ETV Bharat / state

একাংশ লোকৰ পৰোক্ষ উচটনিত উজনিলৈ মাছ ৰপ্তানি নকৰাৰ কথা কৈছিল নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে ! - Fish Supply Controversy

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:29 AM IST

Fish Supply to Upper Assam : ওৰ পৰাৰ দিশে মধ্য-উজনি অসমৰ মাছ ৰপ্তানি বিতৰ্ক । উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ প্ৰদান কৰা নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে যেন বুজি পালে নিজৰ ভুল । একাংশ লোকৰ পৰোক্ষ উচটনিতহে উজনিলৈ মাছ ৰপ্তানি নকৰাৰ কথা কোৱা বুলি অকপট স্বীকাৰোক্তি উজনিলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া মৎস্য ব্যৱসায়ীৰ । জুৰীয়াৰ মীন পালকেও ল’লে ৰাজহুৱা সিদ্ধান্ত ৷

Fish Supply to Upper Assam
একাংশ লোকৰ পৰোক্ষ উচটনিত উজনিলৈ মাছ ৰপ্তানি নকৰাৰ কথা কৈছিল নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে ! (ETV Bharat)

নগাঁও, 29 আগষ্ট : অৱশেষত যেন ওৰ পৰিল মধ্য অসম-উজনি অসমৰ মাছ ৰপ্তানি বিতৰ্ক । শেহতীয়াকৈ ৰাজ্যজুৰি চৰ্চাৰ মূল বিষয় হৈ পৰিছিল নগাঁও-উজনি অসমৰ মাছ ৰপ্তানি প্ৰসংগ । সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল ধিংকাণ্ডৰ পৰাই ।

নগাঁৱৰ ধিঙত এগৰাকী কিশোৰী ধৰ্ষণৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া, প্ৰতিবাদ । ধিংকাণ্ডৰ প্ৰতিবাদতেই উজনি অসমতো অস্থায়ীভাৱে থকা মিঞা সম্প্ৰদায়ৰ লোকক উজনি ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল বীৰ লাচিত সেনাকে ধৰি কেবাটাও সংগঠনে । যাৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হৈছিল নগাঁৱত ।

উজনি অসমৰ পৰা ধৰ্মীয় সংখ্যালঘু অস্থায়ী পৰিয়ালক উজনি ত্যাগ কৰিবলৈ দিয়া নিৰ্দেশৰ পাচতেই নগাঁৱৰ এগৰাকী মৎস্য ব্যৱসায়ীয়ে উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ প্ৰদান কৰিছিল । যাক লৈ সমগ্ৰ ৰাজ্যতেই সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ । কিন্তু অৱশেষত যেন মাছ ৰপ্তানি বিতৰ্ক আগবাঢ়িছে ওৰ পৰাৰ দিশত ।

লগতে পঢ়ক : উজনি, মিঞা আৰু মাছ: প্ৰয়োজনত উজনিলৈ মাছ-পাচলি পঠোৱাত নিজেই নেতৃত্ব ল’ব পদ্ম হাজৰিকাই - Assam Miya controversy

উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ প্ৰদান কৰা নগাঁৱৰ জুৰীয়া এৰাবাৰীৰ জহিৰুল ইছলাম নামৰ এজন মাছ ব্যৱসায়ীৰ লগতে অঞ্চলটোৰেই আন এজন মাছ ব্যৱসায়ীয়ে দিছিল উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ । যাক লৈয়েই আন এক নতুন বিতৰ্কৰ সূচনা হৈছিল অসমত ।

  • উজনলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া ব্যৱসায়ীক সোধপোচ আৰক্ষীৰ :

উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ প্ৰদান কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাচতেই নগাঁৱৰ জুৰীয়াৰ এৰাবাৰীৰ মৎস্য ব্যৱসায়ী জহিৰুল ইছলামক বুধবাৰে নগাঁও আৰক্ষীয়ে আটক কৰি সোধপোচ কৰে । অৱশ্যে জেৰাৰ অন্তত সন্ধিয়া পুনৰ মুকলি কৰিও দিয়ে মৎস্য ব্যৱসায়ী জহিৰুল ইছলামক ।

লগতে পঢ়ক : মৎস্য ব্যৱসায়ীক মধ্য অসমত ব্যৱসায় কৰিবলৈ নিদিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ - Miya Controversy

মুকলি হৈয়েই সংবাদ মাধ্যমৰ সন্মুখত একপ্ৰকাৰ নিজৰ ভুল স্বীকাৰ কৰে উজনি অসমলৈ মৎস্য ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া জহিৰুল ইছলামে । আনকি পৰোক্ষভাৱে একাংশ লোকৰ ওপৰতেই সমগ্ৰ দোষ জাপি দি মৎস্য ব্যৱসায়ী জহিৰুল ইছলামে মন্তব্য কৰে ।

  • জুৰীয়াৰ মীন পালকৰ ৰাজহুৱা সিদ্ধান্ত:

জুৰীয়াৰ মাত্ৰ দুজনকৈ মৎস্য ব্যৱসায়ীয়ে উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া মৎস্য ব্যৱসায়ীক গৰিহণা দিয়ে জুৰীয়াৰ একাংশ মীন পালকে । জুৰীয়াত অথৱা নগাঁৱত কোনো মৎস্য ব্যৱসায়ী অথবা মীন পালক সন্থাও নথকাৰ কথা উল্লেখ কৰে জুৰীয়াৰ মীন পালকসকলৰ লগতে ব্যৱসায়ীসকলে । বুধবাৰে জুৰীয়াত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি উজনিলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰে জুৰীয়াৰ মীন পালক আৰু মৎস্য ব্যৱসায়ীসকলে ।

লগতে পঢ়ক : উজনিৰ ৰাইজক কেনেকৈ মাছ খুৱাব মীন মন্ত্ৰীয়ে ? - Miya controversy

উজনলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া ব্যৱসায়ীক গৰিহণা দি অনাগত সময়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উজনি অসমলৈয়ো মাছ ৰপ্তানি কৰাৰ কথা উল্লেখ কৰে জুৰীয়া মাছ ব্যৱসায়ী আৰু মীন পালকসকলে । মুঠৰ ওপৰত যেন ওৰ পৰাৰ দিশে মধ্য অসম আৰু উজনি অসমৰ মাছ ৰপ্তানি বিতৰ্ক ।

লগতে পঢ়ক : নগাঁৱৰ মৎস্য ব্যৱসায়ীক চেলেঞ্জ উজনি অসমৰ ব্যৱসায়ীৰ - Fish Supply to Upper Assam

লগতে পঢ়ক : অনিৰ্দিষ্টকাললৈ উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত মৎস্য ব্যৱসায়ীৰ - Miya Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.