ETV Bharat / state

বিত্তমন্ত্রী অজন্তা নেওগে আজি বিয়লি দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ বাজেট

Assam Budget 2024: বিত্তমন্ত্রী অজন্তা নেওগে আজি অসম বিধানসভাত দাখিল কৰিব ৰাজ্যিক বাজেট । এইবাৰৰ বাজেটত মহিলাসকলক কেন্দ্ৰ কৰি বিশেষ আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে । স্বাস্থ্য বীমাক লৈয়ো বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে ।

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:39 AM IST

Assam Budget 2024
বিত্তমন্ত্রী অজন্তা নেওগে আজি দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ বাজেট

গুৱাহাটী,১২ ফেব্ৰুৱাৰী: বিত্তমন্ত্রী অজন্তা নেওগে আজি অৰ্থাৎ সোমবাৰে অসম বিধানসভাত দাখিল কৰিব ৰাজ্যিক বাজেট । বিয়লি ২ বজাত সদনত দাখিল কৰা হ'ব ২০২৪-২৫ বৰ্ষৰ বাজেট । সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দাখিল কৰিবলগীয়া বাজেটখনক লৈ বিশেষভাবে চৰ্চা হৈছে । বিত্তমন্ত্রী অজন্তা নেওগে ইতিমধ্যে দিয়া আভাস অনুসৰি এইবাৰৰ বাজেটত মহিলাসকলক কেন্দ্ৰ কৰি বিশেষ আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

উদ্যমী মহিলাসকলৰ বাবে কেইবাখনো বিশেষ আচঁনি ঘোষণা কৰিব বুলি জানিব পৰা গৈছে ৷ স্বাস্থ্য বীমাক লৈয়ো বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে । লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজেটত বহুকেইটা চমকপ্ৰদ আঁচনি ঘোষণা কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । ইফালে বাজেটত বহু হিতাধিকাৰী আঁচনিৰ বিপৰীতে মূলধন শিতান তথা উন্নয়নমূলক শিতানত চলিত বৰ্ষতকৈ বৰ বেছি ধন ধার্য কৰা হোৱা নাই বুলি জানিব পৰা গৈছে ৷

বাজেটখনত আগৰ বিত্তীয় বৰ্ষত আয়তকৈ ব্যয়ৰ পৰিমাণ যথেষ্ট বেছি হ'ব যদিও অতি কৌশলপূৰ্ণভাবে ঘাটিৰ পৰিমাণ কমকৈ দেখুওৱা হ'ব বুলিও চৰ্চা হৈছে । আনহাতে চৰকাৰে বাজেটত ৰাইজৰ মন জয় কৰিবলৈ ৰাজ্যখনৰ চৌদিশে বহুকেইখন উন্নয়নমূলক আঁচনিৰ সমান্তৰালকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণৰ কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে সেই সকলো ৰূপায়ণ কৰিবলৈ পুঁজি ক’ৰ পৰা আহিব তাৰ কোনো নির্দেশনা বাজেটখনত দিয়া হৈছে নে নাই সেয়া বাজেট দাখিলৰ পাছত স্পষ্ট হ'ব ।

লক্ষণীয় বিষয় যে চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ চলিত বিত্তীয় বৰ্ষতকৈ আগন্তুক বিত্তীয় বৰ্ষত সামান্য পৰিমাণেহে বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে । সেইফালৰ পৰা চলিত বৰ্ষৰ দৰে আগন্তুক বিত্তীয় বৰ্ষটো চৰকাৰখনে তীব্র আর্থিক সংকটৰ সন্মুখীন হৈ পুনৰ ঋণ ল'বলগীয়া হোৱাটো প্ৰায় নিশ্চিত । ইফালে ভোটৰ অংকত বিজেপি চৰকাৰখনে চাহ বাগান এলেকা, ৰাজ্যৰ চৰাঞ্চল, দুর্গম অঞ্চল, বনাঞ্চলত থকা লোককে ধৰি সকলো স্তৰৰ জনসাধাৰণক সামৰি বাজেটত একাধিক আঁচনি ঘোষণা কৰিব বুলি জানিব পৰা গৈছে । মুঠতে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটৰ অংকৰে আজি বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ মজিয়াত দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ বাজেট ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.