ETV Bharat / state

আজিও অৱহেলিত প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা

দেশৰ স্বাধীনতা আন্দোলনৰ বহু পূৰ্বেই ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমটো বিদ্ৰোহেই আছিল ৰহাৰ 'ফুলগুৰি ধেৱা' কৃষক বিদ্ৰোহ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Phulaguri Dhewa
ফুলগুৰি ধেৱাৰ স্মৃতি দিৱস (ETV Bharat Assam)

নগাঁও : ১৮ অক্টোবৰ । দেশৰ ইতিহাসৰ এটা বিশেষ দিন । এই দিনটো নগাঁৱৰ ৰহাৰ সমীপৰ ফুলগুৰিৰ কৃষকৰ বাবে এটা উল্লেখনীয় দিন । কিয়নো এই দিনটোতেই প্ৰথমবাৰৰ বাবে ইংৰাজৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে সাহসেৰে ওলাই আহি ৰণত নামিছিল ৰহাৰ ফুলগুৰিৰ কৃষকসকল । এই ফুলগুৰিৰ কৃষক বিদ্ৰোহেই 'ফুলগুৰি ধেৱা' নামে বিখ্যাত । সেয়া আছিল ১৮৬১ চনৰ ১৮ অক্টোবৰ ।

কিন্তু কৃষকৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বিৰুদ্ধে ৰণত নামি বহুকেইগৰাকী কৃষকে প্ৰাণ আহুতি দিয়াৰ পাছতো আজিলৈকে ফুলগুৰি ধেৱাই চৰকাৰী স্বীকৃতি লাভ নকৰাত আক্ষেপ প্ৰকাশ কৰিবলগীয়া হৈছে ফুলগুৰিৰ কৃষকে । আনকি আজি পৰ্যন্ত ফুলগুৰিৰ কৃষকে লাভ নকৰিলে চৰকাৰী বিশেষ কোনো সুবিধাও ।

উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীয়ে আৰম্ভ কৰা স্বাধীনতা আন্দোলৰ পূৰ্বেই মধ্য অসমৰ ৰহাৰ ফুলগুৰিৰ কৃষকৰ আন্দোলনেই পৰৱৰ্তী সময়ত ফুলগুৰি ধেৱা হিচাপে জনাজাত হয় । বিভিন্ন বুৰঞ্জী তথা প্ৰকাশিত গ্ৰন্থত উল্লেখ কৰা অনুসৰি, ৰহাৰ ফুলগুৰি ধেৱাই আছিল ব্ৰিটিছৰ বিৰুদ্ধে কৰা দেশৰ ভিতৰতে প্ৰথমটো বিদ্ৰোহ ।

বহুকেইখন বুৰঞ্জীমূলক গ্ৰন্থত উল্লেখ কৰা অনুসৰি, ৰহা তথা ফুলগুৰিৰ কৃষকৰ তামোলৰ পৰা নাৰিকললৈকে বিভিন্ন উৎপাদিত সামগ্ৰীৰ ওপৰত ইংৰাজ শাসকে জাপি দিয়া অতিৰিক্ত কৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই কৃষকৰ ওপৰত জঁপিয়াই পৰিছিল ব্ৰিটিছ বিষয়া-আৰক্ষী । ব্ৰিটিছৰ এনে অত্যাচাৰী শাসনৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰা কৃষকৰ আক্ৰমণত চিংগাৰ চাহাব নামৰ এজন ইংৰাজ বিষয়াও নিহত হ'বলগীয়া হৈছিল ।

পৰৱৰ্তী সময়ত ব্ৰিটিছ চৰকাৰৰ বিচাৰ অনুসৰিয়েই ফাঁচি দিয়া হৈছিল কটহগুৰিৰ লক্ষ্যসিং ডেকা, টুপাকুচীৰ ৰণবৰ ডেকা আৰু ঔগুৰিৰ চাংবৰ লালুঙক ৷ সেই সময়ৰ চৰকাৰী তথ্য অনুসৰি, 46 জনকৈ কৃষকৰ মৃত্যু হৈছিল এই কৃষক আন্দোলনটোত ৷

১৯২১ চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে আৰম্ভ কৰা স্বাধীনতা আন্দোলনৰ বহু বছৰ পূৰ্বেই নগাঁৱৰ ফুলগুৰিৰ কৃষকে ব্ৰিটিছবিৰোধী আন্দোলন কৰিছিল । কিন্তু পৰিতাপৰ কথা যে ই দেশৰ ভিতৰতে প্ৰথমটো কৃষক বিদ্ৰোহ হিচাপে চিহ্নিত হৈ আহিছে যদিও ফুলগুৰি ধেৱাক আজিপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক স্বীকৃতি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও ফুলগুৰিৰ বহু বিশিষ্ট ব্যক্তিয়ে ।

যাৰ বাবে স্থানীয়ভাৱেই ফুলগুৰি ধেৱা দিৱস সমিতিয়ে প্ৰতিবছৰে ফুলগুৰি ধেৱা দিৱস উদযাপন কৰিয়েই সন্তুষ্টি ল'বলগীয়া হৈছে ।

আনহাতে, প্ৰতিবছৰৰ দৰে আজিও ফুলগুৰি ধেৱা দিৱস সমিতিৰ উদ্যোগত ফুলগুৰিত উদযাপন কৰা হয় ফুলগুৰি ধেৱা দিৱসটি । ১৮ অক্টোবৰ, শুকুৰবাৰে ৰহাৰ ফুলগুৰিত ফুলগুৰি ধেৱা দিৱস উদযাপন কৰি ব্ৰিটিছৰ বিৰুদ্ধে কৰা কৃষক বিদ্ৰোহত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে স্থানীয় কৃষকসকলে ।

শুকুৰবাৰে ফুলগুৰি ধেৱা দিৱস পালন কৰি ই টিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰি ফুলগুৰি ধেৱা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ ডেকাই কয়, "দেশৰ ভিতৰতে প্ৰথম কৃষক বিদ্ৰোহত প্ৰাণ আহুতি দিয়া শ্বহীদক আজি পৰ্যন্ত স্বীকৃতি নিদিয়াটো দুৰ্ভাগ্যজনক ।" আজিলৈকে ফুলগুৰি ধেৱাই চৰকাৰী স্বীকৃতি লাভ নকৰাৰ কথা উল্লেখ কৰি অসন্তুষ্টি ব্যক্ত কৰে ফুলগুৰি ধেৱা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ ডেকাই ।

ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ফুলগুৰিৰ কৃষকে আজিও কোনো চৰকাৰী বিশেষ সুবিধা লাভ নকৰা বুলিও ক্ষোভ প্ৰকাশ কৰে শ্বহীদ পৰিয়ালৰ আত্মীয় হৰিকান্ত দাস নামৰ এগৰাকী কৃষকে । ফুলগুৰি অঞ্চলৰ কৃষকে উৎপাদিত শস্যৰ উচিত মূল্য লাভ নকৰাৰ ফলত ক্ৰমান্বয়ে কৃষিকৰ্মৰ প্ৰতি অনীহাই দেখা দিয়া বুলিও উল্লেখ কৰে হৰিকান্ত দাস নামৰ কৃষকগৰাকীয়ে ।

আনকি এই অঞ্চলটোৰ লোকসকলে এটা সময়ত সৰ্বাধিক তামোল, নাৰিকল উৎপাদন কৰিবলৈ সক্ষম হৈছিল যদিও সম্প্ৰতি বহিঃৰাজ্যৰ তামোল, নাৰিকলে বজাৰ দখল কৰাত ফুলগুৰি অঞ্চলৰ কৃষকৰ তামোল, নাৰিকল উৎপাদনতো অনীহা জন্মিছে বুলিও উল্লেখ কৰে শ্বহীদ পৰিয়ালৰ আত্মীয় তথা কৃষক হৰিকান্ত দাসে ।

লগতে পঢ়ক :মুকলিৰ ১৫ দিনতে কাজিৰঙালৈ আগমন ১৩ হাজাৰৰো অধিক পৰ্যটকৰ: লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ
লগতে পঢ়ক :মিঠা কমলাৰ গোন্ধত আমোলমোল বিশ্বনাথ; ছটা জাতৰ কমলাই দখল কৰিছে ৰাজ্যৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.