ETV Bharat / state

২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 6:01 PM IST

Bomb plan on Independence Day: গুৱাহাটী মহানগৰীৰ আঠটা স্থানৰ লগতে সমগ্ৰ অসমৰ ২৫ টা স্থানত আলফা স্বাধীনে বোমা সংস্থাপনৰ দাবী কৰা ঘটনাই ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত মতামত আগবঢ়াইছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

Bomb plan on Independence Day
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ১৫ আগষ্ট : ‘‘অসম আৰক্ষীয়ে আজি সমগ্ৰ ৰাজ্যতে বিস্ফোৰক সামগ্ৰীৰ সন্ধানত ব্যাপক অনুসন্ধান চলাইছে । গুৱাহাটীৰ দুটা ঠাইত সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হয়, যিবোৰ আৰক্ষীৰ বোমা নিষ্কাশন স্কোৱাডে খুলি পেলায় । এই সামগ্ৰীবোৰৰ ভিতৰত কিছুমান চাৰ্কিট আৰু বেটাৰী দেখা যায় যদিও ইগনিচন ডিভাইছ পোৱা নাই । ভিতৰৰ পদাৰ্থখিনি ফৰেনছিক/কেমিকেল পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । লখিমপুৰ, শিৱসাগৰ, নলবাৰী আৰু নগাঁৱত একেধৰণৰ সামগ্ৰী দেখা গৈছে, যিবোৰ নিৰাপদে নিষ্ক্ৰিয় কৰা হৈছে । এই সন্দৰ্ভত উপযুক্ত বৈধ তদন্ত আৰম্ভ কৰা হৈছে ।’’ ৰাজ্যৰ ২৫ টা স্থানত আলফা(স্বা)ই বোমা সংস্থাপন কৰা সন্দৰ্ভত সামাজিক মাধ্যমযোগে এই মন্তব্য আগবঢ়াইছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷

‘‘গুৱাহাটী মহানগৰীৰ আঠটা স্থানৰ ভিতৰত দুটা স্থানত বোমা সদৃশ বস্তু পোৱা গৈছে । কিন্তু এতিয়াও বোমা হয় নে নহয় সেয়া নিশ্চিত হোৱা নাই ।’’ এই মন্তব্য গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ । বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন স্থানত ২৫ টা বোমা সংস্থাপন কৰাৰ কথা সংবাদ মাধ্যমত বিবৃতি যোগে সদৰী কৰিছিল আলফা স্বাধীনে । কাৰিকৰী কাৰণত বোমাকেইটা বিস্ফোৰিত নোহোৱাৰ কথা উল্লেখ কৰি আলফা স্বাধীনে বোমা সংস্থাপনৰ স্থানসমূহ নিৰ্দিষ্ট কৰি দিছিল ।

আলফা স্বাধীনে বোমা সংস্থাপনৰ কথা ৰাজহুৱা কৰাৰ লগে লগে অসম আৰক্ষীয়ে যেন থৰকাচুতি হেৰুৱায় । লগে লগে সংশ্লিষ্ট স্থানসমূহত অভিযান চলাই আৰক্ষীয়ে । আলফা স্বাধীনে গুৱাহাটী মহানগৰীৰ আঠটা স্থানত বোমা সংস্থাপনৰ কথা সদৰী কৰিছিল । সেই অনুসৰি আঠটা স্থানত আৰক্ষীয়ে অভিযান চলায় । এই অভিযান সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘দুটা স্থানত বোমাসদৃশ যি বস্তু পোৱা গৈছে, সেইটো সাৱধানতা অৱলম্বন কৰি খোলা হৈছে । খোলাৰ পিছত তাত দেখা গ'ল যে চাৰ্কিট আছে আৰু বোমাসদৃশ যিটো চাৰ্কিট থাকিব লাগে সেইটো চাৰ্কিট আছে । কিন্তু তাত যিটো ফিগাৰিং মেকানিজিম তথা ডিটনেটিং মেকানিজিম থাকিব লাগে সেইটো নাই । বিস্ফোৰকৰ দৰে কিছুমান সামগ্ৰী তাত টেমাৰ ভিতৰত সংস্থাপিত কৰা পোৱা গৈছে । গতিকে আমি সাধাৰণভাৱে সেইটো বিস্ফোৰক হয় নে নহয় আমি ক'ব নোৱাৰো । সেইটো বিশেষজ্ঞই ক'ব পাৰিব কেমিকেল পৰীক্ষাৰ পাছত ।’’

‘‘গুৱাহাটীত যি আঠটা স্থানৰ কথা কোৱা হৈছিল তাৰ ভিতৰত ছটা স্থানত কোনো ধৰণৰ সন্দেহজনক বস্তু পোৱা নগ'ল । দুটা স্থান পানবজাৰ আৰু গান্ধীবস্তিত আমি বোমাসদৃশ বস্তু পাইছো । তাত চাৰ্কিট আছে আৰু ডিটনেটৰ আছে যদিও ফিগাৰিং মেকানিজম নাই । গতিকে কেমিকেল পৰীক্ষাৰ পাছতহে বোমা হয় নে নহয় বিতং ভাৱে ক'ব পৰা যাব ।’’ বৰাই লগতে কয় ৷

উল্লেখ্য যে আলফা স্বাধীনে গুৱাহাটীৰ দিছপুৰ লাষ্টগেট, গান্ধী মণ্ডপৰ সমীপত, নাৰেংগী, পানবজাৰ, যোৰাবাট, ভেটাপাৰা, মালিগাঁও আৰু ৰাজগড়ত বোমা সংস্থাপন কৰা বুলি দাবী কৰিছিল ।

লগতে পঢ়ক: আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 25 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

পাণবজাৰত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ: গুৱাহাটীৰ 8 টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বাঃ)ৰ - ULFA I Bomb plans

লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.