে', উচ্চবৰ্গৰ সহায়ক, জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্বি আংলং
- কৈলাশ গগৈ, সহকাৰী শাখা বিষয়, সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগ
- অন্তৰা তালুকদাৰ, সহকাৰী শাখা বিষয়া, বিত্ত বিভাগ
- হীৰেন ডেকা, সহকাৰী শাখা বিষয়া, খনি আৰু খনিজ সম্পদ বিভাগ
- প্ৰণৱ লহকৰ, সহকাৰী শাখা বিষয়, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ অৰূপজ্যোতি নাথ, সহকাৰী শাখা বিষয়া, শক্তি বিভাগ
- নিৰঞ্জন শর্মা, কনিষ্ঠ প্ৰশাসনীয় সহায়ক, গৃহ আৰু ৰাজনৈতিক বিভাগ
- মঃ মকিবৰ ৰহমান, উচ্চবর্গৰ সহায়ক-গাণনিক, অসম ৰাজ্যিক সংখ্যালঘু
- অধিক লাল যাদৱ, এম টি এছ মুখ্যমন্ত্ৰীৰ সচিবালয়
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বঁটা প্ৰাপকসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ মানৱ সমাজলৈ ভাল অৱদান আগবঢ়োৱাৰ সুবাদতে এই প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ ভাষণত কয় যে, "লোকসেৱা বঁটা হৈছে এনে এটা বিশেষ পুৰস্কাৰ, যি অসম চৰকাৰৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলক সামৰি লয় ৷ সাধাৰণতে আমি প্ৰশাসনিক ব্যৱস্থাত দেখো, যিকোনো বিভাগত হোৱা কাম-কাজৰ বাবে বা সেই বিভাগৰ সফলতাৰ বাবে মন্ত্ৰীজনক সন্মানিত কৰা হয় আৰু কিছু কিছু ক্ষেত্ৰত বিষয়াজনক সন্মানিত কৰা হয় ৷ কিন্তু নেপথ্যৰ আঁৰত থাকি যিসকলৰ প্ৰচেষ্টাত এই কৰ্মই সফলতাৰ মুখ দেখিবলৈ পাই, তেওঁলোকক সাধাৰণতে আমি ৰাইজৰ সন্মুখলৈ উলিয়াই নানো ৷ একো একোটা সফল জীৱন স্বীকৃতি অবিহনে তেওঁলোকৰ কৰ্মদিনৰ সামৰণি পৰে ৷ 2022 চনত আমি সিদ্ধান্ত লৈছিলো যে, নেপথ্যৰ আঁৰত থাকি চৰকাৰখনক শক্তি দিয়া, সামৰ্থ দিয়া এই ব্যক্তিসকলক আমি পুৰস্কৃত কৰিম" ৷
উল্লেখ্য যে, 2022 চনত আৰম্ভ হোৱা এই বঁটা প্ৰদান কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে 10 গৰাকী কৰ্মচাৰীক ৰাজ্যিক বঁটা আৰু 89 গৰাকী কৰ্মচাৰীক জিলা পৰ্যায়ৰ লোকসেৱা বঁটাৰে সন্মানিত কৰে ৷ 2023 চনত 75 গৰাকীক লোকসেৱা বঁটা প্ৰদান কৰে অসম চৰকাৰে ৷
গোপীনাথ বৰদলৈ সমাধিত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি:
এই কাৰ্যসূচীৰ পূৰ্বে সোমবাৰে পুৱা মুখ্যমন্ত্ৰীয়ে নৱগ্ৰহত থকা গোপীনাথ বৰদলৈৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায় । তাত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সম্বোধন কৰি কয় - "অসমবাসীৰ মনত চিৰপ্ৰবাহমান এটি নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৷ আধুনিক অসম নিৰ্মাণৰ স্বপ্নদ্ৰষ্টা বৰদলৈ ডাঙৰীয়াৰ ৰাষ্ট্ৰ নিৰ্মাণ আৰু সু-প্ৰশাসনৰ দিশত থকা অৱদানসমূহে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰেৰণা যোগাই থাকিব"৷
লগতে পঢ়ক: যুৱ পৰিচালক চিন্ময় বাৰ্মালৈ বিশেষ সন্মান - Chinmoy Barma