ETV Bharat / state

কমা নাই বিভীষিকা : বাঢ়নী পানীত পৰি দুটি শিশুসহ বৃদ্ধৰ মৃত্যু - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 10:54 PM IST

Assam Flood : পূৰ্বৰ তুলনাত পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বানৰ কবলত ৰাজ্যৰ শ শ গাঁও ৷ বাঢ়নী পানীত পৰি শনিবাৰৰ দিনটোত শিশুসহ কেবাজনো লোকৰ মৃত্যু হয় ৷

ASSAM FLOOD SITUATION
বানৰ কবলত ৰাজ্যৰ শ শ গাঁও (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 13 জুলাই : ৰাজ্যত এতিয়াও শাম কটা নাই বান পৰিস্থিতি ৷ পূৰ্বৰ তুলনাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বানৰ কবলত ৰাজ্যৰ শ শ গাঁও ৷ ঘৰ-বাৰী এতিয়াও পানীৰ তলত থকাৰ বাবে পোহনীয়া জীৱ-জন্তুৰে সহাৱস্থান কৰিছে বন্যাৰ্তই ৷ তাৰ মাজতে খাদ্য-বস্ত্ৰকে ধৰি আন প্ৰয়োজনীয় সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে বন্যাৰ্ত ৷ ঠায়ে ঠায়ে পশুধনৰ লগতে বন্যাৰ্তৰ মাজত দেখা গৈছে ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ কিছু কমিছে যদিও বাঢ়নী পানীত পৰি শনিবাৰৰ দিনটোত শিশুসহ কেবাজনো লোকৰ মৃত্যু হয় ৷

বাঢ়নী পানীত পৰি শিশুসহ কেবাজনো লোকৰ মৃত্যু (ETV BHARAT ASSAM)

ডিব্ৰুগড় : বানৰ বিভীষিকাৰ মাজতে আজি ডিব্ৰুগড়‌ৰ খোৱাঙত বাঢ়নী পানীত পৰি এজন বৃদ্ধৰ মৃত্যু হয় ৷ মৃত লোকজন খোৱাং কাৱৈমাৰীৰ কেশৰাম দাস ওৰফে ডি চি (75) বুলি জানিব পৰা গৈছে ৷ খোৱাং গৰৈমাৰী ৰিং বান্ধৰ ওপৰত আশ্ৰয় শিবিৰত আছিল লোকজন ৷ আজি বিয়লি লোকজনে কোনো কামত ৰিং বান্ধৰ তললৈ নমাত হঠাৎ পানীত পৰি যায় ৷ স্থানীয় লোকে পৰৱৰ্তী সময়ত বাঢ়নী পানীৰ প্ৰায় 12 ফুট গভীৰতাৰ পৰা লোকজনক উদ্ধাৰ কৰে ৷ লোকজনক ততাতৈয়াকৈ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে ৷

গোলাঘাট : গোলাঘাট জিলাৰ দেৰগাঁৱত বানৰ মাজতে আজি সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ৷ পিতৃ-মাতৃ নথকা অৱস্থাত ভাতৃৰ সৈতে ভূৰত উঠি ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যাওতে দেৰগাঁৱৰ বহু ভিতৰুৱা অঞ্চল লেমচাপৰি বহিখোৱাত এগৰাকী 5 বছৰীয়া কিশোৰী পানীত পৰি মৃত্যুমুখত পৰে ৷ পৰিয়ালৰ লোকে বহুসময় ধৰি সন্ধান কৰাৰ পাচত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এটা সুঁতিৰ পানীৰ পৰা স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী গৰাকীৰ মৃতদেহ ৷ ইয়াকে লৈ দেৰগাঁওত বাঢ়নী পানীত পৰি মৃত হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি হয় ৷

লগতে পঢ়ক : ঘৰৰ চোতালৰ পানীত ডুবি মৃত্যু 9 মহীয়া শিশুৰ - Assam Flood 2024

কৰিমগঞ্জ : শনিবাৰে কৰিমগঞ্জৰ কালিগঞ্জৰ শ্ৰীমন্ত কনিশাইল জি পিৰ 6নং ৱাৰ্ডৰ কনিশাইল গাঁৱত এটি শিশু পানীত উটি যায় ৷ ৱাৰ্ডৰ সদস্য আফতাব উদ্দিনৰ দুবছৰীয়া সন্তানটিয়ে পিতৃৰ দোকানৰ পৰা চকলেট আনিবলৈ ঘৰৰ পৰা ওলাই আহিছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ঘৰৰ সন্মুখৰ পথৰ কাষেৰে বৈ যোৱা কচুৱা নদীত পৰি আফৰাজুল আলম নামৰ কণমানি শিশুটিৰ মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ধেমাজি : বিগত সপ্তাহত ধেমাজিত বানৰ প্ৰকোপ কমিবলৈ আৰম্ভ কৰিছিল যদিও যোৱা দুটা দিনত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ ৷ এইবেলি বানত বেয়াকৈ কঁকাল ভাঙিল ধেমাজিৰ মৰিধল, হাঁহচৰা, লক্ষীপথাৰ, লুগুটি অঞ্চলৰ ৰাইজৰ ৷ আচম্বিতে নিশা অহা প্ৰলংকৰী বানত মৰিধলৰ পৰা লক্ষীপথাৰলৈ যোৱা গড়কাপ্তানি পথটো কেবাঠাইত বিচ্ছিন্ন হোৱাত সম্প্ৰতি যাতায়ত ব্যাহত হৈ আছে ৷ উপৰ্যুপৰি বানত ক্ষতিগ্ৰস্ত বানাক্ৰান্তই বোকা -পানীৰ সৈতে সহৱস্থান কৰি আছে ৷ অভিযোগ ৰজাঘৰীয়াই দিয়া নাই এটুপী বিশুদ্ধ খোৱা পানী ৷ ইয়াৰ মাজতে এই বানবিধস্ত অঞ্চলসমুহ পৰিদৰ্শন কৰি অভাৱ -অভিযোগৰ বুজ লয় আৰু বানাক্ৰান্তৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ বটল বিতৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মাৰ নেতৃত্বত যোৱা এটা দলে ৷

জোনাই : বিগত কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ফেনে-ফোটোকাৰে বৃদ্ধি হোৱাৰ ফলত ধেমাজি, চিচিবৰগাঁও, জোনাই ৰাজহ চক্ৰৰ 143 খন গাঁও বিগত দহ দিনে বানৰ কবলত ৷ জোনাই ৰাজহচক্ৰত লালী, ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন নৈ-উপনৈৰ প্ৰলয়ংকাৰী বানত উলুৱনী জামুগুৰি, উলুৱনী মাজগাঁও, উলুৱনী জয়পুৰ, বুঢ়িসুতি পথাৰ, বুঢ়িসুতি টিপদালি, উলুৱনী মলানকে ধৰি জলমগ্ন হৈছে প্ৰায় 38 খন গাঁও ৷ ক্ষতিগ্ৰস্ত হৈছে 2,469 টা পৰিয়ালৰ 12410 জনলোক ৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত আজিও অৰ্ধ শতাধিক বাৰ্নাত্যই আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইফালে চিচিবৰগাঁও ৰাজহ চক্ৰত ব্ৰহ্মপুত্ৰৰ লগতে চিমেন, চিচি, ডিমৌ আদিৰ বান কিছু হ্ৰাস পাইছে যদিও কমা নাই বিভীষিকা ৷ নৈপৰীয়া বন্যাৰ্তৰ চোতালৰ পৰা কৃষিভূমিলৈকে বালি আৰু পলসৰ তৰপ ৷ এটা সপ্তাহে পানীৰ তলত বহু ঘৰ ৷

লগতে পঢ়ক : ৰাজ্যৰ ২৪ জিলা এতিয়াও বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.