ETV Bharat / state

বানত ককবকাইছে ৰাজ্য়ৰ জনতাই : যেনিয়েই চকু যায় তেনিয়েই কেৱল পানী আৰু পানী - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 11:01 PM IST

Assam Flood updates: ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে ৷ বানত বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল ৷ বাট-পথ, গাঁও, ঘৰ-বাৰী একোৰে চিন নোহোৱা হৈছে বানৰ ফলত ৷

Assam Flood updates
Assam Flood 2024 (ETV Bharat Assam)

নিউজ ডেস্ক, ২ জুলাই: ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী-বিধায়কৰ লগতে আমোলা-বিষয়া সকলোকে নিৰ্দেশ দিছে বানৰ সময়ত ৰাইজক সহায়ৰ লগতে পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ভিন্ন অঞ্চল ৷

জটিল হৈছে বান পৰিস্থিতি (ETV Bharat Assam)

গহপুৰৰ বান পৰিস্থিতি: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ গহপুৰ বিধানসভা সমষ্টিৰ দক্ষিণ অঞ্চলৰ প্ৰায় ৫০ খনৰো অধিক গাঁও বানৰ কবলত পৰিছে । বানত প্লাৱিত হৈছে গহপুৰ ন ন অঞ্চল ৷ হাহাকাৰ পৰিস্থিতি গহপুৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ মাজত ৷ বিশেষকৈ সমষ্টিটোৰ দক্ষিণ অঞ্চলৰ কলাবাৰী, মাগুনি, ৰাঙলীয়াল লাওদলনিকে ধৰি প্ৰায় ৫০ খন গাঁও এতিয়া পানীৰ তলত । নাই কোনো পথ, অধিকাংশ পথ এতিয়া পানী তলত ৷ মাত্ৰ এখন হাত নাও লৈ কোনোমতে নিৰাপদ ঠাই বিচাৰি ঢাপলি মেলা দেখা গৈছে বানাক্ৰান্ত ৰাইজক । ইফালে গহপুৰত নগৰৰ গাতে লাগি থকা চত্ৰঙ নদীৰ পানীয়ে প্লাৱিত কৰিছে মধ্য চত্ৰঙকে ধৰি বিভিন্ন অঞ্চল ৷ চত্ৰঙৰ বানে ভাবুকি কঢ়িয়াই আনিছে গহপুৰ নগৰলৈও ।

কাজিৰঙাতো ভয়াৱহ বান পৰিস্থিতি: ফেনে-ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙাৰ বিভিন্ন এলেকা বুৰাই পেলাইছে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বিভিন্ন বন শিবিৰ এলেকা বুৰাই পেলোৱাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বহু অঞ্চল বুৰ গৈছে বানত ৷ বাঢ়নী পানীত সম্প্ৰতি কাজিৰঙা তথা বোকাখাতৰ শতাধিক গাঁও বুৰ গৈছে ৷ বানৰ ফলত বিলাই-বিপত্তি নোহোৱা হৈছে অঞ্চলসমূহৰ ৰাইজৰ ৷ পশুধনৰ অৱস্থাও তথৈবচ ৷ খাদ্য-আশ্ৰয়ৰ অভাৱত হাহাকাৰ কৰা জনগণক সকাহ দিবলৈ সাংঘাতিক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই স্থানীয় প্ৰশাসনে ৷ ইপিনে, মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ বান বিধ্বস্ত এলেকা ভ্ৰমণ কৰি বুজ লৈছে পৰিস্থিতিৰ ৷

মৰিগাঁৱতো বানৰ তাণ্ডৱ: মৰিগাঁও জিলাৰ ভূৰাগাঁও, মায়ং আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ ১৫৬ খন গাঁও সাম্প্ৰতিক বানৰ কবলত । ইয়াৰে ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৫৩ খন, মায়ং ৰাজহ চক্ৰৰ সৰ্বাধিক ৭৫ খন আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ ২৮ খন গাঁও বানত বানৰ কবলত পৰিছে । সাম্প্ৰতিক বানত শিশু আৰু মহিলাকে ধৰি প্ৰায় ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে । মায়ঙত ঘৰৰ ছালেৰে পানী কাটিছে । জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজনীয় ঠাইসমূহত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে । জিলা প্ৰশাসনে সাম্প্ৰতিক বানৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনাইছে ।

ভূৰাগাঁৱৰ শৈল্য বান্ধলৈ ভাবুকি: ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে পূৰ্বতে নিৰ্মাণ কৰা শৈল্য বান্ধক লৈ শংকিত এতিয়া ভূৰাগাঁওবাসী । যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে খহাই নিয়াৰ উপক্ৰম হৈছে শৈল্য বান্ধটো । ইতিমধ্যে অঞ্চলটোত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় ।

জোনাইত বানৰ মাজতে মৃতদেহ উদ্ধাৰ: প্ৰলয়ংকৰী বানৰ তাণ্ডৱ চলি থকাৰ মাজতে এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় জোনাই মহকুমাৰ বৰং সাধু ঘাটত ৷ জানিব পৰা মতে চেঙাজান আৰক্ষী থানাৰ অন্তৰ্গত গালি চিকাৰীৰ বৰং অঞ্চলৰ সাধু ঘাটত মৃতদেহটো দুপৰীয়া ভাগত এগৰাকী নাৱৰীয়াই প্ৰত্যক্ষ কৰে ৷ তাৰ পিচতেই ৰাইজে আৰক্ষীক খবৰ দিয়ে । চেঙাজান আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷ লালী নদীৰ বানত উটি অহাৰ সন্দেহ মৃতদেহটো ৷

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বুঢ়ী দিহিঙৰ বাঢ়নী পানী: ডিব্ৰুগড়ত ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে বান পৰিস্থিতিয়ে । নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং আৰু আন উপনৈ সমূহ । ঠায়ে ঠায়ে কালৰূপ ধাৰণ কৰিছে নদীৰ পানীয়ে । ডিব্ৰুগড় জিলাখনত কেইবা শতাধিক গাঁও ইতিমধ্যে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । তিনি চাৰিদিন ধৰি ডিব্ৰুগড় জিলাত বুঢ়ীদিহিঙৰ বানে কাল ৰূপ ধাৰণ কৰাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । যিকোনো মুহূৰ্ততে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোগাযোগ বিছিন্ন হোৱাৰো আশংকা কৰা হৈছে । কিয়নো মঙলবাৰে বিয়লিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে বুঢ়ীদিহিঙৰ বাঢ়নী পানী ।

গৌৰীপুৰত বানৰ সমানে খহনীয়াৰ তাণ্ডৱ: গৌৰীপুৰত নদীৰ বুকুত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ । নিতৌ চপৰা চপৰে খহিছে নৈৰ গৰা । ইতিমধ্যে শ শ কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে । বিগত কেইদিনমানৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি হোৱাত নৈপৰীয়া অঞ্চলৰ ৰাইজ গৰাখহনীয়াৰ কৱলত পৰিছে । এটা মছজিদৰ লগতে এখন বিদ্যালয় আৰু কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই ৷ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ জিলা প্ৰশাসনৰ লগতে স্থানীয় জনপ্ৰতিনিধিক আৱেদন কৰাৰ পিচতো বৰ্তমানেও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ।

হোজাইত কপিলীৰ বাউলী ৰূপ: হোজাই জিলাৰ মাজেৰে বৈ যোৱা কপিলী নৈৰ জলস্তৰ বৃদ্ধি হৈছে ৷ আজি কপিলীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ওৱাৰীগেডিঙৰ পকী দলং ৷ হোজাইৰ ওৱাৰীগেডিঙৰ পৰা তৰাডুবি হৈ হোজাইৰ কেণ্ডুগুৰি সংযোগী পথৰ ওপৰত আছিল এই দলংখন ৷ প্রায় কেবাদিনো ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত হোজাই জিলাৰ নৈ-উপনৈসমূহৰ জলস্তৰ ক্রমশঃ বৃদ্ধি পাইছে । বিশেষকৈ কপিলী নৈ জলস্তৰে বিপদসীমা অতিক্ৰম কৰা হোজাই জিলাত বানপৰিস্থিতি জটিল হৈ পৰিছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা : প্ৰশাসন হৈ পৰিছে সষ্টম - Assam Flood 2024

লগতে পঢ়ক: চকুৰ সন্মুখতে উটি গ’ল সমস্ত: কন্দাৰ বাহিৰে উপায় নাই বানাক্ৰান্তৰ - Assam Flood 2024

লগতে পঢ়ক: গুৱাহাটীত প্ৰতি ঘন্টাত তিনি ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী - Assam Flood 2024

লগতে পঢ়ক: বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.